খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়

‘জোৰাম মেগা ফুড পাৰ্ক’ ৫০০০লোকক কৰ্ম সংস্থাপন দিয়াৰ লগতে প্ৰায় ২৫০০০কৃষককো উপকৃত কৰিব : হৰচিমৰট কৌৰ বাদল

মিজোৰামৰ প্ৰথমখন মেগা ফুড পাৰ্কে অতিৰিক্তভাবে প্ৰায় ২৫০ কোটি টকাৰ বিনিয়োগ সম্ভৱ কৰি তুলিব

খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাৰে উত্তৰ পূৰ্বাঞ্চলৰ বাবে ৮৮টা প্ৰকল্পলৈ অনুমোদন

Posted On: 20 JUL 2020 2:37PM by PIB Guwahati

‘জোৰাম মেগা ফুড পাৰ্ক’ৰ ‘মূল সংসাধন কেন্দ্ৰ’(চিপিচি) আৰু ‘প্ৰাথমিক সংসাধন কেন্দ্ৰ’(পিপিচি)ৰ বিভিন্ন কৰ্ম-কাজত  প্ৰত্যক্ষ আৰু প্ৰৰোক্ষভাবে ৫০০০ লোকক কৰ্ম সংস্থাপন দিয়াৰ লগতে প্ৰায় ২৫০০০কৃষককো উপকৃত কৰিব বুলি অভিমত ব্যক্ত কৰে কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী হৰচিমৰত্ কৌৰ বাদলে। মিজোৰামত স্থাপন কৰা ‘জোৰাম মেগা ফুড পাৰ্ক’ৰ ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে শুভাৰম্ভ ঘোষণা কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে, মিজোৰামৰ প্ৰথম খন মেগা ফুড পাৰ্কত স্থাপিত হ’ব লগা প্ৰায় ৩০টা খাদ্য-সংসাধন গোটৰ জৰিয়তে ৰাজ্যখনলৈ অতিৰিক্তভাবে প্ৰায় ২৫০কোটি টকাৰ বিনিয়োগ সম্ভৱ কৰি তোলাৰ লগতে বছৰি ৪৫০ৰ পৰা ৫০০ কোটি টকাৰ বাণিজ্যিক সম্ভাৱনীয়তা প্ৰকট কৰি তুলিব। খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীৰ লগতে উত্তৰ পূৰ্বাঞ্চল উন্নয়ণ বিভাগ (ডনাৰ)ৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ উপস্থিত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মিজোৰামৰ মুখ্য সচিব শ্ৰী লনুনমায়িৱা চুৱাওগো, মিজোৰামৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী লালথাংলিয়ানা, পেন্সন আৰু নিয়োগ দপ্তৰৰ মন্ত্ৰী শ্ৰী আৰ লালঝিৰলিয়ানা, লোকসভাৰ সাংসদ শ্ৰী চি লালৰোছাংগা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলেও ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

মিজোৰামৰ কলাছিব জিলাৰ খামৰেং গাঁৱত স্থাপন কৰা ফুড পাৰ্কখন বিকশিত কৰিছে ‘মেছাৰ্ছ জোৰাম মেগা পাৰ্ক প্ৰইভেট লিমিটেড’য়ে। মিজোৰামত স্থাপন কৰা এইখন প্ৰথম ফুড পাৰ্ক।

প্ৰসংগক্ৰমে, মন্ত্ৰী শ্ৰীমতী বাদলে তথ্য দাঙি ধৰি কয় যে উত্তৰ পূৰ্বাঞ্চলৰ বাবে খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাৰে পৰিচালিত হ’ব লগা ৮৮টা প্ৰকল্পলৈ এই পৰ্যন্ত অনুমোদন জনোৱাৰ উপৰি ৪১টা প্ৰকল্প ইতিমধ্যে ৰূপায়িত কৰা হৈছে। অনুমোদিত প্ৰকল্পসমূহত প্ৰায় ১০০০ কোটি টকা ব্যয় কৰা হ’ব ইয়াৰে ৫২০ কোটি টকা ৰাজসাহায্য হিচাপে আগবঢ়োৱা হৈছে।

 

*****

RJ/NG/KB



(Release ID: 1640035) Visitor Counter : 216