সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়

মুখ্টাৰ অব্বাচ নকবীঃ মহামাৰীৰ বিপদে ভাৰতীয়ৰ বাবে যতন, অংগীকাৰ আৰু বিশ্বাসৰ ইতিবাচক সময়কালৰ প্ৰমাণিত কৰিলে, যিয়ে সমগ্ৰ বিশ্বৰ মানৱতাৰ বাবেই উদাহৰণ দাঙি ধৰিলে

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ৰ অধীনত এনএমডিএফচিয়ে চিএছআৰৰ অধীনত নতুন দিল্লীস্থিত হলি ফেমিলী হাস্পতালক প্ৰদান কৰা ম’বাইল ক্লিনিকৰ ফ্লেগ অফ

ইয়াত সংযুক্ত কৰা হৈছে যিকোনো সংকটজনক ৰোগীৰ বাবেই অতি প্ৰয়োজনীয় আৰু জীৱনৰক্ষাকাৰী আহিলা ইমাৰ্জেন্সী মাল্টি পেৰা মনিটৰ, অক্সিজেনৰ সুবিধা আৰু অট’ ল’ডিং ষ্ট্ৰেচাৰ

মুখ্টাৰ অব্বাচ নকবীঃ “ক’ৰোনা ৰোগীৰ চিকিৎসাত সহায় কৰি থকা ১৫০০ স্বাস্থ্য সেৱা সহায়কক সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ৰ দক্ষতা বিকাশ কাৰ্যক্ৰমৰ অধীনত প্ৰশিক্ষণ দিয়া হয়”

“ক’ৰোনা সংক্ৰমিত ৰোগীৰ কোৱাৰেন্টাইন আৰু আইছ’লেশ্যনৰ অৰ্থে সমগ্ৰ দেশৰ ১৬ টা হজ গৃহ সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক অৰ্পণ কৰা হৈছে”

Posted On: 17 AUG 2020 11:47AM by PIB Guwahati

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী মুখ্টাৰ অব্বাচ নকবীয়ে আজি ইয়াত কয় যে মহামাৰীৰ বিপদে ভাৰতীয়ৰ বাবে যতন, অংগীকাৰ আৰু বিশ্বাসৰ ইতিবাচক সময়কালৰ প্ৰমাণিত কৰিলে, যিয়ে সমগ্ৰ বিশ্বৰ মানৱতাৰ বাবেই উদাহৰণ দাঙি ধৰিলে।

নতুন দিল্লীস্থিত হলি ফেমিলী হাস্পতাললৈ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয় আৰু ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগম (NMDFC)এ আগবঢ়োৱা শেহতীয়া স্বাস্থ্য সেৱাৰ সা-সুবিধাসমূহৰে পৰিপূৰ্ণ ম’বাইল ক্লিনিকৰ ফ্লেগ অফ কৰি শ্ৰী নকবীয়ে কয় যে মানুহৰ জীৱন যাত্ৰা আৰু কৰ্ম সংস্কৃতিৰ লক্ষ্যণীয় পৰিৱৰ্তন ঘটিছে। সমাজৰ সেৱা আৰু দায়বদ্ধতাৰ প্ৰতি এতিয়া জনসাধাৰণ অধিক অংগীকাৰবদ্ধ হৈ পৰিছে।

শ্ৰী নকবীয়ে কয় যে ক’ৰোনা মহামাৰীৰ সময়ছোৱাত জনসাধাৰণৰ প্ৰগাঢ় অংগীকাৰ আৰু চৰকাৰখনৰ শক্তিশালী ইচ্ছাৰ ফলশ্ৰুতিত স্বাস্থ্য খণ্ডত ভাৰত ক্ষীপ্ৰতাৰে আত্ম-নিৰ্ভৰ হৈ উঠে। ভাৰত কেৱল এন-৯৫ মাস্ক, পিপিই, ভেন্টিলেটৰ আৰু সা-সঁজুলি উৎপাদনেৰে আত্ম-নিৰ্ভৰ হৈ উঠাই নহয়; বৰঞ্চ দেশখনে আন ৰাষ্ট্ৰসমূহকো সহায় কৰিবলৈ সক্ষম হৈছে।

শ্ৰী নকবীয়ে কয় যে আমাৰ দেশখনত ক’ৰোনাৰ টেষ্টিঙৰ বাবে আৰম্ভণিতে মাত্ৰ এটা পৰীক্ষাগাৰ আছিল।আজি দেশখনৰ প্ৰতিটো প্ৰান্তক সামৰি ১৪০০ টা পৰীক্ষাগাৰৰ নেটৱৰ্ক আছে। ’ৰোনা সংকটৰ প্ৰাৰম্ভিক পৰ্যায়ত, এদিনত মাত্ৰ ৩০০ টা টেষ্ট কৰিব পৰা গৈছিল, কিন্তু অতি কম সময়ৰ ভিতৰতে, আজি আমি প্ৰতিদিনে ৭ লাখৰো অধিক টেষ্ট কৰিব পাৰো”, তেওঁ কয়। তেওঁ লগতে কয়, “ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য অভিযানৰ শুভাৰম্ভ কৰা হৈছে। প্ৰতিজন ভাৰতীয়কে এটা হেল্থ আইডি প্ৰদান কৰা হ’ব। ভাৰতৰ স্বাস্থ্য খণ্ডত ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য অভিযানে নতুন বিপ্লৱৰ সূচনা কৰিব। এগৰাকী লোকৰ সকলোবোৰ টেষ্ট, প্ৰতিটো ৰোগ, কোনজন চিকিৎসকে কোনবিধ ঔষধ প্ৰদান কৰিছে, ৰিপ’ৰ্টসমূহ আদি সকলোবোৰ তথ্য এটা হেল্থ আইডিতে মজুত হৈ থাকিব।

শ্ৰী নকবীয়ে কয় যে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য সেৱা আঁচনি “মোদী কেয়াৰ” জনসাধাৰণৰ স্বাস্থ্য আৰু কল্যাণৰ নিশ্চিতি হৈ উঠিছে।মোদী কেয়াৰএ দেশৰ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশক সামৰি লৈছে। স্বাস্থ্য সেৱা খণ্ডত যোৱা ৬ টা বছৰে চৰকাৰখনৰদ্বাৰা গ্ৰহণ কৰা পদক্ষেপে বৃহৎ জনসংখ্যা সত্বেও, ’ৰোনা মহামাৰীৰ প্ৰভাৱ প্ৰতিহতকৰণত ভাৰতে বৃহৎ সফলতা অৰ্জন কৰিছে।

শ্ৰী নকবীয়ে কয় যে স্বাস্থ্য সেৱা সুবিধাসমূহৰ আধুনিকীকৰণৰ অৰ্থে চৰকাৰখনে নিৰৱচ্ছিন্নভাৱে প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। দেশখনত ২২ খন নতুন এইমছ আৰু ১৫৭ খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে। পাঁচটা বছৰত, ৪৫ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীৰ বাবে এমবিবিএছ আৰু এমডি পাঠ্যক্ৰমৰ আসন বৃদ্ধি পাইছে। গাঁওসমূহত ১.৫ লাখৰো অধিক কল্যাণ কেন্দ্ৰআৰম্ভ কৰা হৈছে। এইকল্যাণ কেন্দ্ৰসমূহে ক’ৰোনা মহামাৰীৰ সময়ত গাঁওসমূহক ব্যাপকভাৱে সহায় আগবঢ়াইছে।

শ্ৰী নকবীয়ে কয় যে ক’ৰোনাৰ সময়ছোৱাত, চৰকাৰখনে ৮০ কোটিৰো অধিক লোকলৈ বিনামূলীয়া ৰেচন আগবঢ়াইছে; প্ৰায় ৯০ হাজাৰ কোটি টকা অভাৱী লোকসকলৰ বেংক একাউন্টলৈ প্ৰত্যক্ষভাৱে হস্তান্তৰিত কৰা গৈছে। এই বিশাল ব্যৱস্থাসমূহে সংকটটোক দুৰ্যোগলৈ পৰিণত হোৱাৰ পৰা ৰক্ষা কৰিছে।

শ্ৰী নকবীয়ে কয় যে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ৰ দক্ষতা বিকাশ কাৰ্যক্ৰমৰ অধীনত ১৫০০ ৰোধিক অধিক স্বাস্থ্য সেৱা সহায়কাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল আৰু এতিয়া তেওঁলোকে ক’ৰোনা ৰোগীসকলৰ চিকিৎসা প্ৰদানত সহায় আগবঢ়াই আছে। এই স্বাস্থ্য সেৱা সহায়কাৰীসকলৰ ভিতৰত ৫০ শতাংশ আছিল মহিলা যিয়ে দেশৰ ভিন্ন প্ৰান্তৰ চিকিৎসালয় আৰু স্বাস্থ্য সেৱা কেন্দ্ৰসমূহত ক’ৰোনা ৰোগীসকলৰ চিকিৎসাত সহায় আগবঢ়াই আছে। এই বৰ্ষত, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ে ২০০০ ৰোধিক আন স্বাস্থ্য সেৱা সহায়কাৰীক প্ৰশিক্ষণ প্ৰদান কৰিব।

দেশখনৰ ভিন্ন স্বাস্থ্য সংস্থা আৰু বিশিষ্ট চিকিৎসালয়সমূহৰ জৰিয়তে মন্ত্ৰণালয়টোৱে স্বাস্থ্য সেৱা সহায়কাৰীৰ বাবে এবছৰীয়া প্ৰশিক্ষণ আগবঢ়াই আছে। ’ৰোনা সংক্ৰমিত লোকসকলৰ কোৱাৰেন্টাইন আৰু আইছ’লেশ্যনৰ অৰ্থে দেশখনৰ ভিন্ন প্ৰান্তৰ ১৬ টা হজ গৃহ সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক প্ৰদান কৰা হয়। বহু ৰাজ্য চৰকাৰে এই হজ গৃহসমূহ তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি ব্যৱহাৰ কৰি আছে।

শ্ৰী নকবীয়ে কয় যে চিএছআৰ কাৰ্যক্ৰমৰ অধীনত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ৰ এনএমডিএফচিয়ে আগবঢ়োৱা ম’বাইল ক্লিনিকখন, নতুন দিল্লীস্থিত হলি ফেমিলী হাস্পতালে দুখীয়া, দুৰ্বল শ্ৰেণীটোক শেহতীয়া স্বাস্থ্য সুবিধা প্ৰদানৰ অৰ্থে ব্যৱহাৰ কৰিব। ইয়াত সংযুক্ত কৰা হৈছে যিকোনো সংকটজনক ৰোগীৰ বাবেই অতি প্ৰয়োজনীয় আৰু জীৱনৰক্ষাকাৰী আহিলা ইমাৰ্জেন্সী মাল্টি পেৰা মনিটৰ, অক্সিজেনৰ সুবিধা আৰু অট’ ল’ডিং ষ্ট্ৰেচাৰ।

শ্ৰী নকবীয়ে কয় যে এনএমডিএফচিয়ে তদুপৰি যুদ্ধৰ সময়ত অসক্ষম হৈ পৰা জোৱানসকলৰ চিকিৎসাৰ অৰ্থে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ ম’হালিস্থিত পেৰাপ্লেজিক ৰিহেবিলিটেশ্যন চেন্টাৰ (পিআৰচি)লৈ ম’ডিফাইড স্কুটাৰ, ফিজিঅ’থেৰাপিত ব্যৱহৃত সা-সঁজুলি আৰু আন প্ৰয়োজনীয় সা-সৰঞ্জাম প্ৰদানেৰে সহায় আগবঢ়াইছে। এই আহিলাসমূহে জোৱানসকলৰ এটা সাধাৰণ জীৱন যাত্ৰাত সহায় কৰিছে।

এই কাৰ্যসূচীত দিল্লীৰ আৰ্কবিছপ ৰেভাৰেণ্ড অনিল কৌটু; সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ৰ সচিব শ্ৰী পি.কে. দাস; হলি ফেমিলী হাস্পতালৰ সঞ্চালক ফাডাৰ জৰ্জ; এনএমডিএফচিৰ চিএমডি শ্ৰী শ্বাহবাজ আলী আৰু আন বিশিষ্ট লোকসকলো উপস্থিত থাকে।

*****

NB/KGS/SB



(Release ID: 1646539) Visitor Counter : 154