বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ভাৰত-ৰাছিয়া যুটীয়া গৱেষণা আৰু উন্নয়ন সহযোগিতা তথা ইখনে সিখন দেশৰ প্ৰযুক্তি গ্ৰহণ কৰাৰ বাবে ১৫ কোটি টকাৰ পুঁজি আৰম্ভ কৰিলে ডিএছটিয়ে

प्रविष्टि तिथि: 24 JUL 2020 12:14PM by PIB Guwahati

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে ভাৰতীয় বাণিজ্য আৰু উদ্যোগ মহাসংঘ(ফিকি) আৰু ৰাছিয়াৰ লঘূ নতুন উদ্যোগৰ সহায় আগবঢ়োৱাৰ বাবে ফাউণ্ডেশ্যন (এফএএছআইই) সহযোগত ভাৰত-ৰাছিয়া যুটীয়া প্ৰযুক্তিগত মূল্যায়ন আৰু ত্বৰান্বিত বাণিজ্যিকীকৰণ কাৰ্যসূচীৰ আৰম্ভ কৰিছে৷ এই কাৰ্যসূচী বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা(এছএণ্ডটি) দ্বাৰা পৰিচালিত ভাৰতীয় আৰু ৰাছিয়া এছএমই আৰু ষ্টাৰ্ট আপৰ প্ৰযুক্তিগত বিকাশৰ বাবে আৰু এখনে ইখন দেশৰ প্ৰযুক্তি গ্ৰহণ কৰাৰ বাবে যুটীয়া গৱেষণা আৰু উন্নয়নৰ সৈতে জড়িত৷

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই ২৩ জুলাই, ২০২০ত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি কয় যে ভাৰত আৰু ৰাছিয়াৰ মাজত দীৰ্ঘদিনৰে পৰা দ্বিপাক্ষিক বৈজ্ঞানিক সহযোগিতা অব্যাহত আছে৷ তেওঁ কয় যে ভাৰত-ৰাছিয়া যুটীয়া প্ৰযুক্তি মুল্যায়ন আৰু ত্বৰান্বিত বাণিজ্যিকীকৰণ কাৰ্যসূচীৰ শুভাৰম্ভণিয়ে দুয়োখন দেশৰ মাজত বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু অভিনৱ উদ্ভাৱন সম্পৰ্ক শক্তিশালী কৰাৰ দিশত আৰু এখোজ আগুৱালে৷ এই পদক্ষেপ অতি সময়োপযোগী, য’ত আমি এনে প্ৰযুক্তি বিকাশৰ বাবে যুটূীয়া বৌদ্ধিক আৰু বিত্তীয় সম্পদৰ লাভ আদায় কৰিব পাৰো, যি অনগাত দিনত সমস্যাৰ সমাধান দিব৷ তেওঁ এই কাৰ্যসূচীৰ ব্যাপক সফলতা কামনা কৰে৷

ৰাছিয়াস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত শ্ৰী ডি বি ভেংকটেশ বাৰ্মাই কয় যে ভাৰতৰ হাতত বিশ্বৰ ভিতৰতে অন্যমত ষ্টাৰ্ট-আপ পৰিস্থিতি তন্ত্ৰ আছে আৰু ইয়াৰ বৃহ সংখ্যাই দেশখনৰ ব্যাপক প্ৰতিভাৰ প্ৰমাণ৷ তেওঁ কয় যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা উদ্ভাৱনী আৰু উদ্যমিতা দুয়োখন দেশে অগ্ৰাধিকাৰ দিছে আৰু এই এজেণ্ডা অতি গুৰুত্বপূৰ্ণ বিষয় হ’ব, কিয়নো চলিত বৰ্ষৰ শেষৰফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত ভ্ৰমণলৈ যাব৷

ৰাছিয়াৰ লঘূ নতুন উদ্যোগৰ সহায় আগবঢ়োৱাৰ বাবে ফাউণ্ডেশ্যনৰ সঞ্চালক প্ৰধান শ্ৰী ছাৰ্গে পালিঅ’কোভে কয় যে আমি ভাৰত-ৰাছিয়া যুটীয়া প্ৰযুক্তি মুল্যায়ন আৰু ত্বৰান্বিত বাণিজ্যিকীকৰণ কাৰ্যসূচী আৰম্ভ কৰিবলৈ পাই নথৈ আনন্দিত হৈছো৷ তেওঁ কয় যে আমি বিজ্ঞান, প্ৰযুক্তিবিদ্যা, উদ্ভাৱন আৰু উদ্যমশীলতাৰ পৰিস্থিতি তন্ত্ৰত ভাৰতৰ জ্ঞান আৰু বিশেষজ্ঞতা বিষয়ে জানো আৰু এই কাৰ্যসূচীত ভাৰতৰ সহযোগী হ’বলৈ পাই যথেষ্ট উসাহিত হৈছো৷

ভাৰতীয় বাণিজ্য আৰু উদ্যোগ মহাসংঘৰ মহাসচিব শ্ৰী দিলীপ ছেনোই কয় যে ভাৰত-ৰাছিয়া যুটীয়া প্ৰযুক্তি মুল্যায়ন আৰ ত্বৰান্বিত বাণিজ্যিকীকৰণ কাৰ্যসূচীৰ শুভাৰম্ভণিয়ে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিশত সহযোগিতা আৰু শক্তিশালী কৰাৰ বাবে দুয়োখন দেশৰ প্ৰতিশ্ৰুতিকে প্ৰমাণিত কৰিছে৷ তেওঁ লগতে কয় যে এই কাৰ্যসূচীয়ে দুয়োখন দেশৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ দিশত শক্তি যোগাব৷

এই কাৰ্যসূচী দুবছৰীয়া, য’ত প্ৰত্যেক চক্ৰত পাঁচ প্ৰকল্পত বিত্ত যোগান ধৰা হ’ব৷ ইয়াৰ অধীনত আইটি তথা আইচিটি(এআই, এআ, বিআৰসহ), ঔষধ, আৰু ফাৰ্মাচিউটিকেল, নবীকৰণযোগ্য শক্তি, এইৰোস্পেচ, বিকল্প প্ৰযুক্তি, পৰিৱেশ, নতুন সামগ্ৰী, জৈৱ প্ৰযুক্তি, ৰ’ব’টিকছ আৰু দ্ৰোণ অন্তৰ্ভূক্ত আছে৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ হৈ ভাৰতত এই কাৰ্যসূচী ফিকিয়ে ৰূপায়ণ কৰিব৷ ইয়াৰ বাবে ১৫ কোটি টকাৰ পুঁজি যোগান ধৰা হ’ব৷

কাৰ্যসূচীৰ বাবে দুটা ব্যাপক শ্ৰেণী অৰ্থা যুটীয়া অংশীদাৰিত্ব প্ৰকল্প আৰু প্ৰযুক্তিবিদ্যা হস্তান্তৰ/গ্ৰহণৰ অধীনত আৱেদন গ্ৰহণ কৰা হৈছে৷ প্ৰথম পৰ্যা.ৰ আৱেদনৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ, ২০২০৷ এই উদ্দেশ্যে এক সম্পৰ্কিত ৰ্টেল www.indiarussiainnovate.org বিকশিত কৰা হৈছে৷

 

*****

NB/KGS/(DST Media Cell)/DB


(रिलीज़ आईडी: 1641030) आगंतुक पटल : 582
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Tamil , Malayalam