স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

এইমছ-দিল্লীত বহিঃ চিকিত্সা বিভাগৰ ৰাজকুমাৰী অমৃত কৌৰ খণ্ড উদ্বাধন কৰিলে ড০ হৰ্ষ বৰ্দ্ধনে

‘বৰ্তমানৰ চিকিত্সা পদ্ধতিৰ সমীক্ষা কৰি উন্নত চিকিত্সা সেৱা নিশ্চিত কৰিব পৰাকৈ উদ্ভাৱনী পদক্ষেপৰ জৰিয়তে ৰূপান্তৰ সাধন কৰো আহক’

ক’ভিডৰ নমুনা পৰীক্ষণৰ সামৰ্থ্য ১০লাখ/প্ৰতিদিনলৈ বৃদ্ধি কৰা হ’ব : ড০ হৰ্ষ বৰ্দ্ধন

Posted On: 16 JUL 2020 5:02PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে আজি এইমছ-দিল্লীত বহিঃ চিকিত্সা বিভাগৰ ৰাজকুমাৰী অমৃত কৌৰ খণ্ডটো আনুষ্ঠানিক ভাবে উদ্বাধন কৰে। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবে, এইমছ-দিল্লীৰ সঞ্চালক অধ্যাপক আৰ গুলেৰীয়া আৰু চিকিত্সালয়খনৰ জ্যেষ্ঠ বিষয়া-বৰ্গ উপস্থিত থাকে।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে বিশিষ্ট স্বাধীনতা সেনানী তথা দেশৰ প্ৰথমগৰাকী স্বাস্থ্য মন্ত্ৰী শ্ৰীমতী অমৃত কৌৰৰ নামত বহিঃ চিকিত্সা বিভাগৰ নৱ-নিৰ্মিত খণ্ডটো উত্সৰ্গা কৰিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে। ক’ভিড-ৰ বিৰুদ্ধে সামূহিক ৰণখনৰ সন্দৰ্ভত অভিমত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ‘আমি লাহে লাহে মহামাৰীৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাৰ দিশত আগবাঢ়িছো। এই মুহূৰ্তত ২শতাংশতকৈয়ো কম ক’ভিড আক্ৰান্তক আইচিইউ-ত ভৰ্তি কৰাবলগীয়া হৈছে। ইতিমধ্যে আমাৰ পৰীক্ষাগাৰ-শৃংখলৰ সংখ্যা আৰু সামৰ্থ্য বৃদ্ধি কৰা হৈছে। ২০২০ৰ জানুৱাৰী মাহত দেশত মাত্ৰ এটা পৰীক্ষাগাৰ আছিল আৰু আজিৰ তাৰিখত পৰীক্ষাগাৰৰ সংখ্যা ১২৩৪টালৈ বৃদ্ধি হৈছে’ বুলি তথ্য দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে। ইফালে, আজিৰ তাৰিখত দেশত প্ৰতিদিনে ৩.২ লাখৰো অধিক নমুনা পৰীক্ষা কৰিব পৰা গৈছে বুলি উল্লেখ কৰাৰ লগতে অহা ১২সপ্তাহৰ ভিতৰত এই পৰিমাণ ১০লাখ/প্ৰতিদিনলৈ বৃদ্ধি কৰা হ’ব বুলি জানিবলৈ দিয়ে। প্ৰসংগক্ৰমে তেওঁ কয় যে, এই সামৰ্থ্যৰ সুবাদতে আজি দেশত ক’ভিড আক্ৰান্ত হৈ চিকিত্সাধীন হৈ থকা ৰোগীতকৈ আৰোগ্য হোৱা লোকৰ সংখ্যাৰ ব্যৱধান ২,৮১,৬৬৮লৈ বৃদ্ধি পাইছে।

বৰ্তমানৰ চিকিত্সা পদ্ধতিৰ সমীক্ষা কৰি উন্নত চিকিত্সা সেৱা নিশ্চিত কৰিব পৰাকৈ উদ্ভাৱনী পদক্ষেপৰ জৰিয়তে ৰূপান্তৰ সাধন কৰাৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে আগবাঢ়ি আহিবলৈও স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে বহিঃ চিকিত্সা বিভাগলৈ অহা ৰোগীসকলৰ সৈতেও বাৰ্তালাপ কৰে।

প্ৰায় ৬৩০০বৰ্গমিটাৰ এলেকা সামৰি নিৰ্মাণ কৰা ৰাজকুমাৰী অমৃত কৌৰ বহিঃ চিকিত্সা খণ্ড দেশৰ ভিতৰতে সৰ্ববৃহত বহিঃ চিকিত্সা খণ্ড বুলি চিহ্নিত হৈছে। ১৫কোটি টকাৰে নিৰ্মাণ কৰা এই খণ্ডত এটা স্মাৰ্ট লেব-ও সংযুক্ত কৰা হৈছে।

*****

MV/SP/KB



(Release ID: 1639202) Visitor Counter : 178