স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

চত্তৰপুৰত চৰ্দাৰ পেটেল ক’ভিড কেয়াৰ চেণ্টাৰ এণ্ড হাস্পতাল পৰিদৰ্শন ডাঃ হৰ্ষ বৰ্দ্ধনৰ

আত্মোত্সৰ্গা আৰু স্বাৰ্থহীন সেৱাৰ বাবে স্বাস্থ্য কৰ্মী আৰু আইটিবিপি কৰ্মচাৰীক প্ৰশংসা

Posted On: 12 JUL 2020 5:08PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্দ্ধনে আজি দিল্লীৰ চত্তৰপুৰস্থিত চৰ্দাৰ পেটেল কভিড কেয়াৰ চেণ্টাৰ এণ্ড হাস্পতাল(SPCCC) পৰিদৰ্শন কৰে আৰু কেন্দ্ৰটোৰ কভিড-১৯ ব্যৱস্থাপনাৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰোগৰ সৈতে মোকাবিলা কৰাৰ উপায় বৃদ্ধিৰ বাবে সহযোগী প্ৰচেষ্টাৰ জৰিয়তে নতুন দিল্লীৰ চত্তৰপুৰৰ ৰাধা স্বামী সত্সংগ ব্যাস(RSSB)ক ১০,২০০ বিছনাযুক্ত চৰ্দাৰ পেটেল কভিড কেয়াৰ চেণ্টাৰ ৰূপে বিকশিত কৰিছে।

 

ডাঃ হৰ্ষ বৰ্দ্ধনে RSSBৰ ৰন্ধন শাল পৰিদৰ্শন কৰাৰ লগতে ভঁৰাল ঘৰ নিৰীক্ষণ কৰে। স্বাস্থ্য কেন্দ্ৰটোত ভৰ্তি হোৱা ৰোগীসকলৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে প্ৰাকৃতিক চিকিত্সা আৰু আয়ুৰ্বেদৰ  প্ৰটকল মানি চলা হৈছে। তেওঁলোকক পুৱা সময়ত আয়ুৰ্বেদিক কাঢ়া আৰু পাছত আহাৰ বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি খাদ্য দিয়াৰ লগতে দিনৰ শেষত হালধিযুক্ত গাখীৰ দিয়া হয়। পিপিই কিট পিন্ধাৰ পাছত মন্ত্ৰীগৰাকীয়ে প্ৰায় ১২গৰাকী ৰোগীৰ সৈতে মত-বিনিময় কৰে আৰু কেন্দ্ৰটোত উপলব্ধ সুবিধাৰ উপৰি তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি সন্দৰ্ভত খবৰ লয়। তেওঁ পৰিস্কাৰ- পৰিচ্ছন্নতা, শৌচালয়ৰ স্বচ্চতা সন্দৰ্ভতো অনুসন্ধান কৰে। ৰোগীসকলে কেন্দ্ৰটোত লাভ কৰা সুবিধাক লৈ সন্তোষ ব্যক্ত কৰে। ডাঃ হৰ্ষ বৰ্দ্ধনে নাৰ্ছিং ষ্টেছনো পৰিদৰ্শন কৰে আৰু চিকিত্সক, নাৰ্ছিং কৰ্মচাৰী অন্যান্য কৰ্মচাৰীসকলে নিঃস্বাৰ্থভাৱে কৰা কাম আৰু সমৰ্পিত সেৱাৰ উপৰি কেন্দ্ৰটোৰ পৰিচালনাৰ সৈতে জড়িত চাফাই কৰ্মচাৰীসকলৰ শলাগ লয়।

 

ডাঃ হৰ্ষ বৰ্দ্ধনে ৩০গৰাকী কভিড স্বেচ্ছাসেৱকৰ সৈতেও মত-বিনিময় কৰে যিসকলে নিজৰ বলত এই সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰাৰ পাছত বৰ্তমানে কেন্দ্ৰটোত সেৱা আগবঢ়াই আছে। তেওঁলোকক কৰনা যোদ্ধা বুলি অভিহিত কৰি তেওঁলোকৰ যোগদান আৰু সমৰ্পণৰ বাবে মন্ত্ৰীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে।

 

মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰটোত সাজু থকা ১০,২০০খন বিছনাৰ বৰ্তমান ২,০০০খনহে ব্যৱহৃত হৈছে। ইয়াত ১০০-১১৬ বিছনাযুক্ত ৮৮টা আৱেষ্টনী আছে, দুটা আৱেষ্টনীৰ তত্ত্বাৱধান এটা নাৰ্ছিং কেন্দ্ৰৰ দ্বাৰা কৰা হৈছে। এতিয়ালৈকে এই কেন্দ্ৰটোত ২০ টা আৱেষ্টনীৰ আৰু ১০টা নাৰ্ছিং ষ্টেছন সাজু হৈ আছে। ডেডিকেটেদ কভিড হেল্থ চেণ্টাৰ(ডিচিএছচি)ৰ ১০শতাংশ বিছনাত অক্সিজেনৰ সুবিধা আছে। এতিয়ালৈকে ভৰ্তি হোৱা ১২৩ গৰাকী ৰোগীৰ আন ৰোগৰ দ্বাৰা পীড়িত ৫গৰাকীক উন্নত চিকিত্সাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা গৈছে।

 

স্বাস্থ্য কেন্দ্ৰটোত এনআইএমএইচএএনএছ প্ৰশিক্ষিত বিশেষজ্ঞৰ দ্বাৰা মনোবৈজ্ঞানিক পৰামৰ্শ আৰু মনোৰোগ সেৱা উপলব্ধ কৰোৱা হৈছে। ৰোগীৰ বাবে ধ্যান আৰু যোগাসন শিবিৰৰো আয়োজন কৰা হৈছে আৰু ৰেফাৰেল হাস্পতাল, আইটিবিপিৰ দ্বাৰা টেলিমেডিচিনৰ সহায় কৰা হৈছে। ডিচিএইচচিৰ প্ৰতিটো আৱেষ্টনীৰ এটা শ্বিফটৰ বাবে আইটিবিপিৰ ইন-হাউছ চিকিত্সা বিশেষজ্ঞ উপলব্ধ আছে, যত আছেঃ ১)এগৰাকী চিকিত্সক, ২)গৰাকী ষ্টাফ নাৰ্ছ আৰু ৩) স্বাস্থ্য কৰ্মচাৰী। ৮দিন পাছত চিকিত্সা দলক কোৱাৰেণ্টাইনৰ বাবে পঠোৱা হয় তেওঁলোকৰ স্থানত নতুন কৰ্মচাৰী নিযুক্ত হয়। জৰুৰী অৱস্থাৰ বাবে ১০শতাংশ চিকিত্সা কৰ্মচাৰী সংৰক্ষণ কৰি ৰখা হৈছে।

 

 

ডাঃ হৰ্ষ বৰ্দ্ধনে কভিড কেন্দ্ৰটোৰ প্ৰস্তুতিৰ মানক লৈ সন্তুষ্টি ব্যক্ত কৰে। তেওঁ কয়-মাননীয় প্ৰধানমন্ত্ৰীৰ মাৰ্গদৰ্শনত আমি কভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ দেশজুৰি সাৰ্বজনিক স্বাস্থ্য আন্তগাঁথনি দ্ৰুতগতিত বৃদ্ধি কৰিছোঁ। তেওঁ দিল্লীৰ জিলা অধিকাৰীসকল আৰু আইটিবিপিৰ কৰ্মচাৰীসকলৰ সমন্বিত প্ৰচেষ্টাৰ শলাগ লয়, যাৰ ফলস্বৰূপে অভিলেখসংখ্যক ১০দিনতে এই কেন্দ্ৰটো সাজু কৰি তোলা হৈছে। আইটিবিপি আৰু বিএছএফৰ নিঃস্বাৰ্থভাৱে কৰা কাৰ্যৰ প্ৰশংসা কৰি তেওঁ কয়-কভিড-১৯ ৰোগীৰ চিকিত্সাৰ বাবে অন্য চিকিত্সা উপকৰণৰ সৈতে ১০টা ডেডিকেটেদ লাইফ কেয়াৰ ছাপৰ্ট এম্বুলেঞ্চ, এক্স ৰে, অক্সিজেন চিলিণ্ডাৰ, বাই ফেচিক ডেফিব্ৰিলেটৰ কমপ্লিট, পালছ অক্সিমিটাৰ, ছাকচন মেছিন আৰু বাই পেপ মেচিনৰ সৈতে সাজু হোৱা  কেন্দ্ৰটোক এইদৰে দেখা পোৱাটো লক্ষ্যণীয় কথা।

 

পৰিদৰ্শন কালত সাংবাদিকৰ আগত ডাঃ হৰ্ষ বৰ্দ্ধনে কয়-ভাৰতৰ ক্লিনিকেল প্ৰটকলে ব্যাপক পৰীক্ষণৰ জৰিয়তে আগতীয়া চিনাক্তকৰণ, নিৰীক্ষণ, সমস্যাৰ শীঘ্ৰে চিহ্নিতকৰণ আৰু চিকিত্সা ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দিছে। ইয়াৰ ফলস্বৰূপে ইয়াত সৰ্বনিম্ন মৃত্যুৰ হাৰ ২.৬৬শতাংশ। আমাৰ সফলতা প্ৰায় ৬৩ শতাংশ আৰোগ্যৰ হাৰ আৰু ৫.৩ লাখ ৰোগী সুস্থ হোৱাৰ পৰা বুজিব পাৰি। তেওঁ কয়- যেতিয়া আমি আনলক ২.০ৰ পিনে আগবাঢ়িম তেতিয়া ছচিয়েল ভেকচিন- দুই গজ দূৰত্ব পালন কৰাটো আৱশ্যকীয় হৈ পৰে আৰু আৰু আমি সকলোৱে কভিড উপযুক্ত ব্যৱহাৰ পালন কৰিব নিতান্তই প্ৰয়োজনীয়।

 

চৰ্দাৰ পেটেল কভিড কেয়াৰ চেণ্টাৰ এণ্ড হাস্পতালৰ এই পৰিদৰ্শন কালত ডাঃ হৰ্ষ বৰ্দ্ধনৰ সৈতে ডিএম(দক্ষিণ দিল্লী)ডাঃ বি এম মিশ্ৰ, আই জি(আইটিবিপি)শ্ৰী আনন্দ স্বৰূপ, বেছ কেম্পৰ কমাণ্ডেণ্ট ডাঃ প্ৰশান্ত মিশ্ৰ উপস্থত আছিল। আনহাতে জিলাৰ অধিকাৰী, আইটিবিপি আৰু বিএছএফৰ অন্যান্য কৰ্মচাৰী আৰু ৰাধা স্বামী সত্সংগ ব্যাসৰ প্ৰতিনিধিসকলো উপস্থিত থাকে।

 

****

MV/SG/KG



(Release ID: 1638259) Visitor Counter : 169