PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 09 AUG 2020 6:13PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

Image

ভাৰতত এদিনতে সম্পন্ন হৈছে ৭,১৯,৩৬৪ টা পৰীক্ষণ; এই পৰ্যন্ত ২,৪১,০৬,৫৩৫ টা পৰীক্ষণ সম্পন্ন কৰা হৈছে

ভাৰতে এদিনতে অভিলেখ সংখ্যক ৭ লক্ষাধিক ক’ভিড-১৯ৰ পৰীক্ষণ কৰিবলৈ সক্ষম হৈছে৷ বিগত কেইবাদিনৰো পৰা প্ৰতিদিনে ৬ লক্ষাধিককৈ পৰীক্ষণ সম্পন্ন হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিগত ২৪ ঘণ্টাত ভাৰতত পৰীক্ষণৰ এই সংখ্যা বৃদ্ধি হৈ ৭,১৯,৩৬৪ৰ সীমা স্পৰ্শ কৰিবলৈ সক্ষম হৈছে৷

ৰাজ্যসমূহক উপযুক্ত অনুসৰণ, কাৰ্যকৰী চিকিৎসা আদিৰ দিশত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়া হৈছে৷ যিবোৰ ৰাজ্যত মৃত্যুৰ হাৰ অধিক প্ৰদৰ্শিত কৰিছে সেই ৰাজ্যসমূহৰ সৈতে বিগত কেইবাটাও সপ্তাহত কেইবালানিও বৈঠক অনুষ্ঠিত হৈছে৷

ভাৰতত এদিনতে ক’ভিড-১৯ৰ পৰা অভিলেখ সংখ্যক ৫৩,৮৭৯ জন লোকে আৰোগ্য লাভ কৰিছে৷  এই পৰ্যন্ত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হ’ল ১৪,৮০,৮৮৪ জন৷ আৰোগ্য হোৱা লোকৰ সংখ্যা সক্ৰিয় ৰোগীৰ তুলনাত ২.৩৬ গুণ বৃদ্ধি পাইছে৷

আৰোগ্যৰ হাৰ আজি পৰ্যন্ত ৬৮.৭৮% হৈছে৷

অধিক বিৱৰণৰ বাবে

 

ই-সঞ্জীৱনী শীৰ্ষক টেলিমেডিচিনৰ প্লেটফ’ৰ্মক জনপ্ৰিয় কৰা ৰাজ্যসমূহৰ ভূমিকাক ডাঃ হৰ্ষ ৱৰ্ধনৰ প্ৰশংসা

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ সৈতে ‘‘ই-সঞ্জীৱনী’’ আৰু ‘‘ই-সঞ্জীৱনীআইঅ’পিডি’’ শীৰ্ষক প্লেটফ’ৰ্মৰ বিষয়ত এক পুনৰীক্ষণ বৈঠকত অংশগ্ৰহণ কৰে আৰু স্বাস্থ্য মন্ত্ৰালয়ক এই টেলি-মেডিচিন সেৱাৰ জৰিয়তে টেলি-পৰামৰ্শ সেৱা সম্পন্ন কৰা ১.৫ লাখ কৰ্মচাৰীক প্ৰশংসা কৰে৷

অধিক বিৱৰণৰ বাবে

 

বিজয়ৱাড়াৰ ক’ভিড কেন্দ্ৰত সংঘটিত হোৱা অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰত বিজয়ৱাড়াৰ ক’ভিড কেন্দ্ৰত সংঘটিত হোৱা অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে৷  এই সন্দৰ্ভত তেওঁ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰা বুলি জানিবলৈ দিছে৷

অধিক বিৱৰণৰ বাবে

 

কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ১ লাখ কোটি টকাৰ বিত্তীয় সুবিধাৰ মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ১ লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজৰ এখন নতুন কেন্দ্ৰীয় খণ্ডৰ আঁচনি মুকলি কৰে। এই আঁচনিখনে সমূহীয়া কৃষি-কাৰ্যৰ আহিলা আৰু শস্য-চপোৱাৰ পৰৱৰ্তী সময়ৰ কৃষি আন্তঃগাঁথনি সৃষ্টিত কৃষক, পিএচিএছ, এফপিঅ’, কৃষি-উদ্যোগী আদিক সহায় কৰিব। এই সমলসমূহে কৃষকক তেওঁলোকৰ উৎপাদিত শস্যৰ বৰ্ধিত মূল্য লাভ কৰাত সক্ষম কৰি তুলিব কিয়নো ইয়াৰদ্বাৰা তেওঁলোকে মজুত কৰিবলৈ সক্ষম হ’ব আৰু অধিক মূল্যত ব্যয় কৰাকে প্ৰমুখ্য কৰি নষ্ট হ্ৰাস, সংসাধন আৰু মূল্য সংযোজন বৃদ্ধি কৰিবলৈ সক্ষম হ’ব।

আজি, এই আঁচনিখনক কেবিনেটে আনুষ্ঠানিকভাৱে অনুমোদন জনোৱাৰ মাত্ৰ ৩০ দিন পাছতে, ২২৮০ ৰোধিক কৃষক সমিতিসমূহলৈ ১০০০ কোটি টকাৰো অধিক প্ৰথমটো অনুমোদন জনোৱা হয়। এই অনুষ্ঠানটি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সম্পন্ন হয় আৰু ইয়াত সমগ্ৰ দেশৰ লাখ-লাখ কৃষক, এফপিঅ’, সমবায়, পিএচিএছ আৰু নাগৰিকে যোগদান কৰে।

একেটা অনুষ্ঠানতে, প্ৰধানমন্ত্ৰীজনে পিএম-কিষাণ আঁচনিৰ অধীনত প্ৰায় ৮.৫ কোটি কৃষকলৈ ১৭,০০০ কোটি টকাৰ ৬ষ্ঠ কিস্তিও মুকলি কৰি দিয়ে। এটা বুটামৰ টিপাতে তেওঁলোকৰ আধাৰ প্ৰতিপাদিত বেংক একাউন্টলৈ প্ৰত্যক্ষভাৱে এই নগদ লাভ হস্তান্তৰ কৰা হয়। এই হস্তান্তৰকে ধৰি, ২০১৮ ৰ ০১ ডিচেম্বৰত আঁচনিখনৰ শুভাৰম্ভণিৰেপৰা ১০ কোটিৰো অধিক কৃষকৰ হাতত ৯০,০০০ কোটিৰো অধিক ধন আগবঢ়োৱা হৈছে।

অধিক বিৱৰণৰ বাবে

 

কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত বিত্তীয় সুবিধা মুকলিৰ বাবে ভিচিযোগে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ লিখিত ৰূপ

 

অধিক বিৱৰণৰ বাবে

 

ব্যৱসায়ীসকলক গ্ৰাহকসকলৰ মাজত মেক ইন ইণ্ডিয়া সামগ্ৰীৰ প্ৰচাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ শ্ৰী পীয়ুষ গোৱেলৰ আহ্বান; লকডাউনৰ সময়ছোৱাত তেওঁলোকৰ ভূমিকাক প্ৰশংসা

বাণিজ্য আৰু উদ্যোগ তথা ৰে’ল মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ ক্ষেত্ৰত ব্যৱসায়ীসকলৰ পৰা পূৰ্ণ সমৰ্থনৰ আহ্বান কৰিছে৷ এই ক্ষেত্ৰত গ্ৰাহকসকলৰ মাজত থলুৱা সামগ্ৰী ক্ৰয় কৰাৰ বাবে সজাগতা বৃদ্ধিৰ উদ্দেশ্য ব্যৱসায়ীসকলে পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷

অধিক বিৱৰণৰ বাবে

 

এনচিঅ’ই বেংগালুৰুত ঘৰতে কোৱাৰেণ্টিন কৰা ক’ভিড আক্ৰান্ত পাঁচজন হকী খেলুৱৈয়ে ক্ৰমে সুস্থ হ’বলৈ ধৰিছে

৭ আগষ্টত ক’ৰোনাৰ বীজাণু ধৰা পৰা পাঁচজন হ’কী খেলুৱৈক এনচিঅ’ই বেংগালুৰুত ঘৰতে কোৱাৰেণ্টিন কৰা হৈছিল আৰু এতিয়া তেওঁলোকে ক্ৰমান্বয়ে সুস্থ হ’বলৈ ধৰিছে৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে তেওঁলোকৰ বাবে মণিপাল চিকিৎসালয়ৰ চিকিৎসক নিযুক্ত কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

আত্মনিৰ্ভৰ ভাৰত পদক্ষেপৰ ক্ষেত্ৰত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বৃহৎ বৰঙণি

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত সৈন্য পৰিক্ৰমা বিভাগে ১০১টা সামগ্ৰীৰ এক সূচী প্ৰস্তুত কৰিছে যিসমূহত আমদানিৰ ক্ষেত্ৰত প্ৰতিবন্ধক ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ ইয়াৰ জৰিয়তে প্ৰতিৰক্ষা বিভাগ স্ব-নিৰ্ভৰশীল হোৱাৰ দিশত আগবাঢ়িছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • পাঞ্জাৱঃ ৰাজ্যখনত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যাৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ লুধিয়ানা, জলন্ধৰ আৰু পাতিয়ালাত সান্ধ্য আইনৰ ঘোষণা কৰিছে৷
  • হাৰিয়ানাঃ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লালে কয় যে ফৰিদাবাদ জিলা প্ৰশাসনে ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধৰ ক্ষেত্ৰত আকৰ্ষণীয় পদক্ষেপ গ্ৰহণ কৰিছে৷
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত আক্ৰান্ত ৰোগীৰ সংখ্যাই ৫ লাখ সীমা অতিক্ৰম কৰিছে৷ আগন্তুক গণপতি উৎসৱৰ পৰিপ্ৰেক্ষিতত লকডাউনৰ বাবে কাৰিকৰসকলে লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷
  • গুজৰাটঃ শনিবাৰে ১১০১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ১১৩৫ জন লোকে আৰোগ্য লাভ কৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪৫৩০ জন৷
  • ৰাজস্থানঃ ৰাজস্থানত ৫১,৯২৪ জন সক্ৰিয় ৰোগী আছে আৰু ৭৮৪ জনৰ মৃ্ত্যু হৈছে৷
  • গোৱাঃ গোৱাত ৮২০৬ জন ৰোগী আছে আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২২৩২ জন৷
  • কেৰালাঃ ৰাজ্যখনত ১২১০৯ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে আৰু সমগ্ৰ ৰাজ্যতে ১,৪৮,২৪১ জন লোক নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৯০,৯০৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৩,৪৮১ জন৷ মৃত্যু হৈছে ৪৮০৮ জন৷ চেন্নাইত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১৭৩৪ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৭২,১০২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৯,৭৬৫ জন৷ মৃত্যু হৈছে ৩০৯১ জনৰ৷ ৮৯,২৩৮ জনক মুকলি কৰি দিয়া হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ  বিজয়ৱাড়াত আদি স্বৰ্ণ পেলেচ হোটেলত ১০ জন ক’ভিড-১৯ ৰোগী অগ্নিকাণ্ডত মৃত্যু হোৱাক লৈ গোচৰ ৰুজু কৰা হৈছে বুলি ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰীয়ে জানিবলৈ দিছে৷ মৃ্তকৰ পৰিয়াললৈ ৫০ লাখ টকাৰ একাকালীন সাহায্যৰ কথা ঘোষণা কৰা হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭৯,৪৯৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২২৮৬৯ জন৷ মৃ্ত্যু হৈছে ৬২৭ জনৰ৷ ৫৫,৯৯৯ জনক মুকলি কৰি দিয়া হৈছে৷
  • অসমঃ অসমত ১৬ জুলাইৰ পৰা ৮ আগষ্টলৈ ক’ভিড-১৯ৰ পজিটিভিটীৰ হাৰ ১৮%ৰ পৰা ৪.৫%লৈ অৱনমিত হৈছে৷ প্ৰতিদিনে পজিটিভ ৰোগীৰ সংখ্যাও হ্ৰাস পাবলৈ ধৰিছে৷ এই তথ্য টুইটাৰত সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
  • মণিপুৰঃ আজি উখৰুলত স্থানীয় লোকৰ উপস্থিতিত ‘‘ক’ভিড-১৯ আৰু স্থানীয় লোকৰ সহনশীলতা’’ বিষয়ত ২৬তম আন্তৰ্জাতিক স্থানীয় লোকৰ দিৱস পালন কৰা হয়৷
  • মিজোৰামঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬০৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩১২ জন৷ আৰু ২৯৬ জনে আৰোগ্য লাভ কৰিছে৷
  • নাগালেণ্ডঃ ৮০০টা নমুনা পৰীক্ষণ হোৱাৰ পিছত ৯৩ জন লোক আজি নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ পাইছে৷
  • ছিক্কিমঃ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৭১ জন৷ ৪৯৪ জনে আৰোগ্য লাভ কৰিছে৷ আজি ৬ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷

Image

Image



(Release ID: 1644623) Visitor Counter : 152