বিত্ত আয়োগ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰে বিত্ত আয়োগৰ বৈঠক

প্ৰয়োজনীয় পুঁজি ৬.০৪ লাখ কোটি টকালৈ বৃদ্ধি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ

Posted On: 13 JUL 2020 6:05PM by PIB Guwahati

১৫ সংখ্যক বিত্ত আয়োগে আজি তলত উল্লেখ কৰা নিৰ্দিষ্ট প্ৰসংগ সাপেক্ষে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধন আৰু স্বাস্থ্য মন্ত্ৰণালয়ৰ জ্যেষ্ঠ বিষয়া-বৰ্গৰে এখন বৈঠক অনুষ্ঠিত কৰেঃ

  • ’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰণালয়ৰ ৰাজ্য নিৰ্দিষ্ট প্ৰস্তাৱৰ সংশোধন।
  • আৰ্থিক সংকটৰ প্ৰেক্ষাপটত বেক ল’ডিঙৰ সম্ভাৱনা বিশ্লেষণ
  • স্বাস্থ্য সম্পৰ্কত ১৫ সংখ্যক বিত্ত আয়োগ (XVFC)ৰ উচ্চ স্তৰীয় গোটৰ পৰামৰ্শসমূহ মন্ত্ৰণালয়টোৰদ্বাৰা বিবেচনা।

বৈঠকখনৰ আৰম্ভণিতে স্বাস্থ্য সম্পৰ্কত ১৫ সংখ্যক বিত্ত আয়োগ (XVFC)ৰ অধ্যক্ষ শ্ৰী এন.কে. সিঙে মহামাৰীটোৰ সংক্ৰমণৰ ভয়াৱহতালৈ চাই, আয়োগে চৰকাৰক ইয়াৰ চূড়ান্ত প্ৰতিবেদনত স্বাস্থ্য সম্পৰ্কত এটা পৃথক অধ্যায় যুগুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ঘোষণা কৰে। আয়োগখনে মন্ত্ৰণালয়টোৰপৰা কেন্দ্ৰীয় চৰকাৰৰ ব্যয়, চৰ্ত নিৰ্ভৰ খণ্ড নিৰ্দিষ্ট ব্যৱস্থা অনুসৰি মতামত জনাৰ প্ৰয়োজনবোধ কৰে আৰু ৩য় টায়াৰৰ বাবে পৃথকে ৰখা এই ধন স্বাস্থ্য আৰু স্বাস্থ্য আন্তঃগাঁথনিত কিদৰে আৰোপিত কৰিব পাৰি সেই সন্দৰ্ভতো মন্ত্ৰণালয়টোৰপৰা জানিব খোজে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে ভাৰতৰ স্বাস্থ্য খণ্ডৰ অগ্ৰগতিৰ অৰ্থে তেওঁৰ লক্ষ্য সন্দৰ্ভত বিৱৰি কয় আৰু খণ্ডটোক লৈ আয়োগৰ পুনৰ প্ৰাথমিকতা প্ৰদানৰ সিদ্ধান্তক শলাগ লয়।

মন্ত্ৰণালয়টোৱে ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি (NHP) ২০১৭ ৰ লক্ষ্যসমূহৰ উল্লেখেৰে আয়োগৰ সন্মুখত দাঙি ধৰা বিস্তৃত প্ৰেজেনটেশ্যনত তলত উল্লেখ কৰা ধৰণৰে সন্নিৱিষ্ট কৰেঃ-

  • ২০২৫ ৰ ভিতৰত প্ৰগতিশীল পদ্ধতিৰে জিডিপিৰ ২.৫%লৈ জন স্বাস্থ্যৰ ব্যয় বৃদ্ধি কৰা।
  • মুঠ স্বাস্থ্য ব্যয়ৰ ২/৩য়াংশ প্ৰাথমিক স্বাস্থ্যত ব্যয় কৰা
  • ২০২০ৰ ভিতৰতে ৰাজ্যিক খণ্ডৰ স্বাস্থ্য ব্যয় সেইসমূহৰ বাজেটৰ ৮%ৰোধিকলৈ বৃদ্ধি কৰা।

মন্ত্ৰণালয়টোৱে উল্লেখ কৰে যে বৰ্তমানে প্ৰাথমিক স্বাস্থ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰখনে ৩৫% আৰু ৰাজ্য চৰকাৰসমূহৰদ্বাৰা ৬৫% ব্যয় কৰি আছে। মহামাৰীটোৱে জন স্বাস্থ্য খণ্ডৰ শক্তিশালীকৰণৰ প্ৰয়োজনীয়তা, জন স্বাস্থ্য ব্যৱস্থাপনাৰ নিৰীক্ষণ, নগৰীয়া স্বাস্থ্যত বিশেষ গুৰুত্ব প্ৰদানৰে প্ৰতিৰোধী আৰু প্ৰোৎসাহিত স্বাস্থ্যসেৱাৰ গুৰুত্বতাকে প্ৰতিপন্ন কৰিলে। মন্ত্ৰণালয়টোৱে বছৰি বছৰিভাৱে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আবন্টন বৃদ্ধি কৰাটোও বাঞ্চনীয় বুলি ভাবে।

নিম্ন উল্লেখিত ধৰণৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰাজ্য নিৰ্দিষ্ট অনুদান বৃদ্ধিৰ প্ৰস্তাৱ দাখিল কৰে

আনটাইড ফাণ্ডৰ কাৰণেঃ

  • স্বাস্থ্য খণ্ডৰ কাৰণে পুঁজিৰ ন্যূনতম ১০% নিৰ্দিষ্ট কৰিব লাগে যাৰ অতি-কমেও ২/৩য়াংশ প্ৰাথমিক স্বাস্থ্যৰ কাৰণে সংৰক্ষণ কৰাটো প্ৰযোজনীয়
  • প্ৰাথমিক স্বাস্থ্য সেৱাৰ অৰ্থে ৰাজ্যসমূহলৈ পুঁজি যোগানৰ পাৰ্থক্যক এটা মানদণ্ড হিচাপে ব্যৱহাৰ কৰিব লাগে – যিয়ে ৰাজ্যসমূহৰ গুৰুত্বপূৰ্ণ পুঁজিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু স্বাস্থ্য সেৱা প্ৰদানৰ গতি ক্ষীপ্ততৰ কৰি তোলাৰ লগতে স্বাস্থ্যত অধিক পুঁজি লাভ আৰু অগ্ৰাধিকাৰমূলক ব্যয়ৰ পথ প্ৰশস্ত কৰি তুলিব।

প্ৰদৰ্শন আধাৰিত প্ৰোৎসাহনৰ অৰ্থেঃ

  • বছৰৰ পাছত বছৰ ভিত্তিকভাৱে অগ্ৰগতি প্ৰদৰ্শনৰ অৰ্থে ৰাজ্যসমূহক উৎসাহিত কৰি তুলিবলৈ সংযুক্ত স্বাস্থ্য সূচক ব্যৱহাৰ কৰিব পৰা যায় – প্ৰদৰ্শন সংযোজিত একত্ৰীভবনত ২০% ৰ এটা গুৰুত্ব থকাটো উচিত হ’ব

মন্ত্ৰণালয়টোৱে প্ৰয়োজনীয় পুঁজিৰ নিমিত্তে বিত্ত আয়োগৰ ওচৰত সংশোধিত প্ৰস্তাৱ দাখিল কৰে। ইয়াত নতুন ক্ষেত্ৰৰ চিনাক্তৰণৰে ১৫ সংখ্যক বিত্ত আয়োগ (XVFC)ৰ সহায় বিচৰা হয়। এই নতুন ক্ষেত্ৰসমূহ হৈছে –

  • সহায়ৰ বাবে নতুন ক্ষেত্ৰ – নগৰীয়া স্বাস্থ্য, নিত্য ব্যৱহাৰ্য ঔষধ, ডিএনবি ক’ৰ্ছৰ আৰম্ভণি আৰু ক’ভিডৰ পৰৱৰ্তী স্বাস্থ্য খণ্ডৰ সংস্কাৰ
  • উচ্চ স্তৰীয় গোট (HLG)ৰ পৰামৰ্শসমূহ বিবেচনাৰ অৰ্থে
  • পুঁজিৰ আংশিক বেক-ল’ডিং
  • ১৫ সংখ্যক বিত্ত আয়োগ (XVFC)ৰ কাৰ্যকালৰ কাৰণে অৰ্থাৎ ২০২১-২২ ৰপৰা ২০২৫-২৬ লৈ প্ৰয়োজনীয় পুঁজি ৪.৯৯ লাখ কোটিৰপৰা ৬.০৪ লাখ কোটিলৈ বৃদ্ধি।

মন্ত্ৰণালয়টোৱে ১৫ সংখ্যক বিত্ত আয়োগ (XVFC)ৰ স্বাস্থ্য সন্দৰ্ভত উচ্চ স্তৰীয় গোটৰ পৰামৰ্শসমূহ বিবেচনা আৰু পুঁজিৰ আংশিক বেক-ল’ডিং আৰু সংশোধিত প্ৰয়োজনীয় পুঁজি ৪.৯৯ লাখ কোটিৰপৰা ৬.০৪ লাখ কোটিলৈ বৃদ্ধিৰ প্ৰস্তাৱ দিয়ে। তদুপৰি মন্ত্ৰণালয়টোৱে ৰাজ্যসমূহলৈ বছৰি জিডিপিৰ ০.৪ শতাংশৰ সমান অতিৰিক্ত সমল আগবঢ়োৱাৰ কথা কয় যিয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিৰ লক্ষ্যসমূহত উপনীত হোৱাত লক্ষ্যণীয় অগ্ৰগতি সাধন কৰিব পাৰিব বুলি তেওঁলোকে ভাবে। মন্ত্ৰণালয়ৰদ্বাৰা চিনাক্ত কৰা সহায় বৃদ্ধিৰ মূল উপাদানসমূহ এনেধৰণৰ –

  • জিলা চিকিৎসালয়সমূহৰ (DH) সংলগ্নকৈ চিকিৎসা মহাবিদ্যালয় (MC) স্থাপন কৰা
  • সংযোগী স্বাস্থ্যসেৱাৰ ১.৫ মিলিয়ন দক্ষ কৰ্মশক্তিৰ প্ৰশিক্ষণ
  • পিএমএছএছৱাইৰ অধীনত চুপাৰ স্পেচিয়েলিটি ব্লক (SSB) আৰম্ভ কৰা
  • প্ৰাথমিক স্বাস্থ্যসেৱাকে ধৰি স্বাস্থ্য প্ৰণালীৰ শক্তিশালীকৰণ।

আয়োগখনে মন্ত্ৰীজন আৰু মন্ত্ৰণালয়টোৰদ্বাৰা উল্লেখ কৰা সকলোবোৰ কথা টুকি ৰাখে আৰু ৰাজহুৱা খণ্ডৰ স্বাস্থ্য ব্যয় বৃদ্ধি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাৰ লগতে স্বাস্থ্য কৰ্মীসকলৰ পেছাদাৰী কাঠামোৰ অগ্ৰগতি সাধন কৰিবলৈ সন্মত হয়। এই উদ্দেশ্যৰে ৰাজ্যসমূহ আৰু ৩ য় টায়াৰৰ উচ্চ আৰু নিৰৱচ্ছিন্ন প্ৰবৃত্তিৰ প্ৰয়োজন। আয়োগখনে আজিৰ বৈঠকত উত্থাপন হোৱা প্ৰসংগসমূহ গুৰুত্ব সহকাৰে লোৱা হৈছে বুলি আশ্বাস প্ৰদান কৰে।

******

MC/SB



(Release ID: 1638470) Visitor Counter : 169