বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

গুৰুত্বপূৰ্ণ অভিজ্ঞতা, নতুন সহযোগিতামূলক খণ্ডৰ অগ্ৰাধিকাৰক গুৰুত্ব আৰোপ কৰি শক্তি খণ্ডৰ কৌশলগত অংশীদাৰিত্বক লৈ ভাৰত-মার্কিন যুক্তৰাষ্ট্ৰৰ মন্ত্রী পর্যায়ৰ বৈঠক

प्रविष्टि तिथि: 18 JUL 2020 11:42AM by PIB Guwahati

ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই ছুপাৰ ক্ৰিটিকেল কাৰ্বনডাই অক্সাইড (CO2) পাৱাৰ চাইকল আৰু আধুনিক কয়লা প্ৰযুক্তিকে ধৰি কার্বন নিয়ন্ত্ৰণ, কার্বনৰ সদ্ব্যৱহাৰ আৰু কার্বন সঞ্চয়ৰ পদ্ধতিৰ ওপৰত ভিত্তি কৰি বিকল্প শক্তি পাদনৰ বিভিন্ন দিশক লৈ গৱেষণাৰ লক্ষ্যৰে সহযোগিতা গঢ়ি তোলাৰ কথা ঘোষণা কৰিছে৷

শক্তি খণ্ডত কৌশলগত সহযোগিতাৰ লক্ষ্যৰে ১৭ জুলাই, ২০২০ত অনুষ্ঠিত ভাৰত-মার্কিন মন্ত্রী পর্যায়ৰ ভাৰ্চুৱেল বৈঠকত বিকল্প শক্তি পাদনৰ খণ্ডত গৱেষণামূলক অংশীদাৰিত্বৰ বিষয়ত পাৰস্পৰিক সহযোগিতাৰ কথা ঘোষণা কৰা হয়। বৈঠকত যুটীয়াভাৱে অধ্যক্ষতা কৰে মার্কিন যুক্তৰাষ্ট্রৰ শক্তি পৰিক্ৰমা সচিব ডান ব্রুইলেট আৰু কেন্দ্রীয় পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী শ্রী ধর্মেন্দ্ৰ প্ৰধানে৷

বৈঠকে আলোচনা ছুপাৰ ক্ৰিটিকেল কাৰ্বনডাই অক্সাইড (CO2) পাৱাৰ চাইকল আৰু আধুনিক কয়লা প্ৰযুক্তিকে ধৰি কার্বন নিয়ন্ত্ৰণ, কার্বনৰ সদ্ব্যৱহাৰ আৰু কার্বন সঞ্চয়ৰ পদ্ধতিৰ ওপৰত ভিত্তি কৰি বিকল্প শক্তি পাদনৰ বিভিন্ন দিশক লৈ কৰিবলগীয়া গৱেষণা বিভিন্ন বিষয় সামৰি আলোচনা কৰা হয়৷ ভাৰত আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ ৩০টাকৈ সংস্থাক লৈ গঠিত কনছ’র্টিয়ামৰ জৰিয়তে স্মার্ট গ্রিড আৰু শক্তি মজুত কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে৷ বৈঠকত স্মার্ট গ্রিড সম্পর্কে স্বচ্ছ ধাৰণা গঢ়ি তুলিবলৈ নীতি-নির্ধাৰণ, শক্তি সম্পদ বিতৰণ আৰু শক্তি খণ্ডত সৈতে জড়িত সংস্থাসমূহৰ ভূমিকাৰ বিষয়ৰ সন্দৰ্ভতো আলোচনা হয়৷

এই উপলক্ষে কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব অধ্যাপক আশুতোষ শর্মাই কয় যে ভাৰত আৰু মার্কিন যুক্তৰাষ্ট্রৰ মাজৰ সহযোগিতা প্ৰদূষণ মুক্ত শক্তি খণ্ডত সহযোগিতাৰ জৰিয়তে ত্বৰান্বিত কৰিব পৰা যায়৷ বর্তমান ভাৰত আৰু মার্কিন যুক্তৰাষ্ট্ৰ ৩০টা সংস্থাৰ কনছ’ৰ্টিয়ামৰ জৰিয়তে যি স্মার্ট গ্রিড আৰু শক্তি মজুত কাৰ্যসূচী রূপায়ণ কৰি থকা হৈছে, তাৰ বাবে উভয় দেশে . মিলিয়ন মার্কিন ডলাৰকৈ বিনিয়োগ কৰিছে৷ এই কাৰ্যসূচীয়ে স্মার্ট গ্রিড সম্পর্কীয় ধাৰণা কাৰ্যকৰী কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলিও অধ্যাপক আশুতোষ শর্মাই সদৰি কৰে৷

****

NB/KGS/(DST Media Cell)/DB


(रिलीज़ आईडी: 1639743) आगंतुक पटल : 230
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Tamil , Telugu