PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 26 JUL 2020 6:31PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

Image

এদিনতে সৰ্বাধিক সংখ্যক লোকে আৰোগ্য লাভ কৰিছে; ৩৬,০০০ত কৈও অধিক লোকক মুকলি কৰি দিয়া হৈছে; সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪ লক্ষাধিক হৈছে; আৰোগ্যৰ হাৰে স্পৰ্শ কৰিছে নতুন উচ্চতা, আজি প্ৰায় ৬৪% হৈছে

কালি এদিনতে সৰ্বাধিক সংখ্যক লোকে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ৩৬,১৪৫ জন ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ ইয়াৰ জৰিয়তে আৰোগ্য হোৱা মুঠ লোকৰ সংখ্যা হ’ল ৮,৮৫,৫৭৬ জন৷ আৰোগ্যৰ হাৰে ৬৪%ৰ সীমা প্ৰায় স্পৰ্শ কৰিছে৷ সক্ৰিয় ৰোগী আৰু আৰোগ্য হোৱা লোকৰ সংখ্যাৰ ব্যৱধান হ’ল ৪,১৭,৬৯৪ জন৷  বিগত ২৪ ঘণ্টাত ৪,৪২,২৬৩টা নমুনা পৰীক্ষণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰীয়ে ২৭ জুলাই তাৰিখে মুকলি কৰিব উচ্চ থ্ৰ’পুটৰ ক’ভিড-১৯ৰ পৰীক্ষণ সুবিধা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জুলাই তাৰিখে ভিডিঅ’ কনফাৰেন্সিং যোগে উচ্চ থ্ৰ’পুটৰ ক’ভিড-১৯ৰ পৰীক্ষণ সুবিধা মুকলি কৰিব৷ ইয়াৰ জৰিয়তে পৰীক্ষণ সামৰ্থ বৃদ্ধি হোৱাৰ লগতে ৰোগৰ আগতীয়া চিনাক্তকৰণ তথা চিকিৎসাতো সহায়ক হ’ব৷

অধিক বিৱৰণৰ বাবে

২৬.০৭.২০২০ তাৰিখে ‘মন কী বাত ২.০’ৰ ১৪তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কা ভাষণৰ লিখিত ৰূপ

আজি ২৬ জুলাই আৰু আজিৰ দিনটো অতিশয় উল্লেখযোগ্য৷ আজি ‘কাৰ্গিল বিজয় দিৱস’৷ ২১ বছৰ পূৰ্বে আজিৰ দিনটোতেই আমাৰ সেনাই ভাৰতৰ বিজয় ধ্বজ্বা উৰুৱাইছিল৷ বন্ধুসকল, কাৰ্গিলৰ যুদ্ধ কি পৰিস্থিতিত হৈছিল সেয়া ভাৰতে কেতিয়াও পাহৰিব নোৱাৰে৷ পাকিস্তানে ভাৰতৰ ভূমি হস্তগত কৰিবলৈ তথা দেশৰ অন্তঃকলহৰ সুযোগ লৈ লক্ষ্য বিপথে নিবলৈ দুঃসাহস কৰিছিল৷ ভাৰতে তেতিয়া পাকিস্তানৰ সৈতে সুসম্পৰ্ক গঢ়িবলৈ প্ৰয়াসো কৰিছিল৷

বিগত কিছু মাহৰ পৰা সমগ্ৰ দেশে ঐকৱদ্ধ হৈ যিদৰে ক’ৰোনাৰ বিৰুদ্ধে যুঁজি আছে, তাৰ দ্বাৰা অনেক আশংকা ভুল বুলি প্ৰতীয়মান হৈছে৷ আজি আমাৰ দেশত আৰোগ্যৰ হাৰ অন্য দেশৰ তুলনাত অধিক৷ লগতে আমাৰ দেশত ক’ৰোনাৰ ফলত হোৱা মৃত্যুৰ হাৰ অধিকাংশ দেশতকৈ কম৷  নিশ্চিত ৰূপত এজনো ব্যক্তিৰ মৃত্যু হোৱাটো অতিশয় দুখৰ কথা কিন্তু ভাৰতে নিজৰ লক্ষাধিক নাগৰিকৰ জীৱন ৰক্ষা কৰাতো সফল হৈছে৷ কিন্তু বন্ধুসকল, ক’ৰোনাৰ বিপদ এতিয়াও আঁতৰা নাই৷ বহু স্থানত ই দ্ৰুত গতিত বিয়পিব ধৰিছে৷ আমি অধিক সতৰ্ক হৈ থাকিব লাগিব৷ আমি লক্ষ্য ৰাখিব লাগিব যে ক’ৰোনা এতিয়াও সিমানেই প্ৰাণঘাতক যি আৰম্ভণিতে আছে৷ সেয়ে আমি সম্পূৰ্ণ সাৱধানতা পালন কৰিব লাগিব৷ মুখত মাস্ক লগোৱা অথবা গামোচাৰ ব্যৱহাৰ কৰা, দুই গজৰ দূৰত্ব মানি চলা, নিৰন্তৰে হাত ধোৱা, কেতিয়াও ক’তো থু নেপেলোৱা, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰখা-এয়াই আমাৰ হাতিয়াৰ যিয়ে আমাক ক’ৰোনাৰ পৰা ৰক্ষা কৰিব পাৰে৷ কেতিয়াবা কেতিয়াবা আমি মাস্কৰ পৰা সমস্যা পাও আৰু মুখৰ পৰা মাস্কখন আঁতৰাই দিবলৈ মন হয়৷ কথা-পতা আৰম্ভ কৰো৷ যেতিয়া মাস্কৰ প্ৰয়োজন অধিক হয় তেতিয়াই আমি মাস্কখন আঁতৰাই দিও৷ এনে সময়ত মই আপোনালোকক আহ্বান জনাইছো যে যেতিয়াই আপোনালোকে মাস্কৰ ফলত সমস্যা অনুভূত কৰে, তাক আঁতৰাই পেলোৱাৰ বাসনা হয়, অলপ সময়ৰ বাবে সেই চিকিৎসকসকলক স্মৰণ কৰক, সেই নাৰ্ছসকলক স্মৰণ কৰক, আমাৰ সেই ক’ৰোনা যোদ্ধাসকলক স্মৰণ কৰক, আপুনি লক্ষ্য কৰিব, তেওঁলোকে মাস্ক পৰিধান কৰি ঘণ্টাজুৰি আমাৰ জীৱন ৰক্ষা কৰাৰ বাবে নিয়োজিত হৈছে৷

অধিক বিৱৰণৰ বাবে

ক’ৰোনা ভাইৰাছৰ ৰোগীক নিন্দা আৰু ক’ভিড-১৯ৰ মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে অস্বীকাৰ কৰা কাৰ্যত উদ্বেগ প্ৰকাশ কৰিছে উপ ৰাষ্ট্ৰপতিয়ে

উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুয়ে আজি ক’ভিড-১৯ ৰোগীক নিন্দা আৰু ৰোগত মৃত্যুবৰণ কৰা লোকৰ অন্ত্যেষ্টিক্ৰিয়াক অস্বীকাৰ কৰা কাৰ্যত ব্যথা প্ৰকাশ কৰিছে৷ তেওঁ স্থানীয় সম্প্ৰদায়ক তেনে ধৰণৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ আহ্বান জনাইছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশৰ ইটানগৰ অঞ্চলত ৰেপিড এণ্টিজেন পৰীক্ষণৰ পিছত ৩৫ জন লোকৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে৷
  • মণিপুৰঃ মণিপুৰত চলিত লকডাউনৰ ব্যৱস্থা অধিক কঠোৰ কৰি তুলিবলৈ মুখ্যমন্ত্ৰীৰ সভাপতিত্বত ক’ভিড-১৯ ৰাজ্যিক পৰামৰ্শ কমিটিৰ এখন বৈঠক অনুষ্ঠিত হয়৷
  • মিজোৰামঃ মিজোৰামত ১০জন ক’ভিড-১৯ ৰোগীক আজি মুকলি কৰি দিয়া হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৬১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৬৮ জন৷ ১৯৩ জনক মুকলি কৰি দিয়া হৈছে৷
  • নাগালেণ্ডঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৩৩৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৯৪ জন৷ ৫৪১ জনে আৰোগ্য লাভ কৰিছে৷
  • ছিক্কিমঃ ১ আগষ্টলৈ লকডাউন সম্প্ৰসাৰিত কৰা হৈছে বুলি ছিক্কিম চৰকাৰে এক জাননী জাৰি কৰিছে৷
  • কেৰালাঃ মুঠ ৯৪২০ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে আৰু ৫৪ লাখ লোকে ৰাজ্যখনৰ বিভিন্ন স্থানত চিকিৎসকৰ নিৰীক্ষণত আছে৷
  • তামিলনাডুঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ২,০৬,৭৩৭ জন ৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৯০,৯৪২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৫,৩৮৮ জন৷ ১৭৯৬ জনৰ মৃত্যু হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৮৮,৬৭১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৪,৪৩১ জন৷ ৯৮৫ জনৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৪,০৫৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২,২৬৪ জন৷ ৪৬৩ জনৰ মৃত্যু হৈছে৷ ৪১,৩৩২ জনক মুকলি কৰি দিয়া হৈছে৷
  • পাঞ্জাৱঃ ২০২০-২১ শিক্ষা বৰ্ষৰ বাবে ৰাজ্যখনৰ কোনো চৰকাৰী বিদ্যালয়ে নাম ভৰ্তিৰ মাচুল আদায় কৰিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে৷
  • হাৰিয়ানাঃ কেন্দ্ৰীয় ৰাজ্যিক যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱে কয় যে হাৰিয়ানাৰ পঞ্চকুলাই ‘খেলো ইণ্ডিয়া ইয়থ গেমছ-২০২১’ৰ চতুৰ্থতম সংস্কৰণৰ আয়োজন কৰিব৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩,৬৬,৩৬৮ জন৷ বিগত ২৪ ঘণ্টাত ৯২৫১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৪,৭১২ জন৷ আৰোগ্য লাভ কৰিছে ৩৯,৬১২ জনে৷
  • ৰাজস্থানঃ ৰাজ্যখনত এদিনতে চল্লিশ সহস্ৰাধিক ক’ভিড-১৯ৰ নমুনা পৰীক্ষণ কৰা হৈছে৷  ৰাজ্য চৰকাৰে ক’ভিড-১৯ৰ পৰীক্ষণৰ বাবে নতুন নিৰ্দেশনাৱলী জাৰি কৰিছে৷

Image

Image

 


(Release ID: 1641442)