PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 12 AUG 2020 6:38PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

Image

এদিনতে সৰ্বাধিত ৫৬,১১০ জন লোকে আৰোগ্য লাভ কৰিছে; ভাৰতত আৰোগ্যৰ হাৰ ৭০%লৈ বৃদ্ধি পাইছে; ভাৰতত এদিনতে সৰ্বাধিক ৭,৩৩,৪৪৯ টা পৰীক্ষণ সম্পন্ন হৈছে

বিগত ২৪ ঘণ্টাত ৫৬,১১০ সংখ্যক লোকে আৰোগ্য লাভ কৰিছে৷ কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয়শাসিত চৰকাৰৰ ঐক্যৱদ্ধ প্ৰয়াসৰ ফলত দৈনিক গড় আৰোগ্যৰ সংখ্যা বৃদ্ধি পাইছে৷  জুলাইৰ প্ৰথম সপ্তাহত ১৫০০০ৰ গড় আৰোগ্যৰ পৰা আৰম্ভ কৰি আগষ্টৰ প্ৰথম সপ্তাহত ৫০০০০ত কৈ অধিক গড় আৰোগ্যৰ সংখ্যা বৃদ্ধি পাইছে৷

এই পৰ্যন্ত মুঠ আৰোগ্যৰ সংখ্যা ১৬ লক্ষাধিক হৈ ১৬,৩৯,৫৯৯ৰ সীমা স্পৰ্শ কৰিছে৷ আৰোগ্যৰ হাৰ ৭০.৩৮%লৈ বৃদ্ধি পাইছে৷

দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৬,৪৩,৯৪৮ জন আছে যি মুঠ সক্ৰিয় ৰোগীৰ ২৭.৬৪%৷ সক্ৰিয় ৰোগী আৰু আৰোগ্য লোকৰ মাজৰ ব্যৱধান প্ৰায় ১০ লক্ষ হৈছে৷

দেশৰ মৃত্যুৰ হাৰ বিশ্বৰ মৃত্যুৰ হাৰৰ তুলনাত সবাতোকৈ নিম্ন হৈছে আৰু এয়া বৰ্তমানে ১.৯৮% হৈছে৷

ভাৰতৰ পৰীক্ষণ, অনুসৰণ, চিকিৎসা কৌশলৰ জৰিয়তে বিগত ২৪ ঘণ্টাত ৭,৩৩,৪৪৯ টা পৰীক্ষণ সম্পন্ন হৈছে৷ ইয়াৰ জৰিয়তে মুঠ পৰীক্ষণ ২.৬ কোটিতকৈও অধিক হৈছে৷

ভাৰতত বৰ্তমানে ১৪২১ টা গৱেষণাগাৰত পৰীক্ষণসমূহ সম্পন্ন হৈ আছে৷ ইয়াৰে ৯৪৪টা হ’ল চৰকাৰী খণ্ডৰ আৰু ৪৭৭টা হ’ল ব্যক্তিগত খণ্ডৰ৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ৰ বাবে প্ৰতিষেধক প্ৰশাসনৰ ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোটে ক’ভিড-১৯ৰ প্ৰতিষেধকৰ উপলব্ধতা আৰু ইয়াৰ যোগান প্ৰণালী নিশ্চিত কৰাৰ ৰণনীতি সম্পৰ্কত আলোচনা কৰে

নিটি আয়োগৰ সদ্যস্য ড ভি কে পাল আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিবৰ সহ-সভাপতিত্বত ক’ভিড-১৯ৰ বাবে প্ৰতিষেধক প্ৰশাসনৰ ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোটে আজি প্ৰথমবাৰলৈ এখন বৈঠকৰ আয়োজন কৰিছে৷ বিশেষজ্ঞৰ গোটটোৱে প্ৰতিষেধকৰ যোগান ব্যৱস্থাপনা আৰু প্ৰণয়ন ব্যৱস্থাপনা সন্দৰ্ভত এক ধাৰণাত্মক ব্যাখ্যা আগবঢ়াইছে৷

অধিক বিৱৰণৰ বাবে

 

১৩ আগষ্ট ২০২০ তাৰিখে ‘‘স্বচ্ছ কৰ ব্যৱস্থা- সততাক সন্মান’’ প্লেটফ’ৰ্ম মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে কাইলৈ ‘‘স্বচ্ছ কৰ ব্যৱস্থা-সততাক সন্মান’’ শীৰ্ষক এক প্লেটফ’ৰ্ম ভিডিঅ’ কনফাৰেন্সযোগে মুকলি কৰিব৷ শেহতীয়া বৰ্ষকেইটাত চিবিডিটিয়ে বিভিন্ন ধৰণৰ কৰ সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে এই প্লেটফ’ৰ্ম মুকলি কৰাৰ জৰিয়তে প্ৰত্যক্ষ কৰ সংস্কাৰৰ পথ মুকলি হোৱাত সহায়ক হ’ব৷

অধিক বিৱৰণৰ বাবে

 

ইতিহাসৰ সম্পূৰ্ণ প্ৰামাণিক যথাৰ্থক ব্যাপকভাৱে প্ৰকাশ কৰাটো আৱশ্যকঃ উপ ৰাষ্ট্ৰপতি

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুৱে আজি ঐতিহাসিক অনুষ্ঠানসমূহৰ পৰিপ্ৰেক্ষিতত এক ব্যাপক, প্ৰমাণীকৃতভাৱে প্ৰকাশ হোৱাটো আৱশ্যক বুলি মন্তব্য প্ৰদান কৰে৷ আজি এখন গ্ৰন্থ উন্মোচনী সভাত ভাষণ প্ৰদান কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে  আমাৰ তৰুণ প্ৰজন্মই ভাৰতৰ ইতিহাস সন্দৰ্ভত অৱগত হোৱাটো প্ৰয়োজন বুলি উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত ৫ লক্ষাধিক আবেদন লাভ হৈছে

প্ৰধানমন্ত্ৰী পথৰ ব্যৱসায়ী আত্মনিৰ্ভৰ নিধি (পিএম স্বনিধি) আঁচনিৰ অধীনত ঋণ অনুমোদন আৰু আবেদনৰ সংখ্যাই যথাক্ৰমে ১ লাখ আৰু ৫ লাখৰ সংখ্যা অতিক্ৰম কৰিছে৷ প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিয়ে পদপথৰ  ব্যৱসায়ীসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • পাঞ্জাৱঃ ক’ভিডৰ ফলত পাঞ্জাৱত প্ৰথম ত্ৰিমাসিকত ৫০%ৰ ৰাজহ ঘাটি হৈছে৷ এই তথ্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে৷
  • হিমাচল প্ৰদেশঃ ই-সঞ্জীৱনী প’ৰ্টেলত ভাৰতত সৰ্বাধিক সংখ্যক পঞ্জীয়নৰ সংখ্যাৰে হিমাচল প্ৰদেশ তিনি নম্বৰ স্থানত আছে৷
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত ক’ভিড-১৯ৰ দ্বিতীয়টো পৰ্যায় যাতে সংঘটিত নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে প্ৰকাশ কৰিছে৷ মুম্বাইত সক্ৰিয় ৰোগীৰ সংখ্যা ২০ হাজাৰৰ তললৈ নামিছে৷
  • গুজৰাটঃ ৰাজ্যখনৰ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪,১২৫ জনে৷ আৰোগ্যৰ হাৰ ৭৭%লৈ বৃদ্ধি পাইছে৷
  • ৰাজস্থানঃ মঙলবাৰে এদিনতে ১২১৭ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷
  • মধ্য প্ৰদেশঃ ৰাজ্যখনত আৰোগ্যৰ হাৰ ৭৫ শতাংশৰ অধিক হৈছে বুলি মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে৷
  • চট্টিশগড়ঃ বিধানসভাৰ অধ্যক্ষ চৰণ দাস মহন্তই কয় যে ক’ৰোনা মহামাৰীৰ সময়ছোৱাত অধিৱেশন যাতে সুৰক্ষিতভাৱে অনুষ্ঠিত কৰিব পাৰি তাৰবাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷
  • কেৰালাঃ বৰ্তমানে ১২,৭২১ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে আৰু ১.৪৯ লাখ লোক ৰাজ্যখনৰ নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩,০৮,৬৪৯ জন আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫২,৮১০ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৮৮,৬১১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৯,৬০৬ জন৷ মুঠ মৃত্যুৰ সংখ্যা হ’ল ৩৩৯৮ জন৷ ১,০৫,৫৯৯ জনক মুকলি কৰি দিয়া হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ কালি ৯০২৪ জন নতুন ৰোগী চিনাক্ত আৰু ৮৭জনৰ মৃত্যু হোৱাৰ লগতে মুঠ ৰোগীৰ সংখ্যা হৈছে ২,৪৪,৫৪৯ জন৷ মুঠ ২২০৩ জনৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৮৪,৫৪৪৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২২,৫৯৬ জন৷ ৬৫৪ জনৰ মৃ্ত্যু হৈছে৷ ৬১,২৯৪ জনক মুকলি কৰি দিয়া হৈছে৷

 

ফেক্ট চেক



(Release ID: 1645407) Visitor Counter : 203