পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

ভাৰতৰ বিকাশৰ অধ্যায়ৰ বৃহৎ সুযোগৰে চামিল হ’বলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিনিয়োগকাৰীসকলক আমন্ত্ৰণ শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তি সচিবৰে এক্সিকিউটিভ ইণ্ডাষ্ট্ৰী ৰাউণ্ডটেবলত ভাগ ল’লে মন্ত্ৰীজনে

Posted On: 16 JUL 2020 10:47AM by PIB Guwahati

১৭ জুলাই, ২০২০ ত নিৰ্ধাৰিত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্ট্ৰেটেজিক এনাৰ্জি পাৰ্টনাৰশ্বীপৰ ২য় মন্ত্ৰী পৰিষদৰ বৈঠকৰ পূৰ্বেই, বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ-ভাৰত বিজনেছ কাউন্সিল (USIBC)ৰদ্বাৰা আয়োজিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তি সচিব এইচই ডেন ব্ৰ’ইউল্লেট্টৰে ইণ্ডাষ্ট্ৰী-পৰ্যায়ৰ মত-বিনিময় অনুষ্ঠানত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু তীখা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সহ-অধ্যক্ষতা কৰে। মন্ত্ৰীগৰাকীয়ে মঙলবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ-ভাৰত ষ্ট্ৰেটেজিক এনাৰ্জি পাৰ্টনাৰশ্বীপ (USISPF)ৰদ্বাৰা পৃথকে আয়োজিত ইণ্ডাষ্ট্ৰী-পৰ্যায়ৰ এখনি মত-বিনিময় অনুষ্ঠানটো অধ্যক্ষতা কৰে।

এই ভাৰ্চুৱেল বৈঠকখনিত পিএনজি মন্ত্ৰণালয়ৰ সচিব শ্ৰী তৰুণ কাপুৰ, আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত শ্ৰী তৰণজিৎ সান্ধু, ভাৰত চৰকাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তি সম্পৰ্কীয় মন্ত্ৰণালয়সমূহৰ প্ৰতিনিধিসকল আৰু ভাৰতীয় তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীসমূহৰ প্ৰতিনিধিসকলেও ভাগ লয়।

এই মত-বিনিময়ত, মন্ত্ৰী প্ৰধানে নতুন সুযোগৰে ভাৰতৰ সৈতে চামিল হ’বলৈ আৰু বিনিয়োগ কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী আৰু বিনিয়োগকাৰীসকলক আমন্ত্ৰণ জনায়। তেওঁ কয় যে এই খণ্ডটোত ভাৰতীয় আৰু আমেৰিকান কোম্পানীসমূহৰ মাজত কেইবাটাও সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰি অহা হৈছে, কিন্তু ইয়াৰ সম্ভাৱনা বাস্তৱায়িত কৰাৰপৰা দূৰতে থাকিবলগীয়া হৈছে। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ-ভাৰত ষ্ট্ৰেটেজিক এনাৰ্জি পাৰ্টনাৰশ্বীপৰ প্ৰাণোচ্ছলতাক উল্লেখ কৰি ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বীপৰ নিশ্চলতা দূৰ কৰিবলৈ ইয়াক এটা অতিশয় স্থিতিশীল স্তম্ভ বুলি অভিহিত কৰে।

শ্ৰী প্ৰধানে কয় যে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ৰ মাজতো, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই নিকট সহযোগিতাৰে কাম কৰি আহিছে, বিশ্বব্যাপী শক্তি বজাৰখন সুস্থিৰ কৰি ৰখাতেই হওঁক বা ক’ভিড-১৯ৰ বিৰুদ্ধে গ্ৰহণ কৰা উমৈহতীয়া প্ৰচেষ্টাতেই হওঁক, উভয় ৰাষ্ট্ৰই পাৰস্পৰিক সহযোগিতাৰ নিদৰ্শন দাঙি ধৰিছে। তেওঁ কয় “আজিৰ অদমনীয় বিশ্বত, এটা কথাই অলৰ-অচৰ –আৰু সদায়েই এয়া অব্যাহত থাকিব –সেয়া হৈছে আমাৰ দ্বিপাক্ষিক অংশীদাৰিত্বৰ শক্তি।”

ষ্ট্ৰেটেজিক এনাৰ্জি পাৰ্টনাৰশ্বীপ সন্দৰ্ভত বক্তব্য প্ৰদান কৰি, মন্ত্ৰীজনে কয় যে প্ৰাকৃতিক গেছ খণ্ডত সহযোগিতাক অগ্ৰাধিকাৰমূলক ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে। মন্ত্ৰীজনে ভাৰতীয় শক্তি খণ্ডটোৰ এলএনজি বাংকাৰিং, এলএনজি আইএছঅ’ কন্টেইনাৰ উন্নয়ন, পেট্ৰ’কেমিকেল, জৈৱ-ইন্ধন আৰু সংকুচিত জৈৱ গেছৰ ক্ষেত্ৰখনত মুকলি হ’বলগীয়া নতুন সুযোগ সন্দৰ্ভত ব্যক্ত কৰে।

শ্ৰী প্ৰধানে তদুপৰি ভাৰতৰ অন্বেষণ আৰু উৎপাদন খণ্ডত অব্যাহত থকা সুদূৰপ্ৰসাৰী পৰিৱৰ্তন আৰু নীতিৰ সংস্কাৰ সাধন সন্দৰ্ভত ব্যক্ত কৰে। তেওঁ কয় যে ভাৰতে তেল আৰু গেছ অন্বেষণত ১১৮ বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। একেদৰে দেশখনৰ দ্ৰুত-বিকাশশালী অৰ্থনীতিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ অহা পাঁচ বছৰৰ ভিতৰত গেছ যোগান আৰু বিতৰণ নেটৱৰ্কৰ উন্নয়ন সাধনকে ধৰি প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনি স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰি তুলিছে।

মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী অ’এএলপি আৰু ডিএছএফ নিলাম পৰ্যায়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীসমূহৰ সৰ্বাধিক অংশগ্ৰহণ কামনা কৰে।

এই ইণ্ডাষ্ট্ৰী ৰাউণ্ডটেবুলক সময়োচিত আখ্যা দি, তেওঁ কয় যে এই আলোচনাই উদ্যোগিক দৃষ্টিকোণৰে বহু গুৰুত্বপূৰ্ণ বিষয়বস্তু জ্ঞাত কৰালে।

****

YB/SB


(Release ID: 1639064)