ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

ধূপকাঠি উৎপাদনত ভাৰতক আত্মনিৰ্ভৰ কৰি তোলাৰ এক নতুন আঁচনিত অনুমোদন এমএছএমই মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীৰ

কেভিআইচিয়ে শীঘ্ৰে শুভাৰম্ভ কৰিব হাজাৰ হাজাৰ চাকৰি সৃষ্টিকাৰী তথা আমদানি নিৰ্ভৰশীলতাৰ হ্ৰাস কৰা পৰীক্ষামূলক প্ৰকল্প

Posted On: 02 AUG 2020 2:19PM by PIB Guwahati

কেন্দ্রীয় অতিক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ মন্ত্রী শ্রী নীতিন গাডকাৰীয়ে খাদী আৰু গ্রামোদ্যোগ আয়োগৰ প্ৰস্তাৱিত কর্মসংস্থাপন সৃষ্টিৰ এক অভিনৱ আঁচনিত অনুমোদন জনাইছে৷ এই আঁচনিৰ অধীনত ধূপকাঠি পাদনত ভাৰতক আত্মনির্ভৰ কৰি তোলাৰ পৰিকল্পনা কৰা হৈছে। আঁচনিখনকখাদী ধূপকাঠি আত্মনির্ভৰ অভিয়ানহিচাপে নামকৰণ কৰা হৈছে৷ ইয়াৰ উদ্দেশ্য হৈছে-স্বদেশী ধূপকাঠিৰ পাদন লক্ষ্যণীয় হাৰত বৃদ্ধিৰ লগতে কৰ্মহীন তথা প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে কর্মসংস্থাপন সৃষ্টি কৰা? উল্লেখ্য যে আয়োগে যোৱা মাহত মন্ত্ৰালয়ৰ পৰা এই আঁচনিৰ অনুমোদনৰ বাবে প্ৰস্তাৱা দাখিল কৰিছিল৷ কেভিআইচিয়ে শীঘ্ৰে পৰীক্ষামূলকভাৱে আঁচনিখন আৰম্ভ কৰিব৷ আঁচনিখন পূৰ্ণগতিত আৰম্ভ হ’লে ধূপকাঠি উদ্যোগত হাজাৰ হাজাৰ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব৷

চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্বৰ ভিত্তিতে আয়োগৰ দ্বাৰা পৰিকল্পিত এই আঁচনিখন প্ৰকৃতার্থত অভিনৱ৷ ইয়াৰ বিশেষত্ব ল-কম বিনিয়োগেৰে ব্যাপক কর্মসংস্থাপন সৃষ্টিৰ লগতে বেচৰকাৰী ধূপকাঠি প্ৰস্তুতকৰ্তাসকলে ব্যাপক হাৰত মূলধন বিনিয়োগ নকৰাকৈয়ে ধূপকাঠি পাদন বৃদ্ধিত সহায্য কৰা৷ আঁচনিখনৰ অধীনত আয়োগে স্বয়ংক্রিয় ধূপকাঠি প্ৰস্তুত কৰা যন্ত্ৰ আৰু পাউডাৰ মিক্সিং যন্ত্ৰ ধূপকাঠি পাদকসকলক যোগান ধৰিব৷ এই কামত ধূপকাঠি পাদকসকলক সফল বেচৰকাৰী ধূপকাঠি পাদক সংস্থাসমূহে সহায় কৰিব বেচৰকাৰী ধূপকাঠি পাদক সংস্থাসমূহে আয়োগৰ সৈতে ব্যৱসায়িক অংশীদাৰ হিচাপে চুক্তি স্বাক্ষৰ কৰিব৷ এফালে আয়োগে ভাৰতীয় প্ৰস্তুতকৰ্তাসকলে প্ৰস্তুত কৰা স্থানীয় যন্ত্ৰ সংগ্ৰহৰ সিদ্ধান্ত লৈছে। আয়োগৰ এই সিদ্ধান্তৰ ফলত স্থানীয় ভিত্তিত যন্ত্রৰ পাদন বৃদ্ধি পাব

আয়োগৰ হৈ যন্ত্ৰসমূহ ক্ৰয়ৰ ক্ষেত্রত ২৫ শতাংশ ৰাজসাহায্য প্ৰদান কৰা হ’ব আৰু বাকী ৭৫ শতাংশ ধন সহজ কিস্তিত প্ৰতি মাহত ধূপকাঠি পাদক শিল্পীসকলে জমা কৰিব পাৰিব৷ আয়োগৰ ব্যবসায়িক অংশীদাৰসকলে ধূপকাঠি পাদক শিল্পীসকলক কেঁচামালৰ যোগান ধৰাৰ লগতে কামৰ ভিত্তিত মজুৰি প্ৰদান কৰিব৷

প্ৰতিটো স্বয়ংক্রিয় ধূপকাঠি প্ৰস্তুতকৰ্তা যন্ত্রত প্ৰতিদিনে প্রায় ৮০ কিলোগ্রাম ধূপকাঠি প্ৰস্তুত কৰিব পৰা যাব৷ ইয়াৰ ফলত দৈনিক জনৰ প্ৰত্যক্ষ কর্মসংস্থাপন হ’ব৷ আনহাতে, ৫টা ধূপকাঠি প্ৰস্তুতকৰা যন্ত্ৰই প্ৰতি ১টাকৈ পাউডাৰ মিক্সিং যন্ত্ৰ দিয়া হ’ব৷ ধূপকাঠি প্ৰস্তুত কৰা কেঁচামালৰ মিশ্ৰণৰ ক্ষেত্রত এই যন্ত্ৰক কামত লগালে প্ৰতিদিনে ২জন ব্যক্তিয়ে কর্মসংস্থাপন লাভ কৰিব৷

বর্তমান ধূপকাঠি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত প্ৰতি কেজিত ১৫ টকা দিয়া হয়। এই মজুৰি হাৰত জন কর্মীয়ে ১টা স্বয়ংক্রিয় ধূপকাঠি বনোৱা যন্ত্ৰৰ পৰা দৈনিক ১,২০০ টকা পর্যন্ত উপার্জন কৰিব পাৰিব৷ উল্লেখ্য যে এই যন্ত্ৰসমূহৰ সহায়ত দৈনিক ৮০ কিলো ধূপকাঠি বনোৱা সম্ভৱ৷ সেই হিচাপত প্ৰত্যেক কর্মচাৰীয়ে দৈনিক অতি কমেও ৩০০ টকা উপার্জন কৰিব পাৰিব৷ একেদৰে পাউডাৰ মিক্সিং যন্ত্ৰসমূহত প্ৰত্যেক কর্মচাৰীয়ে দৈনিক ২৫০ টকাকৈ উপার্জন কৰিব৷

চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্বৰ ভিত্তিত ধূপকাঠি প্ৰস্তুত কৰাৰ এই আঁচনি কার্যকী কৰিবলৈ খাদী আৰু গ্রামোদ্যোগ আয়োগে তথা বেচৰকাৰী ধূপকাঠি পাদকসকলৰ সৈতে শীঘ্ৰে এক দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হ’ব৷ এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দুটা গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হৈছে। প্ৰথমতে, কেঁচা ধূপকাঠি আমদানিত নিষেধাজ্ঞা আৰু দ্বিতীয়তে বাঁহৰ কাঠি আমদানিৰ ওপৰত শুল্ক আৰোপ কৰা৷

উল্লেখ্য যে দেশত বৰ্তমান দৈনিক প্রায় ১,৪৯০ মেট্রিক টন ধূপকাঠিৰ ব্যৱহাৰ হয়। কিন্তু ভাৰতত দৈনিক ধূপকাঠিৰ পাদন মাত্ৰ ৭৬০ মিলিয়ন টন। চাহিদা আৰু যোগানৰ মাজৰ এই ব্যৱধান দূৰ কৰিবলৈ আয়োগে খাদী ধূপকাঠি আত্মনির্ভৰ অভিযান আৰম্ভ কৰাৰ প্ৰস্তাৱ উত্থাপন কৰিছে৷

*****

RCJ/SKP/IA/DB



(Release ID: 1643179) Visitor Counter : 248