তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ তৃতীয় বৰ্ষপূৰ্তিত তেওঁৰ ই-বুক ‘কানেক্টিং, কমিউনিকেটিং, চেনঞ্জিং’ উন্মোচন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে

Posted On: 11 AUG 2020 1:16PM by PIB Guwahati

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ ডাভড়েকাৰে আজি ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ তৃতীয় বৰ্ষপূৰ্তিত তেওঁৰ -বুককানেক্টিং, কমিউনিকেটিং, চেনঞ্জিং উন্মোচন কৰে৷ উপ-ৰাষ্ট্ৰপতিৰ নতুন দিল্লীস্থিত আৱাসত অনুষ্ঠিত এই অনুষ্ঠানতে -বুকৰ কফি টেবুল ছপা সংস্কৰণো উন্মোচন কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে৷ 

প্ৰকাশন বিভাগে প্ৰকাশ কৰা এই ২৫০ পৃষ্ঠাৰ গ্ৰন্থখনত ভাৰত আৰু বিদেশত উপ-ৰাষ্ট্ৰপতিৰ যাত্ৰাসমূহৰ লগতে তেওঁৰ পৰিৱৰ্তনশীল কাম-কাজসমূহ শব্দ আৰু ছবিৰ জৰিয়তে সদৰি কৰিছে৷ ইয়াত কৃষক, বৈজ্ঞানিক, চিকিসক, যুৱক-যুৱতী, প্ৰশাসক, মুখ্য উদ্যোগপতি আৰু শিল্পীৰ সৈতে তেওঁৰ মত-বিনিময়ৰ সন্দৰ্ভতো আলোকপাত কৰা হৈছে৷

গ্ৰন্থখনত উপ-ৰাষ্ট্ৰপতিৰ বিদেশ যাত্ৰা, বিশ্ব নেতাসকলৰ সৈতে তেওঁৰ মন বিনিময় আৰু বিভিন্ন দেশত প্ৰৱাসী ভাৰতীয়সকলক উদ্দেশ্যি তেওঁ আগবঢ়োৱা ভাষণৰ লগতে বিভিন্ন কাৰ্যসূচীও সন্নিৱিষ্ট কৰা হৈছে৷

-বুক উন্মোচন কৰি কেন্দ্ৰীয় মন্ত্ৰী জাভড়েকাৰে কয় যে এই গ্ৰন্থখনত সংবাদ সেৱাৰ সৈতে জড়িত লোক তথা পৰিৱৰ্তনশীলৰ ভাৰতৰ বিষয়ে লিখা হৈছে আৰু ইয়াৰ তৃতীয় সংস্কৰণ সেইসকলৰ ছাত্ৰৰ বাবে অতি উপযোগী , যিসকলে উপ-ৰাষ্ট্ৰপতিৰ ভাষণসমূহ অনুসৰণ কৰিব বিচাৰে৷ তেওঁ কয় যে গ্ৰন্থখন উন্নত চিন্তাধাৰাৰ পৰিপূৰ্ণ আৰু ইয়াত ভাষাৰ সমাহাৰ পৰিলক্ষিত হৈছে৷ তেওঁ এই গ্ৰন্থ প্ৰকাশ কৰাৰ বাবে প্ৰকাশন বিভাগৰ অভিনন্দন জ্ঞাপন কৰে৷

এই উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে বাকপটুতা এক কলা৷ উপ-ৰাষ্ট্ৰপতিয়ে অন্তৰৰ পৰা সকলো কথা কয় আৰু তেওঁৰ ভাষণ, তেওঁৰ চিন্তাধাৰাৰ প্ৰতিফলন৷ তেওঁ কয় যে এখন ভাল গ্ৰন্থ এনে এক ডাঙৰ উপহাৰ, যি এটা প্ৰজন্মই আনটো প্ৰজন্মক দিব পাৰে৷

উপ-ৰাষ্ট্ৰপতিতে তেওঁৰ ভাষণত কয় যে প্ৰকাশনে বিশেষভাৱে তেওঁৰ মিচনক সফল ৰূপ দিছে৷ তেওঁ কয় যে যোৱা বছৰটো অতি ব্যস্ত সূচী আছিল৷ প্ৰতি মাহত প্ৰায় ২০টা ৰাজহুৱা অনুষ্ঠান, ১৪ দীক্ষান্ত সমাৰোহ আৰু প্ৰায় ৭০টা ৰাজহুৱা অনুষ্ঠানত ভাষণ দিবলগীয়া  হৈছিল৷ তেওঁ বিশেষকৈ কৃষক, যুৱপ্ৰজন্ম, বৈজ্ঞানিক, প্ৰশাসক, উদ্যোগপতি, চিকিসক আৰু প্ৰৱাসী ভাৰতীয়ৰ সৈতে বাৰ্তালাপ কৰিছে৷

এই উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ সচিব অমিত খাৰে কয় যে এই গ্ৰন্থখনে সমাজৰ সকলো শ্ৰেণীৰ লোকক প্ৰেৰণা যোগাব৷

এই গ্ৰন্থখন ছপা আৰু অনলাইন উভয় মাধ্যমতে পোৱা যাব৷ গ্ৰন্থখনৰ মূল্য ছপা আকাৰত ১,৫০০ আৰু অনলাইনত ১,১২৫টকা৷

পি-বুকৰ বাবে ইয়াত ক্লিক কৰক-

http://www.publicationsdivision.nic.in/index.php?route=product/product&product_id=3693

-বুকৰ বাবে ইয়াত ক্লিক কৰক -

https://www.publicationsdivision.nic.in/index.php?route=product/product&product_id=3694

গুগল বুক লিংকৰ বাবে ইয়াত ক্লিক কৰক -

https://books.google.co.in/books/about/CONNECTING_COMMUNICATING_CHANGING_ENGLIS.html?id=w2n2DwAAQBAJ&redir_esc=y

 

*******

Saurabh Singh/DB



(Release ID: 1645045) Visitor Counter : 157