গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বল পৰিসৰ, গুৰুগ্ৰামত অখিল ভাৰতীয় বৃক্ষ ৰোপণ অভিযানত অংশগ্ৰহণ কৰে

Posted On: 12 JUL 2020 2:08PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে 'অখিল ভাৰতীয় বৃক্ষ ৰোপণ অভিযান' উপলক্ষে আজি কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলৰ গুৰুগ্ৰামস্থিত পৰিসৰত আহত পুলি ৰোপণ কৰে। নিজৰ ভাষণত শ্ৰী অমিত শ্বাহে কয়, 'মই আমাৰ সশস্ত্ৰ বাহিনীৰ বীৰ জোৱানসকলক অভিনন্দন জনাইছো আৰু তেওঁলোকক শ্ৰদ্ধা জনাইছো যি দেশৰ ৰক্ষাৰ সমান্তৰালকৈ পৰিৱেশ ৰক্ষা কৰা এই বিশাল অভিযানৰ মাধ্যমত দেশজুৰি ১.৩৭ কোটিতকৈও অধিক দীঘলীয়া আয়ুস থকা বৃক্ষ ৰোপণ কৰিছে।' কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বাহিনীয়ে সমগ্ৰ দেশৰ বিমান বন্দৰ আৰু ৰে'ল ষ্টেচনৰ সুৰক্ষা তথা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ সমান্তৰালভাৱে কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজতো মহত্বপূৰ্ণ যোগদান দিছে। শ্ৰী অমিত শ্বাহে এই মহামাৰীত প্ৰাণ হেৰুউৱা কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বাহিনীৰ ৩১ কোৰোনা যোদ্ধাক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি কয় যে এই কোৰোনা যোদ্ধাসকলৰ বলিদান ব্যৰ্থ নহয় আৰু কোৰোনাৰ বিৰুদ্ধে যুঁজৰ ইতিহাসত কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বাহিনীৰ নাম সোণালী আখৰেৰে লিখা থাকিব। শ্ৰী অমিত শ্বাহে কয় যে এই কাৰ্যক্ৰম এনেকুৱা সময়ত হৈছে যি সময়ত সমগ্ৰ পৃথিৱীয়ে এটা ডাঙৰ সংকটৰ মুখামুখি হৈ আছে। কেইবা বছৰৰ ইতিহাসত এনেকুৱা মহামাৰীৰ উদাহৰণ পোৱা নাযায় আৰু আজি সমগ্ৰ বিশ্বতে কোৰোনা মহামাৰীয়ে মানৱ জীৱনৰ অস্তিত্বৰ সৈতে যুঁজি আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে এই যুঁজত ভালদৰে যুঁজি আছে। কোৰোনাৰ বিৰুদ্ধে যুঁজত যেতিয়া ডাঙৰতকৈও ডাঙৰ বিকশিত দেশৰ স্বাস্থ্য ব্যৱস্থাৰ অৱনতি ঘটিছে, একেদৰে ঘন জনবসতিপূৰ্ণ দেশৰ অন্যতম আমাৰ দেশত, য'ত স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি অন্য বিকশিত দেশৰ তুলনাত শক্তিশালী নাছিল, সেয়ে সকলোৰে মনত আশংকা আছিল যে কোৰোনাৰ বিৰুদ্ধে যুঁজ ভাৰতৰ দৰে দেশে কেনেকৈ যুঁজিব। কিন্তু আজি সমগ্ৰ বিশ্বই চাই আছে যে কোৰোনাৰ বিৰুদ্ধে সমগ্ৰ বিশ্বতে সফলতাৰে যুঁজ যদি ক'ৰবাত হৈছে তেন্তে সেয়া ভাৰতত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হৈছে।

 

শ্ৰী অমিত শ্বাহে লগতে কয় যে বিশ্বব্যাপি এই যুঁজত চৰকাৰসমূহ অৱতীৰ্ণ হৈছে। কিন্তু ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ সৈতে সকলো ৰাজ্য চৰকাৰ আৰু প্ৰতিজন লোকে এই যুঁজত একেলগে থিয় দিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়,'প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত 'এক জন, এক মন, এক ৰাষ্ট্ৰ'ৰ সূত্ৰক চৰিতাৰ্থ কৰি কোৰোনাৰ বিৰুদ্ধে যুঁজত আমি ভাল স্থিতিত আছো। ক'তো আশংকাৰ পৰিস্থিতি নাই, ইয়াৰ বিৰুদ্ধে যুঁজাৰ মনোবল আছে, পৰাজিত কৰাৰ সংকল্প আছে আৰু মই ক'ব বিচাৰিছো যে এইখন যুঁজত আমাৰ সুৰক্ষা বাহিনীৰো বহুত মহত্বপূৰ্ণ যোগদান আছে।' কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে বিভিন্ন সুৰক্ষা বাহিনীৰ জোৱানৰ স্মৃতিত এটি বৃহ স্মাৰক দিল্লীত নিৰ্মাণ কৰা হৈছে যি সদায় জনসাধাৰণক তেওঁলোকৰ বলিদানৰ কথা সোঁৱৰাই দিয়ে।

 

শ্ৰী অমিত শ্বাহে কয় যে আমাৰ উপৰি পুৰুষে কৈছিল যে প্ৰকৃতিৰ প্ৰতিপালন কৰিব লাগে, প্ৰকৃতিক শোষণ কৰিব নালাগে। বৈদিক যুগত ঋষি-মুণিৰ দ্বাৰা গঢ়ি তোলা এই ভাৰসাম্যক ভৌতিকবাদী বিচাৰ ধাৰাই ভংগ কৰে আৰু সেয়ে আজি জলবায়ু পৰিবৰ্তন, বৰ্দ্ধিত তাপমাত্ৰা, গ্ল'বেল ৱাৰ্মিঙৰ বিপদ সন্মুখত থিয় হৈ আছে। এই সংকটৰ পৰা আমাক বৃক্ষইহে বচাব পাৰে আৰু সেয়ে আমাৰ উপৰি পুৰুষে সকলো গ্ৰন্থতে বৃক্ষৰ মহত্বৰ বিষয়ে বুজাইছে। শ্ৰী অমিত শ্বাহে কয় যে বৃক্ষৰ মানৱ জীৱনত গুৰুত্বৰ বিষয়ে বৰ্ণনা কৰা মস্য পুৰাণৰ নিম্নোল্লিখিত সূত্ৰটো অভিযানৰ মূল মন্ত্ৰ হিচাপে লোৱা হৈছে যাৰ ফলত বাহিনীৰ কৰ্মীসকল আৰু তেওঁলোকৰ মাধ্যমত সমাজত বৃক্ষৰ প্ৰতি সংবেদনশীলতা আৰু চেতনা জাগ্ৰত হ'ব।

 

दशकूपसमावापी, दशवापीसमोह्रदः

 

दशह्रदसमोपुत्रो, दशपुत्रसमोद्रुमः।।

 

(এটা জলকুণ্ড দহটা কুঁৱাৰ সমান, এটা পুখুৰী দহটা জলকুণ্ডৰ সমান, এজন পুত্ৰৰ যেনেকৈ দহটা পুখুৰীৰ সমান মহত্ব আৰু তেনেকৈয়ে এজোপা গছৰ দহটা পুত্ৰৰ সমান মহত্ব।)

 

তেওঁ সকলো জোৱানকে আহ্বান জনায় যে যেতিয়া লৈকে ৰোপণ কৰা লোকজনতকৈ গছজোপা ডাঙৰ হৈ নাযায় তেতিয়ালৈকে তাৰ ওপৰত মনোযোগ দিব লাগে। তাৰ পিছত সেই গছজোপাই প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আমাৰ যতন ল'ব। শ্ৰী অমিত শ্বাহে কয় যে ইয়াৰ জৰিয়তে জীৱনো পল্লৱিত আৰু সুগন্ধিত হ'ব। বৃক্ষৰ পৰা আমি প্ৰাণ বায়ু লাভ কৰো আৰু প্ৰাণ বায়ু অবিহনে শৰীৰৰ কল্পনা কৰিব পৰা নাযায়। শ্ৰী অমিত শ্বাহে কয় যে অক্সিজেন দিয়াৰ ক্ষমতা, বতৰৰ অনুকূলতা আৰু আয়ুসৰ প্ৰতি লক্ষ্য ৰাখি এই মহা অভিযানৰ বাবে আহত, জামু, নিম, বট আৰু বৰগছৰ দৰে গছ বাছনি কৰা হৈছে।

 

শ্ৰী অমিত শ্বাহে কয় যে দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিৱেশ, পৰিৱেশৰ সংৰক্ষণ আৰু পৰিৱেশৰ সংবৰ্ধনৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। গুজৰাট প্ৰথম এনেকুৱা ৰাজ্য য'ত পৰিৱেশৰ চিন্তাৰ বাবে ডিপাৰ্টমেণ্ট গঠন কৰা হৈছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ইন্ধনৰ কথা কয় আৰু সেয়ে পেট্ৰ'লৰ ঠাইত এথেনলৰ ব্যৱহাৰক উদগণি দিব বিচাৰে। আজি ভাৰত সমগ্ৰ বিশ্বৰ ভিতৰতে সৌৰ শক্তিৰ কেন্দ্ৰ হৈছে আৰু শীঘ্ৰেই আমি এই স্থিতিত উপনীত হ'ম যে দেশৰ ভিতৰত সবাতোকৈ অধিক শক্তিৰ উপাদন সৌৰ শক্তিৰ মাধ্যমত হ'ব। শ্ৰী অমিত শ্বাহে কয় যে উজ্জ্বলা যোজনাৰ জৰিয়তে ৪ কোটি পৰিয়ালক বিনামূলীয়া গেছ চিলিণ্ডাৰৰ দৰে যোজনাও ভাৰত চৰকাৰৰ দ্বাৰা পৰিৱেশ সংৰক্ষণৰ প্ৰয়াসৰ অন্যতম। কাৰ্যক্ৰমত কেন্দ্ৰীয় গৃহ সচিব শ্ৰী অজয় কুমাৰ ভাল্লা, কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বাহিনীৰ সাতোজন মহানিৰ্দেশক আৰু অন্য জ্যেষ্ঠ বিষয়াবৰ্গও উপস্থিত থাকে।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণা আৰু গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশত কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বাহিনী (সীমা সুৰক্ষা বল, কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বল, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল, ভাৰত-তিব্বত সীমা পুলিচ, সশস্ত্ৰ সীমা বল, আসাম ৰাইফল, ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ড)য়ে বৃক্ষ ৰোপণৰ অভিযান আৰম্ভ কৰে। এই অভিযানৰ অধীনত সকলো বাহিনীৰ দ্বাৰা ৩০ জুন ২০২০ পৰ্যন্ত দেশৰ বিভিন্ন প্ৰান্তত ২০ লাখতকৈ অধিক বৃক্ষ ৰোপণ কৰা হৈছে।

 

'অখিল ভাৰতীয় বৃক্ষ ৰোপণ অভিযান'ৰ জৰিয়তে আজি দেশজুৰি কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বাহিনীৰ চৌহদত ১০ লাখতকৈ অধিক বৃক্ষ ৰোপণ কৰা হয়। এই বৃক্ষ ৰোপণ মহা অভিযানে ভাৰতৰ পৃথিৱীখন সেউজীয়া কৰি তোলাৰ প্ৰয়াসৰ লগতে এই কথাও প্ৰতিপন্ন কৰিছে যে কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বাহিনীয়ে কেৱল ৰাষ্ট্ৰৰ বাহ্যিক আৰু আভ্যন্তৰীণ সুৰক্ষাই নহয় বৰং ইয়াৰ পৰিৱেশৰ সুৰক্ষাৰ প্ৰতিও সংকল্পবদ্ধ।

******

 

NW/RK/PK/AD/DDD



(Release ID: 1638212) Visitor Counter : 115