ভাৰতীয় নিৰ্বাচন আয়োগ

ভাৰতৰ নিৰ্বাচন আয়োগৰ বক্তব্য

Posted On: 28 JUL 2020 1:27PM by PIB Guwahati

জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল শ্ৰী জি চি মুৰ্মুৰ উদ্ধৃতিৰে দি ট্ৰিবুন’-ত আজি অৰ্থাত্ ২৮ জুলাই ২০২০ত জে এণ্ড কে পলছ আফ্টাৰ ডিলিমিটেশ্যন শীৰ্ষক বাতৰি এটা প্ৰকাশিত হৈছে। একেধৰণে উপ-ৰাজ্যপালগৰাকীৰ বক্তব্যৰ উল্লেখৰে ইয়াৰ আগতে যোৱা ১৮-১১-২০১৯তাৰিখে দি হিন্দু-ত, ১৪-১১-২০১৯তাৰিখে নিউজ ১৮ত, ২৬-০৬-২০২০তাৰিখে হিন্দুস্তান টাইমছ-ত আৰু ২৮-০৭-২০২০তাৰিখে ইকনমিক্স টাইমছ(ই-পেপাৰ)তো বাতৰি পৰিৱেশিত হৈছিল। এইসমূহ বক্তব্যক আপত্তিজনক বুলি বিবেচনা কৰা নিৰ্বাচন আয়োগে স্পষ্ট কৰি দি কয় যে নিৰ্বাচন সম্পৰ্কীয় সাংবিধানিক বিধি-ব্যৱস্থা, সময় আদিৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ আগতে আয়োগে নিৰ্বাচন অনুষ্ঠিত হব লগা অঞ্চলসমূহৰ পাৰিপাৰ্শ্বিক পৰিৱেশ, বতৰ, আঞ্চলিক আৰু স্থানীয় এলেকাসমূহত উদযাপিত উত্সৱ আদিয়ে সৃষ্টি কৰিব পৰা আবেগ-অনুভূতিৰ দৰে প্ৰসংগসমূহ বিবেচনা কৰিহে এই ক্ষেত্ৰত আগবাঢ়ে। উদাহৰণ স্বৰূপে, শেহতীয়া প্ৰেক্ষাপটত কভিড-১৯য়ে আন এক নতুন পৰিস্থিতিৰ সৃষ্টি কৰিছে। স্বাভাৱিকতেই এই পৰিস্থিতিকো বিবেচনা কৰাৰ প্ৰয়োজন থাকিব; উপযুক্ত সময়ত এয়া নিশ্চয় বিবেচিত হব লাগিব। সেইদৰে, কেন্দ্ৰীয় বাহিনীসমূহৰ উপলব্ধতা, তেওঁলোকক অনা-নিয়া কৰিব পৰাকৈ ৰেলৰ ডবা আদিৰ পৰ্যপ্ততাৰ দৰে প্ৰসংগসমূহো চালি-জাৰি চাব লাগিব। আয়োগৰ জ্যেষ্ঠ বিষয়া-বৰ্গই এইবোৰ খুটি-নাটি মাৰি চোৱাৰ লগতে সংশ্লিষ্ট প্ৰাধিকাৰীসমূহৰ সৈতে প্ৰয়োজনীয় আলাপ-আলোচনা কৰি বিস্তৃত প্ৰতিবেদন যুগুতাব লাগিব। প্ৰয়োজনত আয়োগে নিজেও সংশ্লিষ্ট ৰাজ্যলৈ গৈ পোনপতীয়া ভাবে সকলো অংশীদাৰী পক্ষৰে বিস্তৃত আলোচনাত মিলিত হব লাগিব। সেয়ে, নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচন আয়োগৰ বাহিৰে আন কোনো প্ৰাধিকাৰীয়ে ব্যক্তব্য প্ৰদান কৰাৰ পৰা বিৰত থকা উচিত, অন্যথা এনে আচৰণ বস্তুতঃ নিৰ্বাচন আয়োগৰ সংবিধান প্ৰদত্ত দায়িত্বৰ ওপৰত হস্তক্ষেপ তুল্যহে হটব।

 

SBS/KB



(Release ID: 1641904) Visitor Counter : 191