স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দেশত বৰ্তমানে চিকিত্সাধীন হৈ থকা কভিডত আক্ৰান্তৰ সংখ্যা ৩,৫৮,৬৯২

আৰোগ্যৰ সংখ্যা ৬,৫৩,৭৫০লৈ বৃদ্ধি

বিহাৰলৈ বিশেষ কেন্দ্ৰীয় দল ৰাওনা

Posted On: 18 JUL 2020 2:18PM by PIB Guwahati
দেশত কভিড-১৯ মহামাৰী নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ নেতৃত্বত গ্ৰহণ কৰা আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কাৰ্যকৰী কৰা সময়োপযোগী, সক্ৰিয় আৰু শ্ৰেণীবদ্ধ কৌশলগত প্ৰচেষ্টাই পৰিস্থিতি নিয়ন্ত্ৰাধীন বুলি নিশ্চিত কৰিছে। আজিৰ দিনটোত দেশত ৩,৫৮,৬৯২ গৰাকী কভিড ৰোগী চিকিত্সাধীন হৈ আছে। আৰোগ্যৰ সংখ্যা ৬,৫৩,৭৫০ লৈ বৃদ্ধি পাইছে। আৰোগ্য হোৱা আৰু সক্ৰিয় ৰোগীৰ মাজৰ ব্যৱধান লক্ষ্যণীয়ভাৱে বৃদ্ধি পাই আছে। এই সংখ্যা আজি ২,৯৫,০৫৮ হয়। হোম আইচোলেশ্যন নাইবা হাস্পতালত ৰখা গুৰুতৰ ৰোগীকে ধৰি মুঠ সক্ৰিয় ৩,৫৮,৬৯২ গৰাকী লোককে স্বাস্থ্য বিভাগৰ ফালৰ পৰা গুৰুত্ব দি থকা হৈছে।
 
কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে গ্ৰহণ কৰা সহযোগী পদক্ষেপে কভিড মহামাৰীৰ সামূহিক নিয়ন্ত্ৰণ ফলদায়ক হোৱাটো নিশ্চিত কৰিছে। ৰোগীৰ সংখ্যা অধিক বৃদ্ধি পোৱা অঞ্চলসমূহলৈ কেন্দ্ৰীয় দল প্ৰেৰণ কৰি ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক সহযোগ কৰি আছে কেন্দ্ৰীয় চৰকাৰে। কভিড নিয়ন্ত্ৰণত বিহাৰ চৰকাৰক সহায় কৰা আৰু প্ৰয়োজনীয় সাহায্য আগবঢ়াবলৈ ৰাজ্যখনলৈ এটা কেন্দ্ৰীয় দল প্ৰেৰণ কৰা হৈছে। দলটোত আছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া সচিব(পাব্লিক হেল্থ) শ্ৰী লাভ আগৰৱালা, এনচিডিচিৰ সঞ্চালক ডঃ এছ কে সিং আৰু নতুন দিল্লীৰ এইমছৰ সহযোগী অধ্যাপক(মেডিচিন) ডাঃ নীৰজ নিশ্চল। দলটো কাইলৈ বিহাৰত উপস্থিত হব।
 
চৰকাৰৰ নিয়ন্ত্ৰণ কাৰ্যনীতি ঘৰে ঘৰে সমীক্ষা, পৰিধি নিয়ন্ত্ৰণ কাৰ্যকলাপ, সময়োচিতভাৱে সংক্ৰমিতৰ সংস্পৰ্শলৈ অহা লোকসকলক চিনাক্তকৰণ, কণ্টেইমেণ্ট আৰু বাফাৰ এলেকাত নজৰ দিয়াৰ ওপৰত নিবদ্ধ হৈ আছে আৰু ইয়াৰ উপৰি মানযুক্ত সেৱাৰ দৃষ্টিকোণৰ জৰিয়তে গুৰুতৰ ৰোগীসকলৰ প্ৰভাৱী স্বাস্থ্য পৰিচালনাও কৰা হৈছে। ধাৰাবাহিকভাৱে বৃদ্ধি কৰা হাস্পতালৰ আন্ত-গাঁথনিয়ে আৰোগ্য হোৱা লোকৰ সংখ্য বৃদ্ধিত সহায় কৰিছে।
 
যোৱা ২৪ ঘণ্টাত ১৭,৯৯৪জন ৰোগী সুস্থ হৈ উঠিছে। বৰ্তমান আৰোগ্যৰ হাৰ ৬৩ শতাংশ।
 
আইচিএমআৰৰ শেহতীয়া নমুনা পৰীক্ষা নীতি অনুসৰি সকলো পঞ্জীকৃত চিকিত্সকে নমুনা পৰীক্ষাৰ ছুপাৰিশ কৰিব পাৰিব। কভিড-১৯ৰ পৰীক্ষাৰ বাবে আৰটি-পিচিআৰ সকলোতকৈ নিৰ্ভৰযোগ্য পৰীক্ষা। ইয়াৰ লগতে ৰেপিড এণ্টিজেন পইণ্ট অৱ কেয়াৰ(পিঅচি), ট্ৰুনাট আৰু চিবিনাটৰ মাধ্যমেৰে নমুনা পৰীক্ষা কৰাত পৰীক্ষাৰ পৰিমাণ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত ৩,৬১,০২৪টা নমুনা পৰীক্ষা কৰা হৈছে। নমুনা পৰীক্ষাৰ মুঠ সংখ্যা ১,৩৪,৩৩,৭৪২টা। ভাৰতত প্ৰতি নিযুত লোকৰ মাজত ৯৭৩৪.৬ জনৰ নমুনা পৰীক্ষা কৰা হৈছে।
 
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আৱাসিক কল্যাণ সংস্থা/ আৱাসিক ছচাইটী/ বে-চৰকাৰী সংস্থা(এনজিঅ)সমূহৰ দ্বাৰা লঘু কভিড কেয়াৰ সুবিধা কেন্দ্ৰ স্থাপনৰ বাবে ইচ্ছুক গেটেড ৰেচিডেন্সিয়েল কমপ্লেক্সসমূহৰ বাবে নীতি-নিৰ্দেশনা জাৰি কৰিছে।
 
ইয়াৰ বিশদ বিৱৰণ
https://www.mohfw.gov.in/pdf/CovidCareFacilityinGatedcomplexes.pdfত উপলব্ধ হব।
 
মন্ত্ৰালয়ে কভিড সন্দৰ্ভত গেটযুক্ত আৱাসিক চৌহদৰ বাবেও এক পৰামৰ্শ জাৰি কৰিছে। সবিশেষৰ বাবে
https://www.mohfw.gov.in/pdf/AdvisoryforRWAsonCOVID19.pdfত ক্লিক কৰক।
 
সকলোধৰণৰ বিশ্বাসযোগ্য আৰু শেহতীয়া কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী বিষয়, নীতিগত নিৰ্দেশাৱলী আৰু পৰামৰ্শৰ বাবে অনুগ্ৰহ কৰি নিয়মীয়াকৈ https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA দৰ্শন কৰক।
 
মনত উদয় হোৱা কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী প্ৰশ্ন technicalquery.covid19[at]gov[dot]inলৈ প্ৰেৰণ কৰিব পাৰে আৰু অন্য প্ৰশ্ন ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ প্ৰেৰণ কৰিব পাৰে।
 
কভিড-১৯ সম্পৰ্কীয় জানিবলগীয়া যিকোনোধৰণৰ তথ্যৰ বাবে অনুগ্ৰহ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ হেল্পলাইন নম্বৰঃ +91-11-23978046 নাইবা 1075(টল ফ্ৰী)ত কল কৰক।কভিড-১৯ৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdfতো উপলব্ধ হব।
 
***************************************************************
MV/SG/KG


(Release ID: 1639709) Visitor Counter : 145