কৃষি মন্ত্ৰালয়

২০২০ৰ খাৰিফ শস্যৰ বাবে পিএমএফবিৱাইৰ অধীনত পূৰ্ণগতিত চলিছে কৃষকৰ নাম পঞ্জীয়ন

কৃষকসকলক শস্য বীমা কৰিবলৈ আহ্বান জনালে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে

এই আঁচনিয়ে শস্য চপোৱাৰ আগৰ পৰা চপোৱাৰ পাছৰ কাম-কাজলৈকে হোৱা সমগ্ৰ লোকচানৰ সুৰক্ষা প্ৰদান কৰিব

Posted On: 17 JUL 2020 1:18PM by PIB Guwahati

দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ২০২০ৰ খাৰিফ শস্যৰ বাবে পিএমএফবিৱাইৰ অধীনত কৃষকৰ নাম পঞ্জীয়নৰ কাম পূৰ্ণগতিত চলিছে৷ ভাৰত চৰকাৰে কেৱল প্ৰিমিয়ামৰ বাদে পঞ্জীয়ন মাছুল বিনামূলীয়া কৰাৰ ব্যৱস্থা কৰিছে৷ ২০২০ৰ খাৰিফ ঋতুৰ বাবে কৃষকসকলে খাদ্য শস্য ন্যূনতম ২% আৰু বাণিজ্যিক আৰু উদ্যানশস্য ৫% হাৰত বীমা কৰিব পাৰিব৷ বাকী প্ৰিমিয়াম ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ৰাজসাহায্য হিচাপে প্ৰদান কৰিব৷ এই ২০২০ৰ খাৰিফ ঋতুৰ পঞ্জীয়নৰ অন্তিম তাৰিখ ৩১ জুলাই, ২০২০৷

কৃষকসকলক বীমাৰ প্ৰতি সাহিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষকসকলক প্ৰাকৃতিক দুৰ্যোগৰ বাবে বিত্তীয় লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনাৰ পৰা ৰক্ষা পাবলৈ ভিডিঅ’ বাৰ্তাযোগে এই আঁচনিত পঞ্জীয়ন কৰিবলৈ আহ্বান জনায়৷ এইটো লিংকত তেওঁৰ বাৰ্তা উপলব্ধ: https://youtu.be/b9LooMrHdEk)

 

এই আঁচনিয়ে অদৃশ্য দুৰ্যোগৰ বাবে শস্য চপোৱাৰ আগৰ পৰা চপোৱাৰ পাছৰ কাম-কাজলৈকে হোৱা সমগ্ৰ লোকচানৰ সুৰক্ষা প্ৰদান কৰিব৷ তদুপৰি, এই আঁচনিয়ে খৰাং, বান, ভূমিস্খলন, আৱতৰীয়া বৃষ্টিপাত, শিলাবৰ্ষণ, ঘূৰ্ণীবতাহ আদিৰ ফলত হোৱা ক্ষতিও সামৰি ল’ব৷

পিএমএফবিৱাইত পঞ্জীয়ন কৰিব বিচৰা যিকোনো কৃষকে তেওঁৰ সমীপৰ বেংক, প্ৰাথমিক কৃষিভিত্তিক ঋণ ছ’চাইটি, সামূহিক সেৱা কেন্দ্ৰ(চিএছচি)/ গাঁও পৰ্যায়ক উদ্যোগী(ভিএলই), কৃষি বিভাগৰ কাৰ্যালয়, বীমা কোম্পানীৰ প্ৰতিনিধি বা ৰাষ্ট্ৰীয় শস্য প’ৰ্টেল(এনচিআইপি)www.pmfby.gov.in আৰু শস্য বীমা এপ (https://play.google.com/store/apps/details?id=in.farmguide.farmerapp.central) জৰিয়তে পোনপটীয়াকৈ কৰিব পাৰে৷

পঞ্জীয়নৰ সময়ত কৃষকসকলে আধাৰ কাৰ্ড, বেংক পাছবুক, ভূমি অভিলেখ/চুক্তি পত্ৰ আৰু স্ব-ঘোষিত প্ৰমাণপত্ৰ লগত নিব লাগিব৷ এই পঞ্জীয়নৰ ক্ষেত্ৰত কোনো বেমেজালি যাতে নহয়, তাৰ বাবে কৃষি আৰু কৃষক কল্যান মন্ত্ৰালয়ে ২৯,২৭৫গৰাকী বিষয়া-কৰ্মচাৰীক উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰিছে৷ এই বীমাৰ সন্দৰ্ভত মন্ত্ৰালয়ে বিভিন্ন মাধ্যমযোগে তৃণমূল পৰ্যায়ত সজাগতা সৃষ্টিৰো ব্যৱস্থা 

কৰিছে৷

***

 

APS/SG/DB



(Release ID: 1639347) Visitor Counter : 286