গৃহ মন্ত্ৰালয়

আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ শুভেচ্ছা বাণী

‘যুৱ-প্ৰজন্ম যি কোনো ৰাষ্ট্ৰৰ বাবেই মহা শক্তিৰ আধাৰ, সম্পদ। দূৰন্ত আকাংক্ষা আৰু দক্ষতাৰে সমৃদ্ধ যুৱ-শক্তিক লৈ ভাৰত বাস্তৱিকতেই আশিষধন্য হৈছে’

‘সুযোগকক নিজৰ ভাঁজত গঢ়াৰ ক্ষেত্ৰত দক্ষ আৰু অত্যুত্সাহী যুৱক-যুৱতীসকল দৰাচলতেই সক্ষম’

আমাৰ যুৱক-যুৱতীসকলৰ অদম্য সম্ভাৱনাক পূৰ্ণতা দিয়াৰ লক্ষ্যৰেই মোডী চৰকাৰে ‘দক্ষ ভাৰত’, ‘ষ্টাৰ্ট-আপ ইণ্ডিয়া’, ‘মে’ক ইন ইণ্ডিয়া’, ‘এনইপি’ আদি কাৰ্যক্ৰম ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে’

‘যুৱ প্ৰজন্মই প্ৰধানমন্ত্ৰীৰ নতুন ভাৰতৰ দৃষ্টিভংগীক সাকাৰ কৰাৰ বাবে আহোপুৰুষাৰ্থ কৰিব বুলি মই নিশ্চিত'

পোষ্ট কৰা হৈছে: 12 AUG 2020 1:21PM by PIB Guwahati

আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে আজি কেন্দ্ৰীয় গৃহ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অমিত শ্বাহে শুভ কামনা জ্ঞাপন কৰিছে। এই সন্দৰ্ভত প্ৰেৰণ কৰা এলানি টুইট বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয়, ‘যুৱ-প্ৰজন্ম যি কোনো ৰাষ্ট্ৰৰ বাবেই মহা শক্তিৰ আধাৰ, সম্পদ। দূৰন্ত আকাংক্ষা আৰু দক্ষতাৰে সমৃদ্ধ যুৱ-শক্তিক লৈ ভাৰত বাস্তৱিকতেই আশিষধন্য হৈছে’।

‘সুযোগকক নিজৰ ভাঁজত গঢ়াৰ ক্ষেত্ৰত দক্ষ আৰু অত্যুত্সাহী যুৱক-যুৱতীসকল দৰাচলতেই সক্ষম’।

আমাৰ যুৱক-যুৱতীসকলৰ অদম্য সম্ভাৱনাক পূৰ্ণতা দিয়াৰ লক্ষ্যৰেই মোডী চৰকাৰে ‘দক্ষ ভাৰত’, ‘ষ্টাৰ্ট-আপ ইণ্ডিয়া’, ‘মে’ক ইন ইণ্ডিয়া’, ‘এনইপি’ আদি কাৰ্যক্ৰম ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে’।

‘যুৱ প্ৰজন্মই প্ৰধানমন্ত্ৰীৰ নতুন ভাৰতৰ দৃষ্টিভংগীক  সাকাৰ কৰাৰ বাবে আহোপুৰুষাৰ্থ কৰিব বুলি মই নিশ্চিত’।

*****

NW/RK/PK/AD/SS/DDD/KB


(ৰিলিজ আই ডি : 1645416) অতিথি কক্ষ : 175