প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাচৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত প্ৰৱীন্দ জগনাথে যুটীয়াভাৱে উদ্বোধন কৰিব মৰিচাচৰ উচ্চতম ন্যায়ালয়ৰ নতুন ভৱন

प्रविष्टि तिथि: 28 JUL 2020 7:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাচৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত প্ৰৱীন্দ জগনাথে ৩০ জুলাই, ২০২০ত যুটীয়াভাৱে মৰিচাচৰ উচ্চতম ন্যায়ালয়ৰ নতুন  ভৱন উদ্বোধন কৰিব৷ মৰিচাচ আৰু ভাৰতৰ ন্যায়পালিকাৰ জ্যেষ্ঠ সদস্যবৃন্দ তথা অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত ভিডিঅকনফাৰেন্সযোগে এই উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হব৷ মৰিচাচৰ উচ্চতম ন্যায়ালয়ৰ ভৱনটো ভাৰতীয় অনুদানৰ জৰিয়তে নিৰ্মাণ কৰাৰ হৈছে আৰু এইটো ৰাজধানী চহৰ পৰ্ট লুইচৰ ভিতৰত কভিডৰ পাছত ভাৰতৰ সাহায্যৰে নিৰ্মিত প্ৰথমটো আন্তঃগাঁথনিমূলক প্ৰকল্প৷

ভাৰতে ২০১৬চন ৩৫৩ কোটি মার্কিন ডলাৰৰ বিশেষ আর্থিক পেকেজ মৰিচাচক প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। এই পেকেজৰ আওতাত থকা ৫টা প্ৰকল্প ভিতৰত এটা হৈছে উচ্চতম ন্যায়ালয়ৰ ভৱন। নির্দিষ্ট সময়ৰ পূৰ্বে নির্ধাৰিত ব্যয়েৰে কম টকাৰে এই প্ৰকল্পৰ কাম সম্পূর্ণ হৈছে। ,৭০০ বর্গমিটাৰ এলেকাৰ এই ১০ মহলীয়া ভৱনটো ২৫,০০০ বর্গমিটাৰ পৰিসৰ ভিতৰত গঢ়ি তোলা হৈছে। অত্যাধুনিক নক্সাৰ এই ভৱনটো পৰিৱেশ অনুকূল, তাপ আৰু শব্দ প্ৰতিৰোধী ব্যৱস্থাৰ লগতে বিদ্যু ৰাহি ব্যৱস্থাপনাও সন্নিৱিষ্ট কৰা হৈছে৷

প্ৰধানমন্ত্ৰী মোদী আৰু জগনাথে ২০১৯ৰ অক্টোবৰত মেট্র ৰেল প্ৰকল্পৰ প্ৰথম পর্যায় আৰু নতুন এক ইএনটি হাস্পতাল যুটীয়াভাবে উদ্বোধন কৰিছিল৷ বিশেষ আর্থিক পেকেজৰ অধীনত যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত এই মেট্র ৰেলৰ ১২ কিলোমিটাৰ লাইনৰ কাম শেষ হয়৷ দ্বিতীয় পর্যায়ত ১৪ কিলোমিটাৰ লাইনৰ কাম চলি আছে। ভাৰতে ইএনটি হাস্পতাল প্ৰকল্পত মৰিচাচত ১০০খন বিচনাযুক্ত এক হাস্পতাল নির্মাণৰ কামত সহায় কৰিছিল৷

উচ্চতম ন্যায়ালয়ৰ এই নতুন ভৱনটো চহৰৰ কেন্দ্ৰস্থলত এক গুৰুত্বপূর্ণ স্থাপত্যৰ নিদর্শনেই নহয়, বৰঞ্চ উভয় দেশৰ শক্তিশালী দ্বিপাক্ষিক সম্পর্কৰো প্ৰতীক হিচাপে বিবেচিত ব৷

***

 

VRRK/SH/DB


(रिलीज़ आईडी: 1642308) आगंतुक पटल : 249
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam