গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে 'ৱৰ্ল্ড য়ুথ স্কিলছ ডে' উপলক্ষে আজি শুভেচ্ছা জ্ঞাপন কৰে
Posted On:
15 JUL 2020 3:01PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে 'ৱৰ্ল্ড য়ুথ স্কিলছ ডে' (বিশ্ব যুব দক্ষতা দিৱস) উপলক্ষে আজি শুভেচ্ছা জ্ঞাপন কৰে। নিজৰ টুইট বাৰ্তাত শ্ৰী অমিত শ্বাহে কৈছে যে প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আৰম্ভ কৰা 'স্কিল ইণ্ডিয়া মিছন'ৰো আজি পাঁচ বছৰ হ'ল। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে 'স্কিল ইণ্ডিয়া মিছন'য়ে দেশৰ যুৱক-যুৱতীসকলক সঠিক স্কিল ছেট প্ৰদান কৰি তেওঁলোকৰ আভ্যন্তৰীণ ক্ষমতা বৃদ্ধি কৰি তেওঁলোকক শক্তিশালী কৰি তুলিছে।
শ্ৰী অমিত শ্বাহে কৈছে যে যোৱা পাঁচটা বছৰত 'স্কিল ইণ্ডিয়া মিছন'য়ে দেশৰ যুৱক-যুৱতীসকলৰ মাজত উদ্যমশীলতাক উদগণি দিয়াৰ ক্ষেত্ৰত এক মহত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কৈছে যে 'স্কিল ইণ্ডিয়াই চাকৰি বিচৰাসকলক চাকৰি দিওঁতা হোৱাত উৎসাহিত কৰি আছে, মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে ই নিশ্চিতভাৱে প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক সাকাৰ কৰাত এক মহত্বপূৰ্ণ ভূমিকা পালন কৰিব'।
স্কিল ইণ্ডিয়া ভাৰত চৰকাৰৰ এটা পদক্ষেপ, যাক দেশৰ যুৱক-যুৱতীসকলক তেওঁলোকৰ দক্ষতাৰ সৈতে শক্তিশালী কৰি তুলিবৰ বাবে আৰম্ভ কৰা হৈছে যি তেওঁলোকক নিজৰ কামৰ পৰিৱেশত অধিক ৰোজগাৰ সৃষ্টিকাৰী আৰু অধিক উৎপাদনক্ষম কৰি তোলে। স্কিল ইণ্ডিয়া কাৰ্যক্ৰমৰ জৰিয়তে কেইবাটাও ক্ষেত্ৰত পাঠ্যক্ৰম উপলব্ধ কৰোৱা হৈছে যি ৰাষ্ট্ৰীয় দক্ষতা আন্তঃগাঁথনিৰ জৰিয়তে উদ্যোগ আৰু চৰকাৰ দুয়োটাৰ দ্বাৰা স্বীকৃত মানদণ্ডৰ সৈতে সম্পৰ্কযুক্ত।
******
NW/RK/PK/DDD/AD
(Release ID: 1638880)