PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 06 AUG 2020 6:25PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভাৰতত ক’ভিড-১৯ৰ আৰোগ্যৰ হাৰ ৬৭.৬২%লৈ ঊৰ্ধগামী হৈছে, মুঠ ১৩.২জন লোকে আৰোগ্য লাভ কৰিছে; মৃত্যুৰ হাৰ ২.০৭%লৈ অৱনমিত হৈছে

ক’ভিড-১৯ৰ ৰোগীসকলৰ মাজত আৰোগ্য হোৱাৰ লোকৰ মুঠ সংখ্যা হ’ল ১৩,২৮,৩৩৬ জন৷ বিগত ২৪ ঘণ্টাত ৪৬,১২১ জন ক’ভিড-১৯ ৰোগীক মুকলি কৰি দিয়া হৈছে৷ সক্ৰিয় ৰোগী আৰু আৰোগ্য হোৱা ৰোগীৰ মাজৰ ব্যৱধানে ৭,৩২,৮৩৫ ৰ সংখ্যা স্পৰ্শ কৰিছে৷ ৬৭.৬২%লৈ অভিলেখ সংখ্যাত আৰোগ্যৰ হাৰ বৃদ্ধি হৈছে৷ মৃত্যুৰ হাৰ ২.০৭%লৈ অৱনমিত হৈছে৷

অধিক বিৱৰণৰ বাবে

ডাঃ হৰ্ষ ৱৰ্ধনে বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক সঞ্চালক আৰু দক্ষিণ পূব এছিয়া মণ্ডলৰ স্বাস্থ্য মন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক সঞ্চালক আৰু দক্ষিণ পূব এছিয়াৰ মন্ত্ৰীমণ্ডলৰ সৈতে আজি এক ভাৰ্চুৱেল বৈঠকত অংশগ্ৰহণ কৰে৷  বৈঠকত ভাৰতে ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয়৷

অধিক বিৱৰণৰ বাবে

ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহলৈ ক’ভিড-১৯ৰ বিত্তীয় সাহায্যৰ দ্বিতীয় কিস্তি হিচাপে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে ৮৯০.৩২ কোটি টকা

ভাৰত চৰকাৰে ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহলৈ বিত্তীয় সাহায্যৰ দ্বিতীয় কিস্তি হিচাপে ৮৯০.৩২ কোটি টকা মুকলি কৰি দিছে৷ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ৫,৮০.৩৪২ আইচলেচন বেড; ১,৩৬,০৬৮ খন অক্সিজেন সমৰ্থিত বেড আৰু ৩১,২৫৫ খন আইচিইউ বেডৰ ব্যৱস্থা কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

আৰবিআইয়ে গৃহ নিৰ্মাণ, গ্ৰামীণ আৰু অগ্ৰাধিকাৰমূলক ক্ষেত্ৰসমূহৰ বাবে অতিৰিক্ত বিত্তীয় সাহায্য প্ৰদান কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বিত্তীয় সংবহন ধাৰা উন্নত কৰিবলৈ অতিৰিক্ত বিকাশমূলক পদক্ষেপৰ বিষয়ে ঘোষণা কৰিছে৷ এই সন্দৰ্ভত নেচনেল হাউচিং বেংকক ৫০০০ কোটি টকা যোগান ধৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ক’ৰোনা যোদ্ধাসকলৰ বাবে ইএনচি বেণ্ডৰ লাইভ কাৰ্যসূচী

৭৪তম স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে ৫ আগষ্ট ২০২০ তাৰিখে শংকৰম বিশাখাপট্টনমত বজানা কোণ্ডা ঐতিহাসিক ক্ষেত্ৰত  ক’ৰোনা যোদ্ধাসকলৰ সন্মানাৰ্থে ইষ্টাৰ্ণ নৌ বাহিনীয়ে এক লাইভ অনুষ্ঠানৰ আয়োজন কৰে৷

অধিক বিৱৰণৰ বাবে

৬ সপ্তাহত গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত প্ৰব্ৰজক শ্ৰমিকসকলৰ উদ্দেশ্যে ১৭ কোটি শ্ৰমিক দিনৰ বাবে ১৩,২৪০ কোটি টকা যোগান ধৰা হৈছে

গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ দ্বাৰা প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে নিয়োজন আৰু জীৱিকা সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে৷ ৫৬৪টা গাঁও পঞ্চায়তক ইণ্টাৰনেট সংযোগ আৰু ১৬,১২৪ প্ৰাৰ্থীক কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ডা জিতেন্দ্ৰ সিঙে ক’ভিড-১৯ৰ বাবে মুকলি কৰিলে ‘‘মহামাৰীৰ সময়ত সু-শাসন’’ শীৰ্ষক আইটিইচি-এনচিজিজিৰ আন্তৰ্জাতিক কৰ্মশালা

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডজিতেন্দ্ৰ সিঙে আজি কয় যে ভাৰতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত এক বিশ্বজনীন ক’ভিড সহযোগিতাৰ দিশত অগ্ৰসৰ হৈছে৷ যোৱা ছবছৰত শ্ৰী মোদীৰ অভূতপূৰ্ব বৈদেশিক সম্বন্ধই মহামাৰীৰ সময়ছোৱাত এনে ধৰণৰ আন্তৰ্জাতিক সহযোগিতা সম্ভৱ কৰি তুলিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • পাঞ্জাৱঃ পাঞ্জাৱৰ আইটিআইৰ শিক্ষাৰ্থীসকলে মিছন ফটেহৰ অধীনত ১৭ লাখ মাস্ক প্ৰস্তুত কৰি ক’ভিড-১৯ৰ বিৰুদ্ধে উল্লেখযোগ্য অৰিহণা আগবঢ়াইছে৷
  • হাৰিয়ানাঃ ক’ভিড-১৯ৰ সময়ছোৱাত শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা আৰ্থিক সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি জে চি বোস ইউনিভাৰ্চিটী অব্ ছায়েন্স এণ্ড টেকন’ল’জীয়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷
  • হিমাচল প্ৰদেশঃ ৰাজ্যপালে কয় যে ক’ভিড-১৯ক সময়ছোৱাত ড ৰাজেন্দ্ৰ প্ৰসাদ মেডিকেল কলেজ টাণ্ডাই ক’ভিড-১৯ৰ ৰোগীসকলৰ সৈতে সুন্দৰ ব্যৱস্থাপনা প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে৷
  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশৰ ৰাজ্য চৰকাৰে কয় যে ৰাজ্যলৈ ঘূৰি অহা লোকসকলে হোম কোৱাৰেণ্টিনৰ বাবে আবেদন কৰিব খুজিলে আগতীয়াকৈ dmoiccitanagar[at]gmail[dot]com ত নিৰ্ধাৰিত বিন্যাসত আবেদন কৰিব লাগিব৷
  • মণিপুৰঃ থৌবাল আৰু কাকচিঙৰ জিলাৰ দায়িত্ব থকা মন্ত্ৰী ড থকচম ৰাধেশ্যামে এক জৰুৰীকালীন বৈঠকৰ আয়োজন কৰে৷
  • মিজোৰামঃ মিজোৰামৰ ৰাজ্যিক নিৰ্বাচন আয়োগে স্থানীয় প্ৰশাসনৰ নিৰ্বাচনৰ বিষয়ে ঘোষণা কৰে৷
  • নাগালেণ্ডঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৫৮০ জন৷ আজি ৮২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ 
  • কেৰালাঃ মুঠ ১১,৪৯২ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে আৰু ১,৪৭.৯৭৪ জন লোক বিভিন্ন জিলাত নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৪,১৮৪ জন৷ ৪৪৬১ জনলৈ বৃদ্ধি পাইছে মৃত্যু হোৱা লোকৰ সংখ্যা৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৫১,৪৪৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৩,৯৫৮ জন৷ ২৮০৪ জনৰ মৃত্যু হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৮৬,৪৬১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮০,৪২৬ জন৷ ১৬৮১ জনৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭৩,০৫০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২০,৩৫৮ জন৷ ৫৮৯ জনৰ মৃত্যু হৈছে৷ ৫২,১০৩ জনক মুকলি কৰি দিয়া হৈছে৷
  • মহাৰাষ্ট্ৰঃ পুণেত এক লাখতকৈও অধিক লোক আক্ৰান্ত হৈছে৷ মহাৰাষ্ট্ৰত আজিৰ তাৰিখ পৰ্যন্ত ১.৪৫ লাখ সক্ৰিয় ৰোগী আছে
  • গুজৰাটঃ আহমেদাবাদত ক’ভিড-১৯ৰ উৎসৰ্গিত চিকিৎসালয়ত আঠজন ৰোগী অগ্নিকাণ্ডত মৃত্যু হয়৷ প্ৰধানমন্ত্ৰীয়ে মৃত্যু হোৱা লোকৰ আত্মীয়লৈ ২ লাখ টকা অনুদানৰ কথা ঘোষণা কৰিছে৷
  • ৰাজস্থানঃ বিগত ২৪ ঘণ্টাত ৫৯৩ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩,৬৩০ জন৷
  • মধ্য প্ৰদেশঃ বুধবাৰে ৬৫২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ আক্ৰান্ত ৰোগীৰ সংখ্যা হ’ল ৩৫,৭৩৪ জন৷
  • গোৱাঃ গোৱাত উপস্থিত হোৱা পৰ্যটকসকলৰ বাবে নতুন নিৰ্দেশনাৱলী জাৰি কৰি কৰিছে ভাৰতীয় বিমান প্ৰাধিকৰণে৷

Image

Image



(Release ID: 1643913) Visitor Counter : 220