প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আন্দামান নিকোবৰ দ্বীপপূঞ্জ(চিএএনআই)লৈ ‘ছাবমেৰিন কেবল কানেক্টিভিটী’ৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে

এই যোগাযোগ ব্যৱস্থাই আন্দামান নিকোবৰ দ্বীপপূঞ্জলৈ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব
‘ইজ অব বিজনেছ’ আৰু সমুদ্ৰ পথেৰে বয়-বস্তুৰ সৰবৰাহ প্ৰক্ৰিয়া সুচল কৰাত গুৰুত্ব দিছে চৰকাৰে : প্ৰধানমন্ত্ৰী

বন্দৰ ভিত্তিক বিকাশৰে বিকশিত হ’ব আন্দামান নিকোবৰ দ্বীপপূঞ্জ : প্ৰধানমন্ত্ৰী
আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক বাণিজ্যৰ বাবে গুৰুত্বপূৰ্ণ বন্দৰৰূপে পৰিগণিত হ’ব আন্দামান নিকোবৰ দ্বীপপূঞ্জ

प्रविष्टि तिथि: 10 AUG 2020 12:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে আন্দামান নিকোবৰ দ্বীপপূঞ্জ(চিএএনআই)ক দেশৰ মূল ভূ-খণ্ডৰে সংযোগ কৰি স্থাপন কৰা ‘সাগৰ-বক্ষৰে ফাইবাৰ অপ্তিকেল কেবলৰ সংযোগ(ছাবমেৰিন কেবল কানেক্টিভিটী) সেৱা’ৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰাৰ লগতে এই সেৱা ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰে। উল্লেখ্য যে, ২০১৮ চনৰ ৩০ ডিচেম্বৰত পোৰ্ট ব্লেয়াৰত এই প্ৰকল্পৰ আধাশিলা স্থাপন কৰা হৈছিল।

শুভাৰম্ভ অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, এই যোগাযোগ ব্যৱস্থাই আন্দামান নিকোবৰ দ্বীপপূঞ্জলৈ অপাৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিব। সাগৰ-বক্ষৰে ২৩০০কিলোমিটাৰ দৈৰ্ঘ্যৰ কেবল সংস্থাপিত কৰা আৰু তাকো নিৰ্দ্ধাৰিত সময়সীমাৰ আগতেই সম্পূৰ্ণ কৰা কথা বাস্তৱিকতেই প্ৰশংসনীয় বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰসংগক্ৰমে তেওঁ, ইতিমধ্যে আজিৰে পৰাই চেন্নাইৰ পৰা পোৰ্ট ব্লেয়াৰ, পোৰ্ট ব্লেয়াৰৰ পৰা লিটল আন্দামান আৰু পোৰ্ট ব্লেয়াৰৰ পৰা স্বৰাজ দ্বীপপূঞ্জকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ দ্বীপসমূহলৈ কেবল সেৱা আৰম্ভ হোৱাৰ কথা সদৰী কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, ‘সমুদ্ৰৰ গভীৰৰে প্ৰায় ২৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কেবল সংস্থাপিত কৰাৰ সম্ভাৱনীয়তা সন্দৰ্ভত প্ৰয়োজন হোৱা বিশেষ জৰীপ সফলতাৰে সম্পন্ন কৰি, কেবলসমূহৰ মানৰ হীন-দেঢ়ি নোহোৱাকৈ ৰাখি, বিশেষ ধৰণৰ জাহাজৰে এইসমূহ কেবল সংস্থাপিত কৰাতো সহজ কথা নহয়। সমুদ্ৰৰ গভীৰৰ প্ৰবল সোঁত, প্ৰচণ্ড ধুমুহা, বৰষুণ আদিৰ প্ৰত্যাহ্বানৰ উপৰি কৰোনা মহামাৰীয়ে সৃষ্টি কৰা অভুতপূৰ্ব সংকটকো নেওচিবলগীয়া হৈছে এই প্ৰকল্পই।‘

বিগত সময়চোৱাত আন্দামানৰ প্ৰয়োজনীয়তাৰ কথা অনুভৱ কৰি অহা হৈছিল যদিও ইয়াক পূৰণ কৰাৰ বাবে কোনো পদক্ষেপেই লোৱা হোৱা নাছিল বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে হেজাৰ প্ৰত্যাহ্বানকো নেওচি সময়তকৈ আগতেই এই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিব পাৰি পৰম সন্তুষ্টি প্ৰকাশ কৰে।

তেওঁ কয়, ‘আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জবাসীক উন্নত আৰু সুলভ মূল্যত যোগাযোগৰ ব্যৱস্থা কৰি দিয়াতো প্ৰকৃতাৰ্থতে দেশৰ দায়িত্ব। তেওঁ এই প্ৰকল্পৰ সৈতে জড়িত সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয়, সমুদ্ৰৰ বক্ষৰে কেবলৰ সংযোগৰ অৰ্থই হ’ল এতিয়া আৰু আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জ দেশৰ মূল ভূ-খণ্ডৰ হৃদপিণ্ডস্বৰূপ নতুন দিল্লীৰ পৰা দূৰৈত নহয়’

সকলো নাগৰিকলৈ স্বাচ্ছন্দ্যৰ জীৱন

দেশৰ প্ৰতিগৰাকী নাগৰিকক স্বাচ্ছন্দ্যৰে জীৱন অতিবাহিত কৰাৰ সুযোগ দিয়াৰ বাবে চৰকাৰ দায়বদ্ধ বুলি উল্লেখ কৰি শ্ৰী মোডীয়ে কয় যে ইয়াৰ বাবেই সকলোধৰণৰ আধুনিক সা-সুবিধা আগবঢ়োৱাৰ বাবে চৰকাৰে চেষ্টা চলাই গৈছে। আন্দামানলৈ ‘ফাইবাৰ অপ্তিকেল কেবল’ৰ সংযোগো এই প্ৰয়াসৰে অন্য অংশ। দেশৰ সীমান্তবৰ্তী অঞ্চলসমূহৰ লগতে দ্বীপ ৰাজ্যসমূহৰ দ্ৰুত উন্নয়ণক দেশৰ সুৰক্ষা দৃষ্টিকোণৰেও প্ৰাথমিকতা প্ৰদান কৰি চৰকাৰে ইয়াৰ দ্ৰুত বিকাশৰ দায়বদ্ধতা স্বীকাৰ কৰিছে বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে সুযোগ বৃদ্ধিৰ প্ৰয়াস

সমুদ্ৰতলৰ কেবল সংযোগেৰে আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জৰ ৰাইজে এতিয়া ডিজিটেল ইণ্ডিয়াই আগবঢ়োৱা দ্ৰুত আৰু সুলভ যোগাযোগ সেৱা উপলব্ধ কৰিব পাৰিব। বিশেষকৈ উন্নত অনলাইন শিক্ষা, টেলি-মেডিচিন সেৱা, উন্নত বেংকিং সেৱা, অনলাইন বাণিজ্য আৰু পৰ্যটন সেৱাক অধিক উন্নত কৰাৰ সমল লাভ কৰিব পাৰিব।

উচ্চ প্ৰভাৱশালী প্ৰকল্প তথা স্থল, বায়ু, আৰু জলপথৰ ব্যৱস্থা

আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জৰ ১২টা দ্বীপলৈ উচ্চ প্ৰভাৱশালী প্ৰকল্পৰ সম্প্ৰসাৰণ কৰা হৈছে। উন্নত ইণ্টাৰনেট আৰু মোবাইল সেৱাৰ উপৰি স্থলপথ, জলপথ আৰু বায়ুপথৰেও উন্নত যোগযোগ সেৱা সম্ভৱ কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰখা হৈছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

‘ইজ অব বিজনেছ’ আৰু সমুদ্ৰ পথেৰে বয়-বস্তুৰ সৰবৰাহ প্ৰক্ৰিয়া সুচল কৰাতো চৰকাৰে বিশেষ  গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে।

বন্দৰ ভিত্তিক বিকাশ

প্ৰধানমন্ত্ৰী আশা প্ৰকাশ কৰি কয় যে আন্দামান নিকোবৰ দ্বীপপূঞ্জই অচিৰেই বন্দৰ ভিত্তিক বিকাশৰে বিকশিত হ’ব উন্নত যোগাযোগ ব্যৱস্থাৰে সংযুক্ত বন্দৰ শৃংখলে ২১ শতিকাৰ বাণিজ্যিক সম্ভাৱনাসমূহক উজ্জীৱিত কৰি তুলিব।

আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক বাণিজ্য

আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক বাণিজ্যৰ বাবে গুৰুত্বপূৰ্ণ বন্দৰ ৰূপে পৰিগণিত হ’ব আন্দামান নিকোবৰ দ্বীপপূঞ্জভাষণ প্ৰসংগত এই আশা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় স্বচ্ছন্দ্যৰে বাণিজ্য কৰাৰ বাবে যাৱতীয় সকলো সা-সুবিধাৰে আন্দামানক সু-সজ্জিত কৰাৰ বাবে চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত ১০হাজাৰ কোটি টকা ব্যয় সাপেক্ষ প্ৰস্তাৱিত গ্ৰেট নিকোবৰ বন্দৰ প্ৰকল্পৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

***

VRRK/AK/KB


(रिलीज़ आईडी: 1644989) आगंतुक पटल : 242
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam