গৃহ মন্ত্ৰালয়

২০২০ বৰ্ষত দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত আগবঢ়োৱা পাৰদৰ্শিতাৰ বাবে “সুভাষ চন্দ্ৰ বসূ দুৰ্যোগ ব্যৱস্থাপনা পুৰস্কাৰ”ৰ মনোনয়ন দাখিলৰ আহ্বান ভাৰত চৰকাৰৰ

প্ৰতি বছৰৰ ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসূৰ জন্ম বাৰ্ষিকীত এই বঁটাসমূহ ঘোষণা কৰা হয়

৩১আগষ্ট, ২০২০লৈকে www.dmawards.ndma.gov.inত ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহে মনোনয়ন আপলোড কৰিব পাৰিব

Posted On: 30 JUL 2020 11:39AM by PIB Guwahati

ভাৰত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত আগবঢ়োৱা পাৰদৰ্শিতাৰ বাবে সুভাষ চন্দ্ৰ বসূ দুৰ্যোগ ব্যৱস্থাপনা পুৰস্কাৰ মনোনয়ন দাখিলৰ আহ্বান জনাইছে৷ ২০২০ বৰ্ষৰ সুভাষ চন্দ্ৰ বসূ দুৰ্যোগ ব্যৱস্থাপনা পুৰস্কাৰৰ অনলাইন আৱেদন প্ৰক্ৰিয়া বৰ্তমান খোলা হৈছে৷ ৩১আগষ্ট, ২০২০লৈকে www.dmawards.ndma.gov.inত ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহে মনোনয়ন আপলোড কৰিব পাৰিব৷ প্ৰতি বছৰৰ ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসূৰ জন্ম বাৰ্ষিকীত এই বঁটাসমূহ ঘোষণা কৰা হয়৷

দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কৰা কৰ্ষমূলক কাম-কাজৰ স্বীকৃতি প্ৰদানৰ বাবে ভাৰত চৰকাৰে সুভাষ চন্দ্ৰ বসূ দুৰ্যোগ ব্যৱস্থাপনা পুৰস্কাৰৰ প্ৰচেষ্টা হাতত লয়৷ এই বঁটাত এখন প্ৰমাণ-পত্ৰৰ লগতে প্ৰতিষ্ঠানৰ ক্ষেত্ৰত ৫১লাখ আৰু ব্যক্তিক ৫লাখকৈ নগদ ধন আগবঢ়োৱা হয়৷

এই বঁটাৰ বাবে এগৰাকী ব্যক্তিয়ে আৱেদন কৰিব পৰাৰ লগতে অন্যান্য ব্যক্তি বা প্ৰতিষ্ঠানকো মনোনীত কৰিব পাৰে৷ মনোনীত ব্যক্তি বা প্ৰতিষ্ঠানসমূহে দুৰ্যোগ ব্যৱস্থাপনা ক্ষেত্ৰ যেনে-প্ৰতিৰোধ, সমাধান, প্ৰস্তুতি, উদ্ধাৰ, সঁহাৰি, সাহায্য, পুনৰসংস্থাপন, গৱেষণা, উদ্ভাৱন আৰু ভাৰতত দুৰ্যোগ আগজাননীৰ দৰে কাম কৰিব লাগিব৷

উল্লেখ্য যে দুৰ্যোগে আমাৰ সমাজৰ মানৱ জীৱন. জীৱিকা আৰু সম্পত্তিৰ ব্যাপক ক্ষতি কৰে৷ দেশৰ এনে দুৰ্যোগৰ সময়ত বহু ব্যক্তি আৰু প্ৰতিষ্ঠানে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এনে ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক সন্মানৰ জৰিয়তে স্বীকৃতি প্ৰদান কৰাৰ প্ৰচেষ্টা হাতত লৈ আহিছে, যাতে তেওঁলোকে ইয়াৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব পাৰে আৰু আনেও ইয়াৰ দ্বাৰা সাহিত হয়৷

*****

NW/RK/PK/DDD/AD/DB



(Release ID: 1642298) Visitor Counter : 184