স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

এদিনতে ৯লাখ নমূনা পৰীক্ষাৰে নতুন অভিলেখ ভাৰতৰ

এটা দিনত সৰ্বাধিক ৫৭,৫৮৪জন ৰোগীৰ আৰোগ্যৰ অভিলেখ

আক্ৰান্ত ৰোগীতকৈ আৰোগ্যৰ সংখ্যাৰ ১৩লাখ অধিক হৈছে

Posted On: 18 AUG 2020 1:21PM by PIB Guwahati

ভাৰতে ক’ভিড-১৯ৰ পৰীক্ষাৰ ক্ষেত্ৰত আন এক অভিলেখ ৰচনা কৰিছে৷ বৰ্তমানলৈকে কৰা এটা দিনৰ পৰীক্ষাৰ ভিতৰত প্ৰায় ৯ লাখ পৰীক্ষণ সম্পন্ন হৈছে৷ ইয়াৰ জৰিয়তে দেশত মুঠ নমূনা পৰীক্ষাৰ সংখ্যা ৩,০৯,৪১,২৬৪টা হৈছে৷

ইমান বৃহ সংখ্যক পৰীক্ষণৰ পাছতো দেশত সাপ্তাহিক ৰাষ্ট্ৰীয় গড় হাৰ ৮.৮৪%ৰ পৰা ৮.৮১%লৈ নিম্নগামী হৈছে৷

বিগত ২৪ ঘণ্টাত ভাৰতত এটা দিনত সৰ্বাধিক ৫৭,৫৮৪গৰাকী ৰোগী আৰোগ্য হৈছে৷ এয়া একে সময়ঠোৱাত আক্ৰান্ত লোক(৫৫,০৭৯)তকৈ অধিক৷ অধিক মাত্ৰাত ৰোগীৰ আৰোগ্য আৰু ডিছচাৰ্জড দিয়াৰ জৰিয়তে আৰোগ্য লোকৰ সংখ্যা ১৯,৭৭,৭৭৯গৰাকীলৈ বৃদ্ধি পাইছে৷ ইয়াৰ জৰিয়তে আক্ৰান্ত ৰোগী আৰু আৰোগ্যৰ মাজৰ ব্যৱধান ১৩,০৪,৬১৩লৈ বৃদ্ধি পাইছে৷

আৰোগ্য ৰোগীৰ সংখ্যা ধাৰাবাহিকভাৱে বৰ্ধিত আৰোগ্যৰ হাৰ ৭৩.১৮%লৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যুৰ হাৰ ১.৯২%লৈ নিম্নগামী হৈছে৷ কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে পৰীক্ষা, চিনাক্ত, চিকিসা কৌশলৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদানৰ ফলত ৩০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ নিম্ন লৈ হৈছে৷

Image

বৰ্তমান দেশত চিকিসাধীনত ৰোগীৰ সংখ্যা ৬,৭৩,১৬৬ হৈছে, যিটো মুঠ আক্ৰান্তৰ ২৪.৯১%৷ ইফালে পৰ্যায়ক্ৰমে পৰীক্ষা সুবিধা বৃদ্ধিৰ জৰিয়তে দেশত বৰ্তমানলৈকে পৰীক্ষাগাৰৰ সংখ্যা ১৪৭৬টা লৈ বৃদ্ধি পাইছে৷ ইয়াৰে ৯৭১টা চৰকাৰী আৰু ৫০৫টা বেচৰকাৰী পৰীক্ষাগাৰ৷ সেইবোৰ হৈছে-

সঠিক সময়ত আৰটি-পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৭৫৫(চৰকাৰীঃ৪৫০+ব্যক্তিগতঃ৩০৫)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৬০৪(চৰকাৰীঃ৪৮৭+ব্যক্তিগতঃ১১৭)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ১১৭(চৰকাৰীঃ৩৪+ব্যক্তিগতঃ৮৩)

 

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

 

****

MV/SJ/DB



(Release ID: 1646669) Visitor Counter : 179