অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় বিমান পৰিচালনা প্ৰশিক্ষণ বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে নতুন শিক্ষাবৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া

স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে অনলাইন আবেদন গ্ৰহণৰ অন্তিম তাৰিখ ২৯ জুলাই, ২০২০

Posted On: 15 JUL 2020 1:07PM by PIB Guwahati

‘ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় বিমান পৰিচালনা প্ৰশিক্ষণ বিশ্ববিদ্যালয়’ হৈছে ভাৰতৰ একমাত্ৰ বিমান চালনা প্ৰশিক্ষণ বিশ্ববিদ্যালয়। সম্প্ৰতি বিশ্ববিদ্যালয়খনৰ ২০২০ শিক্ষাবৰ্ষৰ নতুন পাঠক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। বিমান সেৱা আৰু বিমানত পণ্য সামগ্ৰী পৰিবহনৰ ক্ষেত্ৰত বেচেলৰ অফ মেনেজমেণ্ট ষ্টাডিজ আৰু বিমানবন্দৰ পৰিচালনাত স্নাতকোত্তৰ ডিপ্ল’মা

পাঠক্ৰমত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। অনলাইনযোগে আবেদন জমা দিয়াৰ শেষ তাৰিখ ২৯ জুলাই হিচাপে ধাৰ্য কৰা হৈছে। আগ্ৰহী শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়ৰ gmraa.contact@gmrgroup.in ৱেবছাইটৰ মাধ্যমেৰে অনলাইনযোগে আবেদন কৰিব পাৰিব।

বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য শ্ৰী অম্বৰ ডুবেই এই সন্দৰ্ভত কয়, দেশত বিমানবন্দৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। প্ৰতিটো নতুন বিমানবন্দৰতে কৰ্মসংস্থানৰ সুযোগ সৃষ্টি হৈছে। গতিকে সেইবোৰৰ বিমান সেৱা ক্ষেত্ৰত প্ৰশিক্ষিত কৰ্মীৰ প্ৰয়োজন হ’ব। আগ্ৰহী শিক্ষাৰ্থীসকলৰ যিয়ে তেওঁলোকৰ জীৱন বিমানসেৱা প্ৰদানকাৰী হিচাপে গঢ়ি তুলিবলৈ বিচাৰে, তেওঁলোকে এই পাঠক্ৰমত যোগ দিব পাৰে। এই পাঠক্ৰমৰ মাধ্যমেৰে শিক্ষাৰ্থীসকলৰ বাবে কৰ্মসংস্থানৰ সুযোগ সৃষ্টি হ’ব বুলিও তেওঁ জনায়।

বিমানসেৱা আৰু বিমান পণ্য পৰিবহন ক্ষেত্ৰত বেচেলৰ অফ মেনেজমেণ্ট ষ্টাডিজৰ পাঠক্ৰমটো ৩ বছৰৰ। পণ্য সেৱা দক্ষতা পৰিষদৰ সহযোগিতাৰে এই পাঠক্ৰমটো পৰিচালিত হ’ব। সম্পূৰ্ণ ৩ বছৰৰ পাঠক্ৰমত শিক্ষাৰ্থীসকলে বিভিন্ন বিমান সংস্থা, বিমানবন্দৰ, বিমানযোগে পণ্য পৰিবহণসহ একাধিক ক্ষেত্ৰত প্ৰশিক্ষাৰ্থী হিচাপে কাম কৰাৰ সুযোগ লাভ কৰিব।

এই পাঠক্ৰমত আবেদনৰ বাবে শিক্ষাৰ্থীসকল ৫০ শতাংশ নম্বৰসহ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হ’ব লাগিব। ইয়াৰ উপৰিও উচ্চতৰ মাধ্যমিকত বিজনেছ ষ্টেটিছটিক্স বা বিজনেছ মেথমেটিক্স অথবা গণিতৰ ভিতৰত যিকোনো এটি বিষয় থাকিব লাগিব। এই অৰ্হতাসম্পন্ন শিক্ষাৰ্থীসকলে এই পাঠ্যক্ৰমৰ বাবে আবেদন কৰিব পাৰিব। ২০২০ চনৰ ৩১ আগষ্টৰ ভিতৰত শিক্ষাৰ্থীসকলৰ বয়স ২১ বছৰৰ তলৰ হ’বও লাগিব। অৱশ্যে অনুসূচীত জাতি বা জনজাতিৰ ক্ষেত্ৰত ৫ বছৰৰ ৰেহাই দিয়া হৈছে। চলিত বছৰৰ ৩১ অক্টোবৰৰ ভিতৰত শিক্ষাৰ্থীসকলে চূড়ান্ত প্ৰমাণপত্ৰ জমা দিব লাগিব।

ইফালে বিমানবন্দৰ পৰিচালনাৰ ক্ষেত্ৰত স্নাতকোত্তৰ ডিপ্ল’মাৰ পাঠক্ৰমটো ১৮ মহীয়া। জিএমআৰ এভিয়েশ্যন একাডেমীৰ সৈতে যৌথভাৱে এই পাঠক্ৰমটো পৰিচালিত হ’ব। বিশ্ববিদ্যালয় প্ৰাঙ্গণতে ১২ মাহীয়া শ্ৰেণীকোঠা ভিত্তিক প্ৰশিক্ষণৰো ব্যৱস্থা আছে। বাকী ৬ মাস জিএমআৰ বিমানবন্দৰত ট্ৰেইনী বা প্ৰশিক্ষাৰ্থী হিচাপে কাজ কৰাৰ সুবিধা প্ৰদান কৰা হ’ব।

এই পাঠক্ৰমত আবেদনৰ বাবে যিকোনো বিশ্ববিদ্যালয়ৰ পৰা ন্যূনতম ৫৫ শতাংশ নম্বৰসহ স্নাতক উত্তীৰ্ণ হ’ব লাগিব। অৱশ্যে অনুসূচীত জাতি বা জনজাতিৰ ক্ষেত্ৰত ৫ শতাংশ নম্বৰ ৰেহাই দিয়া হৈছে। চলিত বছৰৰ ৩১ আগষ্টৰ ভিতৰত আবেদনকাৰী প্ৰাৰ্থীসকলৰ বয়স ২৫ বছৰতকৈ কম হ’ব লাগিব।  আৰু ৩১ অক্টোবৰৰ ভিতৰত প্ৰাৰ্থীসকলে চূড়ান্ত প্ৰমাণপত্ৰ জমা দিব লাগিব।

বিমান সেৱা আৰু বিমানত পণ্য সামগ্ৰী পৰিবহনৰ ক্ষেত্ৰত বেচেলৰ অৱ মেনেজমেণ্ট ষ্টাডিজ আৰু বিমানবন্দৰ পৰিচালনা ক্ষেত্ৰত স্নাতকোত্তৰ ডিপ্ল’মা পাঠক্ৰমত আবেদন কৰিব পৰা যাব

 

একমাত্ৰ এই বিশ্ববিদ্যালয়ৰ http://www.rgnau.ac.in নিৰ্ধাৰিত ৱেবছাইটৰ মাধ্যমেৰে। সাধাৰণ আৰু অ’বিচি প্ৰাৰ্থীসকলৰ বাবে আবেদন কৰিবলৈ ৯৫০ টকা পৰিশোধ কৰিব লাগিব। অনুসূচীত জাতি, জনজাতিৰ প্ৰাৰ্থীসকলৰ বাবে আবেদন মাচুল ৪৭৫ টকা। উল্লেখ্য যে এই আবেদন মাচুল ওভতাই দিয়া নহ’ব।

উভয় পাঠক্ৰমৰ বাবেই প্ৰাৰ্থীসকলে অ’এমআৰভিত্তিক প্ৰবেশিকা পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। আগন্তুক ১৬ আগষ্টত সৰ্বভাৰতীয় পৰ্যায়ত এই পৰীক্ষা সম্পন্ন হ’ব।

ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় বিমান পৰিচালনা প্ৰশিক্ষণ বিশ্ববিদ্যালয় হৈছে দেশৰ ভিতৰতে প্ৰথম তথা একমাত্ৰ বিমান চালনা বিশ্ববিদ্যালয়। ২০১৩ চনত 'ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় বিমান চালনা বিশ্ববিদ্যালয় আইন'ৰ আওতাত উত্তৰ প্ৰদেশৰ আমেঠিত এই বিশ্ববিদ্যালয় গঢ়ি উঠিছিল। এই বিশ্ববিদ্যালয় স্থাপনৰ মূল উদ্দেশ্যই হ’ল বিমান চলাচল বিষয়ক পঠন-পাঠন, শিক্ষাদান, প্ৰশিক্ষণ আৰু গৱেষণা ক্ষেত্ৰত উৎসাহ যোগোৱা। ভাৰতীয় বিমান চলাচল ক্ষেত্ৰত দক্ষতা বৃদ্ধিৰ বাবে এই বিশ্ববিদ্যালয়ে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বৰ্তমান এই বিশ্ববিদ্যালয়খনত তিনিটা পাঠক্ৰমৰ ব্যৱস্থা আছে- প্ৰথমটো হৈছে স্নাতক পৰ্যায়ৰ পাঠক্ৰম, দ্বিতীয়টো স্নাতকোত্তৰ পৰ্যায়ৰ পাঠক্ৰম আৰু তৃতীয়টো হৈছে ডিপ্ল’মাভিত্তিক পাঠক্ৰম। মূলতঃ এই ডিপ্ল’মাভিত্তিক পাঠক্ৰমৰ আওতাত অগ্নিনিৰ্বাপণ ব্যৱস্থাপনা সম্পৰ্কেও প্ৰশিক্ষণ দিয়া হয়। এই বিশ্ববিদ্যালয় সম্পৰ্কে আৰু অধিক তথ্য জানিবলৈ নিম্নোল্লিখিত ৱেবছাইটত ক্লিক কৰক- www.rgnau.ac.in

****

 

RJ/NG/RD


(Release ID: 1638983) Visitor Counter : 147