সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়

নতুন দিল্লীৰ ‘ৰাষ্ট্ৰীয় সংখ্যালঘূ আয়োগ’ৰ কাৰ্যালয়ত ‘মুছলমান মহিলা অধিকাৰ দিৱস’ উদ্যাপন

পহিলা আগষ্টৰ দিনা মুছলমান মহিলাই ‘তিনি-তালাক’-ৰ দৰে সামাজিক ব্যাধিৰ পৰা মুক্তি লাভ কৰিছিল : মুখটাৰ আব্বাছ নাক্ভী

‘তিনি-তালাক’ অথবা ‘তালাক-এ-বিদ্দত্’ ইছলাম ধৰ্ম সংগততো নহয়েই আনকি আইন সংগতও নহয় : নাক্ভীৰ মন্তব্য

Posted On: 31 JUL 2020 2:45PM by PIB Guwahati

ৰাজনৈতিক শোষণ নহয়, বৰঞ্চ ৰাজনৈতিক ভাবে সবলীকৰণৰ পক্ষতহে চৰকাৰে দায়বদ্ধতা প্ৰকাশি আহিছে। ইতিমধ্যে গ্ৰহণ কৰা বহু সংখ্যক সাহসী আৰু বৃহত্ পৰিসৰৰ সংস্কাৰমূলক পদক্ষেপে আমাৰ চৰকাৰৰ সত্ আৰু প্ৰভাৱশালী প্ৰয়াসক প্ৰতিবিম্বিত কৰিছে, যিসমূহে ইতিমধ্যে উন্নত সুফল প্ৰদান কৰিবলৈ সক্ষম হৈছে। কেন্দ্ৰীয় সংখ্যালঘূ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰী মুখটাৰ আব্বাছ নাক্ভীয়ে আজি এই অভিমত প্ৰকাশ কৰে। মুছলমান মহিলা অধিকাৰ দিৱস্ উপলক্ষে আয়োজিত এক অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এই অভিমত প্ৰকাশ কৰিছিল। ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত অনুষ্ঠানটোত কেন্দ্ৰীয় আইন মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদ, কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰাণীয়েও অংশ গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় সংখ্যালঘূ আয়োগৰ উপাধ্যক্ষ শ্ৰী মঞ্জিত সিং ৰায়ো এই অনুষ্ঠানত উপস্থিত আছিল।

‘পহিলা আগষ্টৰ দিনা দেশৰ মুছলমান মহিলাসকলে তিনি-তালাক-ৰ দৰে সামাজিক ব্যাধিৰ পৰা মুক্তি লাভ কৰিছিল’ বুলি ভাষণ প্ৰসংগত উল্লেখ কৰা মন্ত্ৰী নাক্ভীয়ে ‘১ আগষ্টৰ দিনটো দেশৰ ইতিহাসত ‘মুছলমান মহিলা অধিকাৰ দিৱস' হিচাপে চিহ্নিত হৈ থাকিব বুলিও অভিমত প্ৰকাশ কৰে। এই দিনটো ‘ভাৰতীয় গণতন্ত্ৰ আৰু সংসদীয় ইতিহাসৰ বাবেও সোণালী আখৰেৰে লিপিবদ্ধ হবলগীয়া দিৱস হিচাপে জিলিকি ৰ’ব’ বুলি মন্তব্য কৰে শ্ৰী নাক্ভীয়ে।

 

‘যি আইনে সামাজিক ব্যাধি ‘তিনি-তালাক’ক শাস্তিযোগ্য অপৰাধ হিচাপে প্ৰতিষ্ঠিত কৰিলে সেই আইনে দেশৰ মুছলমান নাৰী সকলৰ আত্ম নিৰ্ভৰশীলতা, আত্ম সন্মান আৰু আত্ম বিশ্বাসকো শক্তিৱন্ত কৰিলে। তিনি-তালাকৰ দৰে হিংসুক সামাজিক ব্যাধি বিৰোধী আইন প্ৰণয়ন কৰি চৰকাৰে লিংগভিত্তিক সাম্য নিশ্চিত কৰাৰ লগতে মুছলমান নাৰীৰ সাংবিধানিক, মৌলিক আৰু গণতান্ত্ৰিক অধিকাৰ শক্তিশালী কৰিলে’ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

প্ৰসংগক্ৰমে তেওঁ, ‘তিনি-তালাক অথবা তালাক-এ-বিদ্দত্ ইছলাম ধৰ্ম সংগততো নহয়েই আনকি আইন সংগতও নহয়’ বুলি অভিমত ব্যক্ত কৰে।

 

*****

NB/KGS/KB



(Release ID: 1642698) Visitor Counter : 274