কৃষি মন্ত্ৰালয়
ৰাজস্থান, মধ্য প্ৰদেশ, পঞ্জাৱ, গুজৰাট, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, চত্তীশগড়, হাৰিয়ানা আৰু বিহাৰৰ প্ৰায় ৩ লাখ হেক্টৰ এলেকাত কাকতি ফৰিঙৰ নিয়ন্ত্ৰণ অভিযান সম্পন্ন
১২-১৩ জুলাইত ৰাজস্থানৰ ৭ জিলা, উত্তৰ প্ৰদেশৰ সীতাপুৰ আৰু গোণ্ডা জিলা, হাৰিয়ানাৰ মহেন্দ্ৰগড় আৰু ভিৱানী জিলাৰ ২৬ স্থানত নিয়ন্ত্ৰণ অভিযান চলোৱা হয়
प्रविष्टि तिथि:
14 JUL 2020 2:15PM by PIB Guwahati
১১ এপ্ৰিল, ২০২০ ৰপৰা আৰম্ভ কৰি ১২ জুলাই, ২০২০ পৰ্যন্ত লকাষ্ট চাৰ্কল অফিছ (এলচিঅ’)ৰদ্বাৰা ৰাজস্থান, মধ্য প্ৰদেশ, পঞ্জাৱ, গুজৰাট, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানা আদি ৰাজ্যৰ ১,৬০,৬৫৮ হেক্টৰ এলেকাত নিয়ন্ত্ৰণ অভিযান চলোৱা যায়। ১২ জুলাই, ২০২০ লৈকে, ৰাজস্থান, মধ্য প্ৰদেশ, পঞ্জাৱ, গুজৰাট, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, চত্তীশগড়, হাৰিয়ানা আৰু বিহাৰত সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰদ্বাৰা ১,৩৬,৭৮১ হেক্টৰ এলেকাত নিয়ন্ত্ৰণ অভিযান সম্পন্ন হয়।
১২-১৩ জুলাই, ২০২০ ৰ মাজনিশা; ৰাজস্থানৰ ৭ জিলা যথা বাৰ্মেৰ, জইছালমেৰ, যোধপুৰ, বিকানেৰ, শ্ৰীগংগানগৰ, চুৰু, জুনজুনু আৰু আলৱাৰৰ ২৬ টা স্থান, উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাৰ ১ টা স্থান, হাৰিয়ানাৰ মহেন্দ্ৰগড় আৰু ভিৱানী জিলাৰ ২ টা স্থানত এলচিঅ’সমূহৰদ্বাৰা নিয়ন্ত্ৰণ অভিযান চলোৱা হয়। ইয়াৰোপৰি, ১২-১৩ জুলাই, ২০২০ ৰ মাজনিশাই কাকতি ফৰিঙৰ সৰু সৰু জাক, বিক্ষিপ্ত সমষ্টিসমূহৰ বিৰুদ্ধে হাৰিয়ানাৰ ভিৱানী আৰু মহেন্দ্ৰগড় জিলাৰ ২ টা স্থান, উত্তৰ প্ৰদেশৰ সীতাপুৰ আৰু গোণ্ডা জিলাৰ ২ টা স্থানত সংশ্লিষ্ট ৰাজ্যকেইখনৰ কৃষি বিভাগৰ জৰিয়তেও একে অভিযান সম্পন্ন কৰা হয়।
সম্প্ৰতি ৰাজস্থান, গুজৰাট, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশত স্প্ৰে ভেহিকলৰ সৈতে ৬০ টা নিয়ন্ত্ৰণ গোট নিয়োজিত হৈ আছে/মোতায়েন কৰা হৈছে আৰু এই কাকতি ফৰিং নিয়ন্ত্ৰণ অভিযানটোত কেন্দ্ৰীয় চৰকাৰৰ ২০০ ৰোধিক কৰ্মচাৰী জড়িত হৈ পৰিছে। ইয়াৰোপৰি, কাকতি ফৰিং নিয়ন্ত্ৰণৰ অৰ্থে ২০ টা স্প্ৰে সা-সঁজুলি লাভ কৰা হৈছে আৰু এইসমূহ ব্যৱহাৰৰ অৰ্থে মুকলি কৰি দিয়া হৈছে। নিয়ন্ত্ৰণ ক্ষমতা শক্তিশালী কৰি তুলিবলৈ, কাকতি ফৰিং নিয়ন্ত্ৰণৰ অৰ্থে ৫৫ খন অতিৰিক্ত বাহন ক্ৰয় কৰি নিয়োজিত কৰা হৈছে।
তদুপৰি, ৰাজস্থানৰ বাৰ্মেৰ, জইছালমেৰ, বিকানেৰ, নাগপুৰ আৰু ফালুডিত ওখ গছ আৰু দুৰ্গম অঞ্চলসমূহত কীটনাশক ছটিওৱাৰ জৰিয়তে কাকতি ফৰিঙৰ ফলপ্ৰসূ নিয়ন্ত্ৰণৰ অৰ্থে ১৫ খন ড্ৰোণসহ ৫ টাকৈ কোম্পানী মোতায়েন কৰা হৈছে। ৰাজস্থানৰ সূচীবদ্ধ মৰুভূমি এলেকাত প্ৰয়োজন সাপেক্ষে ব্যৱহাৰৰ নিমিত্তে এখন বেল হেলিকপ্টাৰ সাজু কৰি ৰখা হৈছে। কাকতি ফৰিং বিৰোধী অভিযানত এমআই-১৭ হেলিকপ্টাৰ ব্যৱহাৰৰদ্বাৰা ভাৰতীয় বায়ু সেনায়ো পৰীক্ষা সম্পন্ন কৰি উঠিছে।
এই অভিযানৰ পৰিপ্ৰেক্ষিতত গুজৰাট, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, চত্তীশগড, বিহাৰ আৰু হাৰিয়ানাত শস্যৰ বিশেষ ক্ষতিসাধনৰ তথ্য লাভ কৰা হোৱা নাই। অৱশ্যে, ৰাজস্থানৰ কেইখনমান জিলাত শস্যৰ সামান্য ক্ষতিসাধনৰ তথ্য লাভ কৰা হৈছে।
ৰাজস্থানৰ বাৰ্মেৰ, জইছালমেৰ, যোধপুৰ, বিকানেৰ, জুনজুনু, শ্ৰীগংগানগৰ, আলৱাৰ আৰু চুৰু জিলা; হাৰিয়ানাৰ ভিৱানী, মহেন্দ্ৰগড় আৰু উত্তৰ প্ৰদেশৰ সীতাপুৰ, গোণ্ডাত গোলাপী ৰঙৰ পোৱালি কাকতি ফৰিং আৰু হালধীয়া ৰঙৰ বুঢ়া কাকতি ফৰিং সক্ৰিয় হৈ আছে।

১। উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাৰ কাৰ্ণেকগঞ্জৰ য়াকুবপুৰ তহছিলত নিয়ন্ত্ৰণ অভিযান
২। হাৰিয়ানাৰ ৰামগড় আলৱাৰত নিয়ন্ত্ৰণ অভিযান
৩। ৰাজস্থানৰ চিৰাৱাত নিয়ন্ত্ৰণ অভিযান
৪। ৰাজস্থানৰ কাচানীত বৃহৎ পৰিমাণৰ কাকতি ফৰিং নাশ
***
APS/SG/SB
(रिलीज़ आईडी: 1638601)
आगंतुक पटल : 281