PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 05 AUG 2020 6:34PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভাৰতত এদিনতে সৰ্বাধিক ৫১,৭০৬ জনে আৰোগ্য লাভ কৰিছে; আৰোগ্যৰ হাৰ সৰ্বাধিক ৬৭.১৯% হৈছে; মৃত্যুৰ হাৰ ২.০৯%লৈ অৱনমিত হৈছে

ভাৰতত বিগত ২৪ ঘণ্টাত সৰ্বাধিক অভিলেখ সংখ্যক লোকে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ৫১,৭০৬ জনে আৰোগ্য লাভ কৰাৰ জৰিয়তে আৰোগ্যৰ হাৰ ৬৭.১৯%লৈ বৃদ্ধি পাইছে৷ সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যা দুগুণ হৈ এই পৰ্যন্ত ইয়াৰ সংখ্যা মুঠ ১২,৮২,২১৫ জন হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫,৮৬,২৪৪ জন৷

অধিক বিৱৰণৰ বাবে  

 

ভাৰতত বিগত ২৪ ঘণ্টাত ৬ লক্ষাধিক পৰীক্ষণ সম্পন্ন হৈছে; এই পৰ্যন্ত মুঠ ২.১৪ কোটি নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে; প্ৰতি মিলিয়নত পৰীক্ষণৰ সংখ্যা হৈছে ১৫৫৬৮টা

ভাৰতত একেৰাহে দ্বিতীয় দিনৰ বাবে ৬ লক্ষাধিক ক’ভিড-১৯ৰ নমুনা পৰীক্ষণ হৈছে৷ বিগত ২৪ ঘণ্টাত ৬,১৯,৬৫২ টা পৰীক্ষণ সম্পন্ন হৈছে৷ এই পৰ্যন্ত মুঠ ২,১৪,৮৪,৪০২ টা নমুনা পৰীক্ষণ হৈছে৷ প্ৰতি মিলিয়নত পৰীক্ষণৰ সংখ্যা ১৫৫৬৮লৈ বৃদ্ধি পাইছে৷

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰীয়ে ‘শ্ৰী ৰাম জনমভূমি মন্দিৰ’ৰ ভূমি পূজন সম্পন্ন কৰিলে; এই মন্দিৰ পাৰস্পৰিক প্ৰেম আৰু ভ্ৰাতৃত্ববোধৰ ভেটিত নিৰ্মাণ হোৱা উচিতঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অযোধ্যাত ‘শ্ৰী ৰাম জনমভূমি মন্দিৰ’ত ভূমি পূজন অনুষ্ঠিত কৰে৷ এই ক্ষণটোক ঐতিহাসিক বুলি মন্তব্য কৰি তেওঁ কয় যে ভাৰতত আজি এক সোণালী ইতিহাস অন্তৰ্ভুক্ত হ’ল৷ তেওঁ কয় যে এই মন্দিৰ পাৰস্পৰিক প্ৰেম আৰু ভ্ৰাতৃত্ববোধৰ ভেটিত নিৰ্মাণ হোৱা উচিত৷

অধিক বিৱৰণৰ বাবে

 

উত্তৰ প্ৰদেশৰ অযোধ্যাত ‘শ্ৰী ৰাম জনমভূমি মন্দিৰ’ৰ ভূমি পূজন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ লিখিত ৰূপ

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ১০ লাখ টকা আৰু অযোধ্যা মন্দিৰৰ বাবে ৫ লাখ টকা দান কৰিলে উপ ৰাষ্ট্ৰপতিৰ পৰিয়ালে

ভাৰতৰ উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুৰ পৰিয়ালৰ সদস্যই আজি ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ১০ লাখ টকা আৰু অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৫ লাখ টকা দান কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে এনএফএছএ হিতাধিকাৰীসকলৰ মাজত এপ্ৰিল-জুন ২০২০ৰ সময়ছোৱাৰ বাবে আৱণ্টিত খাদ্য শস্যৰ ৯৩.৫% বিতৰণ কৰিছে

সকলো ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশে এফচিআইৰ গুডামৰ পৰা তিনি মাহৰ খাদ্য শস্য অৰ্থাৎ প্ৰায় ১১৮ এলএমটি (৯৯%) খাদ্য শস্য বিনামূলীয়াকৈ এনএফএছএৰ হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰিছে৷ এফচিআইৰ তথ্য অনুসৰি ৩৭.৫ এলএমটি (৯৪%) খাদ্য শস্য এপ্ৰিল আৰু মে’ৰ ২০২০ৰ সময়ছোৱাত প্ৰায় ৭৫ কোটি হিতাধিকাৰীসকলৰ মাজত প্ৰতি মাহে বিতৰণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • চণ্ডীগড়ঃ চণ্ডীগড় প্ৰশাসনে স্বাস্থ্য বিভাগৰ মুখ্য সচিবক ক’ভিড ৰোগীসমূহলৈ ডায়েলাইছিছৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে৷
  • পাঞ্জাৱঃ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে ৰাজ্যৰ কৃষকসকলক প্ৰায় ২.২৮ লাখ হেক্টৰ ক্ষেত্ৰ ভূমিত পাৰম্পৰিক ধান খেতিৰ বাহিৰেও সফলতাৰে বিভিন্ন ধৰণৰ খেতি কৰাৰ বাবে প্ৰশংসা কৰিছে৷
  • কেৰালাঃ ৰাজ্যখনত মুঠ ১১,৫৪০ জন ৰোগী চিকিৎসকৰ তত্বাৱধানত আছে আৰু ১.৪৫ লাখ লোক নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৬৮,২৮৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৫,১৫২ জন৷ মৃত্যু হৈছে ৪৩৪৯ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৪৫,৮৩০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৩,৮৪৬ জন৷ মৃত্যু হৈছে ২৭০৪ জনৰ৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৬৬,৫৮৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৬,৩৭৭ জন৷ ১৫৩৭ জনৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭০,৯৫৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৯,৫৬৮ জন৷ ৫৭৬ জনৰ মৃত্যু হৈছে৷ ৫০,৮১৪ জনক মুকলি কৰি দিয়া হৈছে৷
  • মণিপুৰঃ ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ মণিপুৰৰ মুখ্য সচিবে ৰাজ্যখনৰ শীৰ্ষ বিষয়া, সেনাবাহিনী আৰু পেৰামিলিটেৰী দলৰ সৈতে এক পুনৰীক্ষণ বৈঠকত অংশগ্ৰহণ কৰে৷
  • নাগালেণ্ডঃ নাগালেণ্ডত আজি ৯৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ আৱশ্যকীয় ৰোগী অনুসৰণ কাৰ্য আৰম্ভ কৰি দিয়া হৈছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৪.৫৭ লাখ ৰোগীৰ ভিতৰত ২.৯৯ লাখ লোকে আৰোগ্য লাভ কৰিছে আৰু ১.৪২ লাখ জন সক্ৰিয় ৰোগী আছে৷
  • গুজৰাটঃ কালি ২০,৭৩৫ টা পৰীক্ষণ সম্পন্ন হৈছে৷ এই পৰ্যন্ত ৮.৫৪ লাখ পৰীক্ষণ সম্পন্ন হৈছে৷ বৰ্তমানে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪,৮১১ জন৷
  • ৰাজস্থানঃ আনলক ৩.০ৰ পদক্ষেপ অনুসৰি ৰাজ্যখনত সকলো যোগ কেন্দ্ৰ তথা জিমসমূহ পুনৰ মুকলি কৰা হৈছে৷ ৰাজ্যখনত ১৩,১১৫ জন সক্ৰিয় ৰোগী আছে
  • মধ্য প্ৰদেশঃ ৰাজ্যখনত ‘এক মাস্ক-অনেক জিন্দেগী’ অভিযানৰ অধীনত ৪১৩টা মাস্ক বেংক স্থাপন কৰা হৈছে৷  এই পৰ্যন্ত এই অভিযানৰ অধীনত এক লাখ ত্ৰিশ হাজাৰ মাস্ক বিতৰণ কৰা হৈছে৷ মঙলবাৰে ৰাজ্যখনত ৭৯৭ জন লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হয়৷

 

Image

Image

 



(Release ID: 1643613) Visitor Counter : 149