প্ৰতিৰক্ষা মন্ত্ৰালয়

জম্মু আৰু কাশ্মীৰত ৰণকৌশলগত ভাবে গুৰু্ত্বপূৰ্ণ ৬খন দলঙৰ ডিজিটেল মাধ্যমেৰে শুভাৰম্ভ ঘোষণা কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে

Posted On: 09 JUL 2020 12:21PM by PIB Guwahati

জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাৰ সমীপবৰ্তী, অতিকে স্পৰ্শকাতৰ অঞ্চলবিশেষৰ সৈতে পথ-যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত নৱ-বিপ্লৱৰ সূচনা কৰি প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে আজি ৬খন পথ-দলঙৰ ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে শুভ-উদ্ভোধন কৰে। ৰণ-কৌশলগত দিশত অতিকে গুৰুত্বপূৰ্ণ এইকেইখন দলঙৰ নিৰ্মাণ কাৰ্য অভিলেখপূৰ্ণ ভাবে অতি কম সময়তে কৰি উলিয়াই সীমান্ত পথ সংস্থা-বিআৰঅ-য়ে।

অতিকে বিপদ-সংকূল পাৰ্বত্য অঞ্চলত থকা আৰু প্ৰতিকূল বতৰকো নেওচি কেউখন দলঙৰ কাম নিয়াৰিকৈ আৰু অভিলেখ ৰচনা কৰিব পৰা কম সময়ত নিৰ্মাণ কৰি উলিওৱাৰ লগতে ৰাষ্ট্ৰ-নিৰ্মাণত দেখুওৱা কৃতিত্বৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বিআৰঅ-ৰ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীকে অভিনন্দন জনায়। এনেবোৰ দলং বাস্তৱিকতেই যিকোনো দেশৰ বাবে জীৱনৰেখাস্বৰূপ হৈ উঠাৰ লগতে সীমান্তবৰ্তী এলেকাসমূহৰ আৰ্থ-সামাজিক উন্নয়ণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পৰা বিধৰ বুলি মন্তব্য কৰে। জম্মু-কাশ্মীৰৰ সামগ্ৰিক উন্নয়ণক কেন্দ্ৰীয় চৰকাৰে প্ৰাথমিকতা প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়যে, আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে এইসমূহ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ খটিয়ান নিয়মীয়াকৈ গ্ৰহণ কৰি থকাৰ লগতে যথা সময়ত কাম সম্পূৰ্ণ কৰিব পৰাকৈ প্ৰয়োজন হোৱা পুঁজিৰ যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত তত্পৰতা গ্ৰহণ কৰি আহিছিল।

যি সময়ত পৃথিৱীজুৰি (কভিড-১৯ৰ পৰিপ্ৰেক্ষিতত) আচুতীয়াকৰণ তথা ইজনৰ পৰা সিজনৰ মাজত ব্যৱধান বৰ্তাই ৰখাৰ প্ৰয়াস চলিছে সেইসময়ত মানুহক সংযোজিত কৰিব পৰা এই দলংসমূহৰ শুভাৰম্ভ কৰাৰ অভিজ্ঞতা খুবেই আনন্দদায়ক কথা বুলি তাত্পৰ্যপূৰ্ণ মন্তব্য কৰে শ্ৰী সিঙে।

বিআৰঅ-ৰ কুশলী কৰ্মদক্ষতাৰে দেশৰ প্ৰত্যন্ত অঞ্চলসমূহক সংযোজিত কৰাৰ বাবে ভাৰত চৰকাৰে দেখা সপোন সফল কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। তেওঁ এইকেইখন দলঙৰ সুবাদত জম্মু-কাশ্মীৰৰ বৃহত্তৰ অঞ্চলৰ সামগ্ৰিক উন্নয়ণৰ গতি ত্বৰান্বিত হব বুলিও মন্তব্য কৰে।

প্ৰসংগক্ৰমে তেওঁ, বিগত দুটাবছৰত বিআৰঅ-য়ে শেহতীয়া প্ৰযুক্তি আৰু আধুনিক যন্ত্ৰ-পাতিৰ সদ্ব্যৱহাৰ কৰি ২২০০কিলোমিটাৰৰো অধিক পথ কাটি উলিওৱা, ৪২০০কিলোমিটাৰ পথৰ আস্তৰণ নিৰ্মাণ কৰাৰ লগতে প্ৰায় ৫,৮০০মিটাৰ দৈৰ্ঘ্য পৰিমাণৰ স্থায়ী দলং নিৰ্মাণ কৰি উলিয়াইছে বুলি তথ্য দাঙি ধৰে। মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত জম্মু-কাশ্মীৰবাসী ৰাইজকো চৰকাৰৰ এই প্ৰয়াসলৈ সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

***

ABB/Nampi/KA/DK/Savvy/ADA/KB



(Release ID: 1637615) Visitor Counter : 216