আয়ুষ

ক’ভিড-১৯ আক্ৰান্তৰ বাবে বিনামূলীয়া পৰীক্ষণ আৰু চিকিত্সা সেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে ‘অখিল ভাৰত আয়ুৰ্বেদ প্ৰতিষ্ঠান’য়ে

Posted On: 30 JUL 2020 12:03PM by PIB Guwahati

নতুন দিল্লীস্থিত অখিল ভাৰত আয়ুৰ্বেদ প্ৰতিষ্ঠান(এআইআইএ)য়ে ইয়াৰ স্বাস্থ্য কেন্দ্ৰত কভিড-১৯ আক্ৰান্ত ব্যক্তিৰ বাবে নমুনা পৰীক্ষণ আৰু চিকিত্সা সেৱা প্ৰদানৰ কাম আৰম্ভ কৰিছে বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী শ্ৰী শ্ৰীপদ য়েচু নায়কে।

যোৱা ২৮ জুলাইত মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰি কভিড আক্ৰান্তসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে কেন্দ্ৰটোত গ্ৰহণ কৰা যাৱতীয় ব্যৱস্থাৱলীৰো পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোত ভৰ্তি হোৱা সকলো কভিড আক্ৰান্তকে বিনামূলীয়াকৈ চিকিত্সা সেৱা আগবঢ়োৱা হব বুলি আনুষ্ঠানিভাবে ঘোষণা কৰে। তেওঁ কেন্দ্ৰটোত ভেণ্টিলেটৰকে ধৰি যাৱতীয় সকলো উপকৰণৰে সু-সজ্জিত এটা ইনটেনচিভ কেয়াৰ ইউনিট-ও আনুষ্ঠানিক ভাবে মুকলি কৰে।

উল্লেখ্য, দিল্লী চৰকাৰে ইতিমধ্যে এআইআইএ-ক কভিড-১৯ আক্ৰান্তৰ নমুনা পৰীক্ষণ কেন্দ্ৰ(আৰটি-পিচিআৰ আৰু ৰেপিড এণ্টিজেন পৰীক্ষা) হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ইফালে কভিড সংক্ৰান্তীয় যাৱতীয় তথ্য-পাতি সৰ্ব-সাধাৰণ ৰাইজক অৱগত কৰাৰ বাবে কেন্দ্ৰটোত ইতিমধ্যে এটা কল চেণ্টাৰো মুকলি কৰা হৈছে।

প্ৰণিধানযোগ্য যে, আয়ুষ মন্ত্ৰালয়ৰ তত্বাৱধানত পৰিচালিত হোৱা আইআইএ-য়ে প্ৰতিৰোধী আৰু আৰোগ্যকাৰী স্বাস্থ্য সেৱা আগবঢ়োৱাৰ লগতে অশ্বগন্ধা, নীম, কালমেঘ, গিলই-ৰ দৰে বনৌষধীৰে ঔষধ প্ৰস্তুত সম্পৰ্কীয় গৱেষণাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

***

MV/SK/KB



(Release ID: 1642426) Visitor Counter : 197