প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ যুৱ সমাজক দক্ষ, পুনৰাই দক্ষ আৰু অধিক দক্ষ হোৱাৰ পৰামৰ্শ

দক্ষতা বিকাশ অভিযানে স্থানীয় আৰু বিশ্বব্যাপী উভয়তে নিয়োগ লাভৰ সুযোগ বৃদ্ধি কৰিছেঃ প্ৰধানমন্ত্ৰী

দক্ষ শ্ৰমিকসকলৰ ৰূপৰেখা অংকনৰ অৰ্থে শেহতীয়াকৈ সূচনা কৰা পৰ্টেলৰ উদ্ধৃতিৰে প্ৰধানমন্ত্ৰীয়ে কয়, ঘৰলৈ উলটি অহা প্ৰব্ৰজিত শ্ৰমিককে ধৰি শ্ৰমিকসকলক সহজতে কাম পোৱাত ই সহায় কৰিব

দক্ষতাজনিত সুযোগ আহৰণ আৰু বিশ্বব্যাপী চাহিদা পূৰণ কৰিবলৈ দেশৰ বৃহৎ সম্ভাৱনা থকাৰ কথা উল্লেখ প্ৰধানমন্ত্ৰীৰ

Posted On: 15 JUL 2020 11:33AM by PIB Guwahati

বিশ্ব যুৱ দক্ষতা দিৱস আৰু ‘দক্ষ ভাৰত’ অভিযানৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে আজি অনুষ্ঠিত ডিজিটেল স্কিল কনক্লেভলৈ বাৰ্তা প্ৰেৰণ কৰি, প্ৰধানমন্ত্ৰীয়ে ক্ষীপ্ৰতাৰে পৰিৱৰ্তিত বাণিজ্যিক বাতাবৰণ আৰু বজাৰ পৰিস্থিতিৰ সৈতে খাপ খাবলৈ যুৱশক্তিক দক্ষ, পুনৰাই দক্ষ আৰু অধিক দক্ষ হোৱাৰ পৰামৰ্শ প্ৰদান কৰে। এই উপলক্ষত তেওঁ দেশৰ যুৱ সমাজক অভিনন্দন জ্ঞাপন কৰে আৰু সকলো সময়তে নতুন দক্ষতা লাভ কৰিবলৈ সামৰ্থ্য অৰ্জন কৰাৰ বাবে এই বিশ্বখন যুৱশক্তিৰ বাবে বুলি কয়।

তেওঁ উল্লেখ কৰে যে পাঁচ বছৰ পূৰ্বেই দক্ষ ভাৰত অভিযানৰ শুভাৰম্ভণি কৰাৰ লগতে একেদিনাই দক্ষতা, পুনৰ দক্ষতা আৰু অধিক দক্ষতাৰ নিমিত্তে বিশাল আন্তঃগাঁথনিৰ ভেটি নিৰ্মাণৰো সূচনা কৰা হৈছিল আৰু ইয়াৰ জৰিয়তেই স্থানীয় আৰু বিশ্বব্যাপী উভয়তে কৰ্মসংস্থাপনৰ সুযোগ লাভৰ প্ৰসাৰতাও বৃদ্ধি কৰা যায়। ইয়াৰ অংশস্বৰূপে সমগ্ৰ দেশত শ-শ পিএম কৌশল কেন্দ্ৰ স্থাপন কৰা হয় আৰু আইটিআই বাতাবৰণৰ সামৰ্থ্য বৃদ্ধি কৰি তোলা গৈছিল। এই সমন্বিত প্ৰচেষ্টাৰ ফলশ্ৰুতিতে, যোৱা পাঁচটা বছৰত পাঁচ কোটিৰো অধিক যুৱকে দক্ষতা আহৰণ কৰিবলৈ সক্ষম হয়। দক্ষ কৰ্মচাৰী আৰু নিয়োগকৰ্তাৰ মানচিত্ৰণৰ অৰ্থে শেহতীয়াকৈ আৰম্ভ কৰা পৰ্টেলৰ প্ৰসংগ টানি আনি, তেওঁ উল্লেখ কৰে যে এই ব্যৱস্থাই নিজ গৃহলৈ উলটি অহা প্ৰব্ৰজিত শ্ৰমিকসকলকে প্ৰমুখ্য কৰি দক্ষ শ্ৰমিকসকলে সহজতে কাম এটা লাভ কৰাত সহায় কৰিব আৰু মাউছৰ এটা ক্লিকতে নিয়োগকৰ্তাই দক্ষ কৰ্মচাৰীৰে যোগাযোগ কৰিবলৈ সক্ষম হ’ব। স্থানীয় অৰ্থনীতিৰ পৰিৱৰ্তন সাধনত প্ৰব্ৰজিত শ্ৰমিকসকলৰ দক্ষতায়ো সহায় আগবঢ়াব বুলি তেওঁ কয়।

দক্ষতাক উপহাৰ হিচাপে অভিহিত কৰি ইয়াক আমি নিজকেই প্ৰদান কৰিব পাৰো বুলি তেওঁ উল্লেখ কৰি লগতে কয় যে এই দক্ষতাসমূহ নিৰবধি, অনন্য আৰু মূলধন। যাৰ জৰিয়তে দক্ষতা আহৰণকাৰীজনে নিয়োগৰ সুবিধা লাভ কৰাই নহয় বৰঞ্চ এটা সন্তুষ্টিদায়ক জীৱন কটাবলৈয়ো ই সহায়ক হৈ উঠে। তেওঁ কয় যে নতুন দক্ষতা আহৰণ কৰাৰ প্ৰাকৃতিক প্ৰবৃতিয়ে অন্বেষণকাৰীজনৰ জীৱনত এটা নতুন শক্তি আৰু উৎসাহৰ সঞ্চাৰ কৰি তোলে। কেৱল জীৱিকা আহৰণৰ কাৰণেই দক্ষতাৰ প্ৰয়োজন নহয় বৰঞ্চ আমাৰ নিত্য-নৈমিত্তিক কাম-কাজ আগবঢ়াই নিবলৈয়ো আৱশ্যক হৈ পৰা সজীৱতা আৰু প্ৰাণোচ্ছলতা ইয়াতেই নিহিত থাকে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ‘জ্ঞান’ আৰু ‘দক্ষতা’ৰ মাজত থকা পাৰ্থক্যকো ফঁহিয়াই দেখুৱায়। উদাহৰণৰ জৰিয়তে তেওঁ ইয়াক এইবুলি বৰ্ণনা কৰে – কিদৰে চাইকেল চলাব লাগে সেইটো জনাটোৱেই হৈছে ‘জ্ঞান’ আৰু চাইকেল এখন চলাবলৈ প্ৰকৃতপক্ষে সক্ষম হোৱাটোৱেই হৈছে ‘দক্ষতা’। যুৱসমাজে এই দুটাৰ মাজৰ পাৰ্থক্য আৰু ভিন্ন প্ৰসংগ তথা তাৎপৰ্য অনুধাৱন কৰাটো অতিশয় গুৰুত্বপূৰ্ণ। কাঠমিস্ত্ৰী (carpentry)ৰ এটা উদাহৰণৰ জৰিয়তে, তেওঁ দক্ষতা, পুনৰ দক্ষতা আৰু অধিক দক্ষতাৰ মাজত থকা তাৰতম্যৰ ব্যাখ্যা আগবঢ়ায়।

তেওঁ তদুপৰি দেশখনত উপলব্ধ দক্ষতাজনিত সুযোগ আহৰণৰ নিমিত্তে দেশখনৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে। তেওঁ স্বাস্থ্যসেৱা খণ্ডৰ 

এটা উদাহৰণ দাঙি ধৰি ভাৰতীয় দক্ষ লোকবলে বিশ্বব্যাপী চাহিদা পূৰণ কৰিবলৈ সক্ষম হোৱাৰ কথা কয়। তেওঁ আন দেশসমূহৰ সৈতে খাপ খুৱাই এই চাহিদা আৰু ভাৰতীয় মানদণ্ডৰ মানচিত্ৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। একেদৰে, পৰামৰ্শ প্ৰদান কৰি তেওঁ কয় যে নৌ সেনা খণ্ডৰ বৰ্ধিত চাহিদাৰ পৰিপ্ৰেক্ষিততে ভাৰতীয় যুৱকসকলে দীৰ্ঘ সামুদ্ৰিক প্ৰথাৰে সমগ্ৰ বিশ্বতে এই খণ্ডটোলৈ এজন দক্ষ নাবিক হিচাপে বৰঙণি আগবঢ়াব পাৰে।

প্ৰতি বছৰে ১৫ জুলাইৰ দিনটোত উদযাপন কৰি অহা বিশ্ব যুৱ দক্ষতা দিৱস এই বৰ্যটোত ভাৰ্চুৱেল ধৰণৰে পালন কৰা হয়। এই সন্মিলনত দক্ষতা বিকাশ আৰু উদ্যোগশীলতা মন্ত্ৰী ডঃ মহেন্দ্ৰ নাথ পাণ্ডে, দক্ষতা বিকাশ আৰু উদ্যোগশীলতা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী আৰ.কে. সিং আৰু লাৰ্ছেন এণ্ড টব্ৰো লিমিটেডৰ গ্ৰুপ চেয়াৰমেন শ্ৰী এ.এম. নাইকে ভাষণ প্ৰদান কৰে। এই সন্মিলনত লাখৰো অধিক বিস্তৃত নেটৱৰ্কৰ প্ৰশিক্ষাৰ্থীকে ধৰি প্ৰণালীটোৰ সকলো পক্ষই অংশগ্ৰহণ কৰে।

*****

VRRK/SH/SB



(Release ID: 1638827) Visitor Counter : 193