স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

প্ৰতিদিনে ১ নিযুত লোকৰ মাজৰ ১৪০গৰাকীৰ নমুনা পৰীক্ষাৰ পৰামৰ্শ বিশ্ব স্বাস্থ্য সংস্থাৰ

ভাৰতৰ ২২ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে ইতিমধ্যে প্ৰতিদিনে ১নিযুত লোকৰ মাজৰ ১৪০তকৈও অধিক লোকৰ নমুনা পৰীক্ষা সম্পন্ন কৰিছে

প্ৰতি নিযুত লোকৰ ভিতৰত ৮৯৯৪ গৰাকীৰ নমুনা পৰীক্ষা সম্পন্ন

Posted On: 15 JUL 2020 12:59PM by PIB Guwahati

কভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিশ্ব স্বাস্থ্য সংস্থাই জনস্বাস্থ্য আৰু সামাজিক ব্যৱস্থা সামঞ্জস্য কৰাৰ বাবে জনস্বাস্থ্যৰ মানদণ্ডৰ পৰামৰ্শ টোকাত যি পৰামৰ্শ দিছে সেই অনুসৰি যিসকল লোক সংক্ৰমিত হোৱা বুলি সন্দেহ কৰা হৈছে তেওঁলোকৰ প্ৰতি ব্যাপক নজৰ দিব লাগিব। ব্যাপক নিৰীক্ষণ আৰু সন্দেহযুক্তৰ পৰীক্ষণ সন্দৰ্ভত বাখ্যা কৰি বিশ্ব স্বাস্থ্য সংস্থাই পৰামৰ্শ দিয়ে যে দেশত প্ৰতিদিনে প্ৰতি নিযুত লোকৰ ভিতৰত ১৪০টা নমুনা পৰীক্ষা কৰাটো প্ৰয়োজনীয়।

 

কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিভিন্ন সহযোগী প্ৰচেষ্টাত ভাৰতত ইতিমধ্যে প্ৰতি দিনে প্ৰতি নিযুত লোকৰ মাজত ১৪০তকৈও অধিক নমুনা পৰীক্ষা সম্পন্ন হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই দিয়া পৰীক্ষা পৰামৰ্শৰ সৈতে মিলিবৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নমুনা পৰীক্ষাৰ সামৰ্থ বঢ়াবলৈ নিয়মীয়াকৈ পৰামৰ্শ প্ৰদান কৰা হৈছে।

 

প্ৰতি নিযুত লোকৰ  মাজত নিতৌ ১৪০তকৈ অধিক নমুনা পৰীক্ষা সম্পন্ন হোৱা ৰাজ্য

 

দেশত কভিড-১৯ নমুনা পৰীক্ষাৰ সংখ্যা বৃদ্ধি পোৱাৰ ক্ষেত্ৰত সহায়ৰ প্ৰধান গুৰুত্বপূৰ্ণ কাৰক হৈছে পৰীক্ষাৰ বাবে দ্ৰুত গতিত বৃদ্ধি পোৱা পৰীক্ষাগাৰৰ সংখ্যা। আজিৰ তাৰিখত দেশত চৰকাৰী খণ্ডৰ ৮৬৫ আৰু ব্যক্তিগত খণ্ডৰ ৩৫৮টা পৰীক্ষাগাৰ, মুঠ ১২২৩টা পৰীক্ষাগাৰ আছে। পৰীক্ষাৰ বাবে অতি উত্তম বুলি বিবেচিত RT PCR, TrueNat আৰু  CBNAAT আদিও সুবিধা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা হৈছে।

ৰিয়েল-টাইম আৰটি পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৬৩৩(চৰকাৰীঃ৩৯১+বেচৰকাৰীঃ২৪২)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৪৯১(চৰকাৰীঃ৪৩৯+বেচৰকাৰীঃ৫২)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ৯৯(চৰকাৰীঃ৩৫+বেচৰকাৰীঃ৬৪)

পৰীক্ষাগাৰৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ২০২০ৰ জানুৱাৰী মাহত ১টাৰ পৰা মাৰ্চ, ২০২০ত ১২১টালৈ বৃদ্ধি পাই আজি  মুঠ ১২২৩টালৈ পৰীক্ষাগাৰৰ সংখ্যা বৃদ্ধি পাইছে।

যোৱা ২৪ ঘণ্টাত ৩,২০,১৬১টা নমুনা পৰীক্ষা কৰা গৈছে। বৰ্তমানলৈকে সম্পন্ন হোৱা পৰীক্ষাৰ সংখ্যা হৈছে ১,২৪,১২,৬৬৪টা। প্ৰতি নিযুত লোকৰ মাজত পৰীক্ষাৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। আজি ই ৮৯৯৪.৭ স্পৰ্শ কৰিছে। ১৪জুলাই,২০২০ত এদিনতে ৩.২লাখতকৈ অধিক পৰীক্ষা সম্পন্ন হৈছে।

সকলোধৰণৰ বিশ্বাসযোগ্য আৰু শেহতীয়া কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী বিষয়, নীতিগত নিৰ্দেশাৱলী আৰু পৰামৰ্শৰ বাবে অনুগ্ৰহ কৰি নিয়মীয়াকৈ https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA দৰ্শন কৰক।

মনত উদয় হোৱা কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী প্ৰশ্ন technicalquery.covid19[at]gov[dot]inলৈ প্ৰেৰণ কৰিব পাৰে আৰু অন্য প্ৰশ্ন ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ প্ৰেৰণ কৰিব পাৰে।

কভিড-১৯ সম্পৰ্কীয় জানিবলগীয়া যিকোনোধৰণৰ তথ্যৰ বাবে অনুগ্ৰহ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ হেল্পলাইন নম্বৰঃ +91-11-23978046  নাইবা 1075(টল ফ্ৰী)ত কল কৰক।কভিড-১৯ৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdfতো উপলব্ধ হব।

MV/SG/KG



(Release ID: 1638927) Visitor Counter : 187