স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

সংকটক সুযোগলৈ ৰূপান্তৰিত কৰিছো : ড০ হৰ্ষ বৰ্দ্ধন

ক’ভিড-১৯ৰ চিকিত্সা প্ৰবন্ধনকে ধৰি স্বাস্থ্যখণ্ডৰ সহযোগিতা সন্দৰ্ভত অষ্ট্ৰেলিয়াৰ স্বাস্থ্য মন্ত্ৰীগৰীকীৰে স্বাস্থ্য মন্ত্ৰীৰ দ্বিপাক্ষিক আলোচনা

Posted On: 14 JUL 2020 2:42PM by PIB Guwahati

স্বাস্থ্যখণ্ডত সহযোগিতাৰ প্ৰসংগৰে আজি অষ্ট্ৰিলিয়াৰ স্বাস্থ্য মন্ত্ৰী শ্ৰী গ্ৰেগৰী এন্দ্ৰিউ হাণ্টৰ সৈতে আজি এক দ্বিপাক্ষিক আলোচনাত মিলিত হয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধন। ডিজিটেল মাধ্যমেৰে অনুষ্ঠিত হোৱা এই আলোচনাত দুয়োগৰাকী নেতাই কভিড-১৯ৰ প্ৰবন্ধনকে ধৰি স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন ক্ষেত্ৰত দেশ দুখনৰ মাজত সহযোগিতাৰ পৰিসৰ বৃদ্ধি কৰাৰ পোষকতা কৰে।

স্মৰ্তব্য যে, ২০১৭চনৰ ১০এপ্ৰিলত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত স্বাস্থ্য আৰু ঔষধ সম্পৰ্কীয় সহযোগিতাৰ পৰিবেশ সৃষ্টিৰ লক্ষ্যৰে এক বুজা-বুজিৰ চুক্তি স্বাক্ষৰিত কৰা হৈছিল। চুক্তিখনে মেলেৰিয়া আৰু যক্ষ্মা, মানসিক স্বাস্থ্য আৰু অনা-সংক্ৰমিত ৰোগ, বীজাণু প্ৰতিৰোধ, ঔষধ নিয়ামক বিধি, প্ৰতিষেধক আৰু চিকিত্সা উপকৰণ আৰু স্বাস্থ্য আন্তঃগাঁথনিৰ ডিজিটাইজেশ্যনৰ দৰে প্ৰসংগসমূহৰ প্ৰবন্ধনক সামৰি লৈছিল। সেইদৰে, চুক্তিখনত অতি সম্প্ৰতি দেখা দিয়া কভিড-১৯য়ে জন-স্বাস্থ্যৰ প্ৰতি সৃষ্টি কৰা আকস্মিক সংকটৰ বিৰুদ্ধে গ্ৰহণ কৰিব লগা পদক্ষেপকো অন্তৰ্ভুক্ত কৰা হৈছিল।

আলোচনাৰ অৰম্ভণীতে ড০ বৰ্দ্ধনে, মেদবহুলতা আৰু চেমনীয়াৰ মধুমেহ সন্দৰ্ভত জনসজাগতা সৃষ্টিৰ লক্ষ্যৰে ৫কিলোমিটাৰ দূৰত্বৰ দৌৰৰ দৰে কাৰ্যক্ৰমৰ আয়োজন কৰাৰ বাবে শ্ৰী গ্ৰেগৰী হাণ্টৰ শলাগ লয়। ভাষণ প্ৰসংগত ড০ বৰ্দ্ধনে কয় যে উন্নত দেশ এখনত থাকিবলগীয়া অন্যতম উত্তম স্বাস্থ্যব্যৱস্থা এটা অষ্ট্ৰেলিয়াত বৰ্তী থকাৰ বিপৰীতে আজিৰ তাৰিখত ভাৰতৰ স্বাস্থ্যখণ্ডটোও এটা অতিকে দ্ৰুতগতিত সমৃদ্ধি লাভ কৰা খণ্ড হিচাপে পৰিগণিত হৈছে। এই খণ্ডই ইতিমধ্যেই আগন্তুক ১০টা বছৰত ২৭৫বিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতি স্পৰ্শ কৰাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। গোলকীয় অৰ্থনৈতিৰ উথ্থান-পতনৰ পিচতো ভাৰতৰ আভ্যন্তৰীণ চাহিদাই থণ্ডটোৰ বিকাশৰ গতিযে ত্বৰান্বিত কৰি ৰাখিব সেয়া নিশ্চিত। চিকিত্সা ক্ষেত্ৰৰ গৱেষণা আৰু বিকাশ তথা চিকিত্সা-পৰ্যটনৰ ক্ষেত্ৰত ভাৰতে এক বিপুল সম্ভাৱনীয়তাৰ সৃষ্টি কৰিছে। আয়ুৰ্বেদ আৰু যোগ-ৰ দৰে ভাৰতৰ কল্যাণকামী চিকিত্সা পদ্ধতিয়ে অষ্ট্ৰেলিয়াত বৰ্তী থকা মেদ-বহুতা আৰু মধুমেহ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত বিশেষ ভাবে সহায় আগবঢ়াব পাৰে বুলি উল্লেখ কৰে ড০ হৰ্ষ বৰ্দ্ধনে।

প্ৰসংগক্ৰমে তেওঁ, দেশৰ ১০০নিযুত পৰিয়ালক সামৰি আৰম্ভ কৰা পৃথিৱীৰ বৃহত্তম স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰতৰ জৰিয়তে ইতিমধ্যে ১০নিযুত ব্যক্তিয়ে চিকিত্সা সেৱা আদায় কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চিকিত্সা সেৱাক সাৰ্বজনীন ৰূপ দিয়াৰ বাবে গ্ৰহণ কৰা প্ৰয়াসক সাৰ্থক কৰি তোলাৰ কথা বিশেষ ভাবে উল্লেখ কৰে। সেইদৰে সুলভ দামত ঔষধ আৰু আস্থাভাজন চিকিত্সা কাৰ্যক্ৰম অমৃত-ৰ জৰিয়তেও দেশৰ ৪০০নিযুত দুখীয়া লোকক চিকিত্সা সকাহ দিয়াৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে তথ্য অৱগত কৰে।

সেইদৰে, কভিড-১৯ প্ৰবন্ধনৰ অংশ হিচাপে আৰম্ভ কৰা প্ৰয়াসৰ সুবাদত ইতিমধ্যে দেশত ১২০০পৰীক্ষাগাৰৰ এক বৃহত্ শৃংখল গঢ়ি উঠাৰ পৰা ভাৰতে ইতিমধ্যে ১৪০খন দেশলৈ হাইড্ৰক্সিক্লৰকুইনৰ দৰে ঔষধ যোগান ধৰাৰ কথাও জানিবলৈ দিয়ে।

দুয়োগৰাকী মন্ত্ৰীয়ে স্বাস্থ্য আৰু অন্যান্য উমৈহতীয়া স্বাৰ্থ জড়িত ক্ষেত্ৰসমূহত যুটীয়া উদ্যোগৰে কাম কৰি যোৱাৰ কথাত সহমত ব্যক্ত কৰে।

****

MV/KB



(Release ID: 1638599) Visitor Counter : 150