বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ৰ বাবে দ্রুত নিয়ন্ত্ৰক পৰিকাঠামো

Posted On: 25 JUL 2020 11:06AM by PIB Guwahati

ছিভিয়াৰ একিউট ৰেছপিৰেটৰী ছিনড্ৰম ক’ৰোনা ভাইৰাছ- (ছাৰ্ছ-ক’ভ-) সাধাৰণতে ন’ভেল ক’ৰোনা ভাইৰাছ-২০১৯ হিচাপে জনাজাত৷ ২০১৯ৰ ডিচেম্বৰত চীনৰ য়ুহানত প্ৰথম এই ভাইৰাছৰ সংক্ৰমণৰ খবৰ পোৱা যায়। ইয়াৰ প্ৰভাৱ মাৰাত্মক ৰূপত সমগ্ৰ বিশ্বত বিয়পি পৰে৷ ২০২০ৰ জানুৱাৰীত বিশ্ব স্বাস্থ্য সংস্থা (হু) ইয়াক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বাস্থ্যজনিত বিপদ (পাবলিক হেল্থ ইমার্জেন্সি অফ ইণ্টাৰনেচনেল কনচার্ন- পিএইচইআইচি) বুলি ঘোষণা কৰে৷ কিন্তু এই ভাইৰাছৰ সংক্ৰমণ ইমান দ্রুত গতিত হ’ল যে বিশ্ব স্বাস্থ্য সংস্থাই মার্চ মাহত ইয়াক মহামাৰী বুলি ঘোষণা কৰে৷


বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা জৈৱ প্ৰযুক্তি বিভাগে ক’ভিড-১৯ৰ ফলত স্বাস্থ্য ক্ষেত্রত দেখা দিয়া সংকট মোকাবিলা কৰাৰ বাবে এই ভাইৰাছৰ সংক্ৰমণৰ কাৰণ নির্ণয়, ইয়াৰ প্ৰতিৰোধৰ বাবে চিকিসা ব্যৱস্থাপনা, ঔষধ আৰু প্ৰতিষেধক প্ৰস্তুত কৰা বাবে প্ৰচেষ্টা গ্ৰহণ কৰে৷ ডিবিটিয়ে দ্রুতগতিত বিভিন্ন গৱেষণা আৰু প্ৰযুক্তিগত হস্তক্ষেপৰ সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰে৷ ক’ভিড-১৯ৰ মোকাবিলা কৰিবলৈ সর্বোচ্চ পৰ্যায়ত গৱেষণা আৰু উদ্ভাৱনমূলক কাম-কাজত সহায় কৰাৰ বাবে ডিবিটিয়ে এক দ্রুত ব্যৱস্থা গ্ৰহণেৰে নিয়ন্ত্ৰণ পৰিকাঠামো গঢ়ি তুলিছে৷

এই পৰিকাঠামোৰ অধীনত টিকা, ভাইৰাছ সংক্ৰমণৰ কাৰণ, প্ৰতিষেধক আৰু চিকিসাজনিত দিশৰ মোকাবিলা কৰাৰ বাবে ২০ মার্চত এটা সিদ্ধান্ত গ্ৰহণ কৰা হয়। টিকা, প্ৰতিষেধক আৰু ৰোগ নির্ণয়ৰ বাবে বিভিন্ন ব্যৱস্থাপনাত সহায় কৰা এই প্ৰচেষ্টাৰ বিষয়ে জানিবলৈ এই লিংকত ক্লিক কৰক-
dbtindia.gov.in/sites/default/files/om_covid19.pdf


বিভিন্ন গৱেষণাগাৰত ক’ভিড-১৯ৰ নমুনাসমূহৰ গৱেষণা আৰু অন্যান্য পৰীক্ষা-নিৰীক্ষা কৰাৰ বাবে কিদৰে সেইবোৰ ৰাখিব লাগিব সেই সন্দৰ্ভত ৮এপ্রিলত এক নির্দেশনা জাৰি কৰা হয়। এই নির্দেশনাটো জানিবলৈ এই লিংকত ক্লিক কৰক-dbtindia.gov.in/sites/default/files/OM_Interim_Guidance_COVID.pdf


ক’ভিড-১৯ৰ বাবে টিকা উদ্ভাৱনৰ কামত গৱেষণাৰ ক্ষেত্রত তাক প্ৰয়োগৰ বাবে কি কি দিশত সতর্ক থাকিব লাগিব আৰু টিকাৰ মূল উপাদানসমূহ প্ৰয়োগৰ ফলত কোন পাৰ্শ্বক্ৰিয়া দেখা দিলে কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগি সেই বিষয়ে সতকর্তা অৱলম্বনৰ বাবে বিভাগে ২৬ মে’ত আগবঢ়োৱা পৰামর্শসমূহ প্ৰত্যক্ষ কৰাৰ বাবে এই লিংকত ক্লিক কৰক-dbtindia.gov.in/sites/default/files/Checklist_Recombinant%20Vaccine%20_COVID%2019.pdf

 

ক’ভিড-১৯ৰ বিষয়ে গৱেষণা আৰু উদ্ভাৱনীমূলক কাম-কাজ গতি প্ৰদান কৰিবলৈ ডিবিটিয়ে এক পর্যালোচনা সমিতি গঠন কৰে৷ এই পর্যালোচনা সমিতিয়ে জিনগত পৰিৱর্তনৰ কামৰ সন্দৰ্ভতো আলোচনা কৰি আহিছে৷

বৰ্তমানলৈকে সমিতিখনে শতাধিক আৱেদন লাভ কৰিছে। ক’ভিড-১৯ৰ বাবে বিভিন্ন ধৰণৰ নমুনা আমদানি কৰা বা ৰপ্তানি কৰাকে ধৰি বিভিন্ন প্ৰতিষ্ঠান, বিশ্ববিদ্যালয় আৰু উদ্যোগ প্ৰতিষ্ঠানে প্ৰতিষেধক, ৰোগ নির্ণয়ৰ কাৰণ তথা ক’ভিডক লৈ যি যি গৱেষণা কৰিছে তা তথ্য সেই আৱেদনসমূহত আছে৷

(অধিক তথ্যৰ বাবে www.dbtindia.gov.in www.birac.nic.in যোগাযোগ কৰিব পাৰিব৷)

*****

NB/KGS/(DBT Release)/DB



(Release ID: 1641235) Visitor Counter : 216