বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

এনআৰডিচিয়ে হস্তান্তৰ কৰিলে এছ.এন. বসু ৰাষ্ট্ৰীয় মৌলিক বিজ্ঞান কেন্দ্ৰই তৈয়াৰ কৰা দুটা কভিড-১৯ প্ৰযুক্তি

পোষ্ট কৰা হৈছে: 17 JUL 2020 2:12PM by PIB Guwahati

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ৰ অধীনষ্ঠ বিজ্ঞান আৰু উদ্যোগ গৱেষণা দপ্তৰৰ এটি অন্যতম সংস্থা হৈছে ৰাষ্ট্ৰীয় গৱেষণা উন্নয়ন সংস্থা। এই সংস্থাটোৱে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনৰ স্ব-শাসিত অনুষ্ঠান এছ.এন. বসু ৰাষ্ট্ৰীয় মৌলিক বিজ্ঞান কেন্দ্ৰই তৈয়াৰ কৰি উলিওৱা দুটা কভিড-১৯ নিয়ন্ত্ৰণকাৰী প্ৰযুক্তি হস্তান্তৰৰ বাবে কলকাতাৰ মেচাৰ্ছ পালমেক ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডৰ সৈতে এক চুক্তি কৰিছে।

 

এছ.এন বসু ৰাষ্ট্ৰীয় মৌলিক বিজ্ঞান কেন্দ্ৰই তৈয়াৰ কৰা প্ৰযুক্তি দুটা হৈছে-

 

১) আৰামদায়ক আৰু স্বাস্থ্যকৰ শ্বাস-প্ৰশ্বাসৰ বাবে কাৰ্যকৰীভাৱে শ্বাস অব্যাহত ৰখা যন্ত্ৰৰ সৈতে সংযুক্ত নিঃসৰণ ভাল্ভ আৰু ছাচপেণ্ডড পাৰ্টিকুলেট মেটাৰ ফিল্টাৰ আৰু

 

২) ডিছপেন্সিং এণ্টি মাইক্ৰবিয়েল লেয়াৰৰ সৈতে দীৰ্ঘস্থায়ী নেনো চেনিটাইজাৰ।

 

এক্টিভ ৰেচপিৰেটৰী মাস্ক হৈছে কাৰ্বন ডাই অক্সাইড, শ্বাস-প্ৰশ্বাসৰ আৰ্দ্ৰতা আৰু মাস্কৰ ভিতৰত ঘামযুক্ত গৰম পৰিৱেশৰ পুনঃপ্ৰসাৰণৰ ক্ষেত্ৰত এটা উদ্ভাৱনী সমাধান। যিকোনো লোকে এই মাস্ক পিন্ধি সুন্দৰভাৱে শ্বাস-প্ৰশ্বাস লব পাৰিব আৰু স্পষ্টভাৱে কথাও কব পাৰিব। বায়ুজনিত দূষিত পদাৰ্থ ৰোধত এই মাস্ক যথেষ্ট কাৰ্যকৰী।

 

সঘনাই সাধাৰণ চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ ফলত ছালৰ শুস্কতা আৰু সাধাৰণ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। দীৰ্ঘস্থায়ী নেনো চেনিটাইজাৰ উদ্ভাৱনৰ ফলত এনেধৰণৰ সমস্যাসমূহ দূৰ হব। এই উদ্ভাৱনী চেনিটাইজাৰ আৰামদায়ক আৰু দীৰ্ঘ সময়ৰ বাবে হাত পৰিস্কাৰ কৰি ৰাখিব।

 

এই চুক্তিত স্বাক্ষৰ কৰে ৰাষ্ট্ৰীয় গৱেষণা উন্নয়ন সংস্থাৰ মুখ্য পৰিচালন সঞ্চালক ডঃ এইচ পুৰোষত্তম আৰু মেচাৰ্ছ পালমেক ইনফ্ৰাষ্টাকছাৰ প্ৰাইভেট লিমিটেডৰ সঞ্চালক শ্ৰী শান্তি ৰঞ্জন পালে। অনলাইন প্ৰক্ৰিয়াৰে হোৱা এই অনুষ্ঠানত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তবিদ্যা বিভাগৰ সচিব অধ্যাপক আশুতোষ শৰ্মা, সত্যেন্দ্ৰনাথ বসু ৰাষ্ট্ৰীয় মৌলিক বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক ডঃ সমিত কুমাৰ ৰায়, বিজ্ঞানী অধ্যাপক সমীৰ কুমাৰ পাল, পঞ্জীয়ক শ্ৰীমতী চোহিনী মজুমদাৰ সহ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

বৰ্তমান বজাৰত উপলব্ধ মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰৰ ফলত যি সমস্যাই দেখা দিছে সেয়া এই উদ্ভাৱনী সামগ্ৰীসমূহ ব্যৱহাৰৰ ফলত হ্ৰাস পোৱা সম্ভৱ হব। অধ্যাপক আশুতোষ শৰ্মাই সমাজৰ হিত সাধনৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সদব্যৱহাৰৰ জৰিয়তে এই সামগ্ৰীসমূহ উদ্ভাৱনৰ বাবে সংশ্লিষ্ট সকলোকে অভিনন্দন জ্ঞাপন কৰে।

 

 

**************************************

NB/KGS/(NRDC/DST Media Cell)/KG


(ৰিলিজ আই ডি : 1639504) অতিথি কক্ষ : 293