PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 30 JUL 2020 7:00PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভাৰতত ক’ভিড-১৯ৰ পৰা আৰোগ্য হোৱাৰ লোকৰ সংখ্যাই ১০ লাখৰ সীমা অতিক্ৰম কৰিছে; ৭দিন ধৰি একেৰাহে প্ৰতিদিনে ৩০,০০০ত কৈও অধিক লোকে আৰোগ্য লাভ কৰিছে; ১৬খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত আৰোগ্যৰ হাৰ ৰাষ্ট্ৰীয় আৰোগ্য গড় ৬৪.৪৪%তকৈও অধিক হৈছে

ভাৰতত ১০ লক্ষাধিক লোকে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে৷ ৭ দিনলৈ একেৰাহে প্ৰতিদিনে ৩০ সহস্ৰাধিক লোকে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ৩২,৫৫৩ জন লোকে আৰোগ্য লাভ কৰিছে৷ মুঠ আৰোগ্য হোৱা লোকৰ সংখ্যা হ’ল ১০,২০,৫৮২ জন৷ আৰোগ্য হোৱা লোক আৰু সক্ৰিয় ৰোগীৰ মাজৰ সংখ্যাৰ ব্যৱধান হ’ল ৪,৯২,৩৪০ জন৷

অধিক বিৱৰণৰ বাবে

 

ভাৰতত ১.৮২ কোটি নমুনা পৰীক্ষণ কৰা হৈছে; প্ৰতি মিলিয়নত ১৩,১৮১টা পৰীক্ষণ সম্পন্ন হৈছে; ২১খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত পজিটিভিটীৰ হাৰ ১০%ত কৈও কম হৈছে

বিগত ২৪ ঘণ্টাত ৪,৪৬,৬৪২ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ দৈনিক গড় পৰীক্ষণ জুলাইৰ প্ৰথম সপ্তাহৰ ২.৪ লাখৰ পৰা জুলাইৰ শেষৰ সপ্তাহলৈ ৪.৬৮ লাখত কৈও অধিক বৃদ্ধি হৈছে৷ দেশৰ ১৩২১ টা গৱেষণাগাৰত এই পৰীক্ষণবোৰ সম্পন্ন কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

গৃহ মন্ত্ৰালয়ে মুকলি কৰিলে আনলক ৩ৰ নিৰ্দেশনাৱলী, নিয়ন্ত্ৰিত এলেকাৰ বাহিৰৰ গতিবিধিৰ মাত্ৰা বৃদ্ধি কৰা হৈছে, ৩১ আগষ্ট ২০২০ তাৰিখলৈ নিয়ন্ত্ৰিত এলেকাত কঠোৰ লকডাউন বাহাল ৰখা হৈছে

কালি গৃহ মন্ত্ৰালয়ে আনলক ৩ৰ নতুন নিৰ্দেশনাৱলী মুকলি কৰিছে৷ এই নতুন নিৰ্দেশনাৱলীত নিয়ন্ত্ৰিত এলেকাৰ বাহিৰৰ বিভিন্ন গতিবিধিত শিথিলতা প্ৰদান কৰা হৈছে৷ ৩১ আগষ্ট ২০২০ তাৰিখলৈ বিদ্যালয়, মহাবিদ্যালয় আৰু কোচিং প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব৷ সামাজিক ব্যৱধান পালন কৰি স্বাধীনতা দিৱস উদযাপন কৰা হ’ব৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ ৰোগীলৈ এআইআইএয়ে বিনামূলীয়া পৰীক্ষণ আৰু চিকিৎসাৰ সুবিধা প্ৰদান আৰম্ভ কৰিছে

নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠানে (এআইআইএ) ইয়াৰ ক’ভিড-১৯ স্বাস্থ্য কেন্দ্ৰত ৰোগীসকললৈ বিনামূলীয়া পৰীক্ষণ আৰু চিকিৎসাৰ সুবিধা প্ৰদান কৰিছে৷ শ্ৰী নায়কে ২৮ জুলাই তাৰিথে এই কেন্দ্ৰ পৰিদৰ্শন কৰি ব্যৱস্থাপনাসমূহৰ খতিয়ান গ্ৰহণ কৰে৷

অধিক বিৱৰণ বাবে

 

বেংক আৰু এনহিএফচিসমূহৰ ষ্টেকহ’ল্ডাৰসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বেংক আৰু এনবিএফচিসমূহৰ ষ্টেকহ’ল্ডাৰসকলৰ সৈতে ভৱিষ্যতৰ কৰ্মপন্থা সন্দৰ্ভত আলোচনা কৰে৷ দেশৰ উন্নতিৰ বাবে বিত্তীয় প্ৰতিষ্ঠান আৰু বেংকিং ব্যৱস্থাৰ সহযোগিতা সন্দৰ্ভত বৈঠকখনত আলোচনা কৰা হয়৷

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ম’ৰিছাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবিন্দ জুগনাথে যুটীয়াভাৱে উচ্চতম ন্যায়ালয়ৰ নতুন ভৱন মুকলি কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ম’ৰিছাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবিন্দ জুগনাথে ভিডিঅ’ কনফাৰেন্সযোগে যুটীয়াভাৱে আজি ম’ৰিছাছৰ উচ্চতম ন্যায়ালয়ৰ নতুন ভৱন মুকলি কৰে৷ এই ভৱন নিৰ্মাণত ভাৰতে সহযোগিতা কৰিছে৷

অধিক বিৱৰণৰ বাবে

কেভিআইচিৰ পৰা ১.৮০ লাখ মুখৰ মাস্ক ক্ৰয় কৰিব ইণ্ডিয়ান ৰে’ডক্ৰছ ছ’চাইটিয়ে

খাদীৰ মুখৰ মাস্কৰ উন্নত গুণগতমান তথা ব্যয়সাধ্য মূল্যৰ বাবে সমগ্ৰ দেশতে ই জনপ্ৰিয় হৈছে৷ এই পৰিপ্ৰেক্ষিতত কেভিআইচিয়ে ইণ্ডিয়ান ৰে’ডক্ৰছ ছ’চাইটিৰ পৰা ১.৮০ লাখ মুখৰ মাস্ক যোগান ধৰাৰ অৰ্ডাৰ লাভ কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • চণ্ডীগড়ঃ চণ্ডীগড় প্ৰশাসনে আয়ুক্ত, পৌৰ নিগমক সামাজিক ব্যৱধানৰ নীতি উলংঘা কৰা স্থানসমূহ চিনাক্ত কৰিবলৈ নিৰ্দেশ দিছে যাতে সেই স্থানসমূহত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়৷
  • পাঞ্জাৱঃ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰেন্দ্ৰ সিঙৰ নিৰ্দেশত ৰাজ্যখনত চলি থকা বাছসমূহত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰট’ক’লসমূহ বলৱৎ হৈছে নে নাই সেয়া পৰীক্ষা কৰা হয়৷ ৩৫০০ জন যাত্ৰী কঢ়িওৱা ১৮৬খন বাছ পৰীক্ষা কৰা হয় আৰু কেৱল ৯৬ জন লোকে মাস্ক পৰিধান নকৰাটো পৰিলক্ষিত হয়৷
  • হাৰিয়ানাঃ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক আগন্তুক ১০টা দিনৰ ভিতৰত ৯টা নতুন ক’ভিড-১৯ পৰীক্ষণ গৱেষণাগাৰ স্থাপন কৰিবলৈ নিৰ্দেশ দিছে৷
  • হিমাচল প্ৰদেশঃ মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত বাৰ্তালাপৰ বাবে তথ্য প্ৰযুক্তিৰ কাৰ্যকৰী ব্যৱহাৰে সহায় কৰিছে আৰু ইয়াৰ সম্পূৰ্ণ কৃতিত্ব হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ বীক্ষণ৷
  • কেৰালাঃ ১০,৩৫০ জন ৰোগী চিকিৎসকৰ তত্বাৱধানত আছে আৰু ১.৪৭ লাখ লোক নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৩৪,১১৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৭,৪৯০ জন৷ ৩৭৪১ জনৰ মৃত্যু হৈছে৷ চেন্নাইত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২,৭৩৫ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,১২,৫০৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৭,৪৪৮ জন৷ ২১৪৭ জনৰ মৃত্যু হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,২০,৩৯০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৩,৭৭১ জন৷ ১২১৩ জনৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬০,৭১৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৫,৬৪০ জন৷ ৫০৫ জনৰ মৃত্যু হৈছে৷ আৰোগ্য হৈছে ৪৪,৫৭২ জন৷
  • মণিপুৰঃ ৰাজ্যখনত ক’ভিড-১৯ৰ পৰিস্থিতিৰ খতিয়ান ল’বলৈ বিজেপি নেতৃত্বাধীন সহযোগী চৰকাৰখনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীয়ে বৈঠকত অংশগ্ৰহণ কৰে৷
  • নাগালেণ্ডঃ ৪৮ জন লোক নতুনলৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যাই ৪,০০,৬৫১ৰ সীমা স্পৰ্শ কৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১,৪৬,১২৯ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৯,১২৬ জন৷ ২৩৯৬ জনৰ মৃত্যু হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩,৫৩৫ জন৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪০,১৪৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০,৮১৭ জন৷ ৬৫৪ জন লোকৰ এই ৰোগত মৃত্যু হৈছে৷
  • মধ্য প্ৰদেশঃ বুধবাৰ পৰ্যন্ত মুঠ ৰোগীৰ সংখ্যা হ’ল ৩০,১৩৪ জন৷ ৯১৭ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি বুধবাৰে প্ৰতিবেদিত হৈছে৷

 

Image

 

Image



(Release ID: 1642429) Visitor Counter : 156