পৰ্যটন মন্ত্ৰালয়

সীমান্তৰ সিপাৰৰ বৌদ্ধ ধৰ্মাৱলম্বীক তীৰ্থভ্ৰমণৰ সুযোগ দান কৰিব পৰাকৈ পৰ্যটনৰ উত্তৰণ সাধন সম্পৰ্কীয় ৱে’বিনাৰত সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰীৰ ভাষণ

দেশৰ বৌদ্ধপীঠসমূহৰ উন্নয়ণ আৰু উত্তৰণ সাধনৰ বাবে পৰ্যটন মন্ত্ৰালয়ে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ : শ্ৰী পেটেল

Posted On: 17 JUL 2020 12:36PM by PIB Guwahati

এছোচিয়েশ্যন অব বুদ্ধিষ্ট ট্যুৰ অপাৰেটৰ্ছ-য়ে যোৱা ১৫ জুলাই ২০২০ত আয়োজন কৰা সীমা পাৰৰ পৰ্যটন শীৰ্ষক ৱেবিনাৰত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেলে।

অনুষ্ঠানৰ শুভাৰম্ভ ঘোষণা কৰি দিয়া ভাষণত শ্ৰী পেটেলে ভগৱান বুদ্ধৰ জীৱনৰে জড়িত ভাৰতৰ গুৰুত্বপূৰ্ণ স্থানসমূহৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। ভাষণ প্ৰসংগত তেওঁ পৃথিৱী জুৰি ভগৱান বুদ্ধৰ বিশাল সংখ্যক অনুগামী থকাৰ কথা উল্লেখ কৰি কয় যে ভাৰতক যদিও বুদ্ধৰ দেশ বুলি অভিহিত কৰা হয় আৰু এইখন দেশত যদিও বৌদ্ধ ঐতিহ্যসমূহ এতিয়াও বিৰাজমান হৈ আছে, তথাপি কিন্তু বৌদ্ধ তীৰ্থভ্ৰমণকাৰীসকলৰ তেনেই সামান্য অংশ এটাকহে ভাৰতে আকৰ্ষণ কৰিব পাৰিছে। কথাটো সকলোৱে গুৰুত্ব সহকাৰে গমি-পিতি চাই এই ক্ষেত্ৰত গ্ৰহণ কৰিব পৰা শুদ্ধৰণি মূলক পদক্ষেপ গ্ৰহণৰ বাবে সাজু হোৱা উচিত বুলি অভিমত ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।

তেওঁ সাৰনাথ, কুঁশীনগৰ শ্ৰাৱস্তি আদিত চীনাভাষা আৰু সাঁচিপীঠত সিংহলী ভাষাৰে নিৰ্দেশনা ফলক অঁৰাৰ দৰে দেশৰ গুৰুত্বপূৰ্ণ বৌদ্ধপীঠসমূহৰ নিৰ্দেশনামূলক ফলকসমূহত আন্তঃৰাষ্ট্ৰীয় ভাষাৰ ফলক অঁৰাৰ দৰে ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে। সেইদৰে উত্তৰ প্ৰদেশৰ কুঁশীনগৰ বিমানবন্দৰক চৰকাৰে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হিচাপে গঢ়ি তুলিছে আৰু ইয়ে যোগাযোগ ব্যৱস্থা উন্নত কৰি তোলাৰ লগতে তীৰ্থযাত্ৰীসকলকো অধিক সা-সুবিধা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

প্ৰসংগক্ৰমে তেওঁ, দেশৰ বৌদ্ধপীঠসমূহৰ উন্নয়ণ আৰু উত্তৰণ সাধনৰ বাবে পৰ্যটন মন্ত্ৰালয়ে  বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে।

উল্লেখ্য যে, দেশৰ বাহিৰে-ভিতৰে থকা ১৫০০সদস্যৰে এছোচিয়েশ্যন অব বুদ্ধিষ্ট ট্যুৰ অপাৰেটৰ্ছ-য়ে দেশত বৌদ্ধ-পৰ্যটনৰ উত্তৰণ সাধনৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে।

 

*******

NB/AKJ/OA/KB



(Release ID: 1639501) Visitor Counter : 150