পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

কৃষিত ব্যৱহৃত যন্ত্ৰৰ পৃথক নিৰ্গমন নিয়ম আৰু নিৰ্গমন নিয়মৰ পৰিভাষা সলনিৰ অৰ্থে ৰাজহুৱা পৰামৰ্শ আহ্বান পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰ

Posted On: 09 AUG 2020 1:35PM by PIB Guwahati

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে চিএমভিআৰ ১৯৮৯ ৰ সংশোধনীৰ প্ৰস্তাৱৰে এখন খচৰা অধিসূচনা সন্দৰ্ভত ৫ আগষ্ট ২০২০ত জিএছআৰ ৪৯১ (ই)ৰ জৰিয়তে জনসাধাৰণ আৰু সকলো পক্ষৰপৰা পৰামৰ্শ আৰু মন্তব্য আহ্বান কৰিছে। প্ৰস্তাৱিত সংশোধনীসমূহ তলত উল্লেখ কৰা হ’ল-

(i) কৃষিত ব্যৱহৃত যন্ত্ৰ (কৃষিকাৰ্যত ব্যৱহাৰ কৰা ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আৰু কম্বাইন হাৰ্ভেষ্টাৰ) আৰু কনষ্ট্ৰাকচন ইকুইপমেন্ট ভেহিকলৰ বাবে নিৰ্গমন নিয়ম পৃথক কৰা আৰু

(ii) ভাৰত ষ্টেজ (CEV/TREM)–IV ৰপৰা ভাৰত ষ্টেজ (CEV/TREM) –V লৈ নিৰ্গমন নিয়মৰ পৰিভাষা সলনি

a. কৃষিকাৰ্যত ব্যৱহাৰ কৰা ট্ৰেক্টৰ আৰু আন সা-সঁজুলিৰ বাবে TREM Stage-IV আৰু TREM Stage-V,

  1. কনষ্ট্ৰাকচন ইকুইপমেন্ট ভেহিকলৰ বাবে CEV Stage – IV আৰু CEV Stage-V

নিয়ম হিচাপে BS থকা আন মটৰগাড়ীৰ নিৰ্গমন নিয়মৰে থকা যিকোনো বিভ্ৰান্তি দূৰ কৰিবলৈকে এনে কৰা হৈছে।

iii. তদুপৰি, কৃষি মন্ত্ৰণালয়ৰ অনুৰোধ ৰক্ষা কৰি, ০১ অক্টোবৰ, ২০২০ৰপৰা কাৰ্যকৰী হ’বলগীয়া ট্ৰেক্টৰ(TREM Stage-IV)ৰ কাৰণে পৰৱৰ্তী পৰ্যায়ৰ নিৰ্গমন নিয়ম ৰূপায়ণৰ অৰ্থে ট্ৰেক্টৰ নিৰ্মাতা আৰু কৃষি সংস্থাসমূহক কিছু অধিক সময় প্ৰদান কৰি ০১ অক্টোবৰ, ২০২০ লৈ স্থগিত ৰখাৰ প্ৰস্তাৱ কৰা হৈছে। তদুপৰি CEVৰ বাবে ছমাহৰ বিলম্ব ঘটাই নিৰ্গমন নিয়মৰ পৰৱৰ্তী পৰ্যায়ৰ প্ৰযোজ্যতা ১ এপ্ৰিল, ২০২১ ৰপৰা কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ জনোৱা হৈছে।

অধিসূচনাৰ তাৰিখৰপৰা ত্ৰিশ দিনৰ ভিতৰত এই সংক্ৰান্তত পৰামৰ্শ আৰু মন্তব্য যুটীয়া সচিব (এমভিএল), পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়, পৰিবহণ ভৱন, সংসদ পথ, নতুন দিল্লী-১১০০০১ (email: jspb-morth[at]gov[dot]in) লৈ প্ৰেৰণ কৰিব পাৰিব।

***

RCJ/MS./SB



(Release ID: 1644667) Visitor Counter : 107