কেবিনেট

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজ-প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ সম্প্ৰসাৰণত কেবিনেটৰ অনুমোদন- জুলাইৰপৰা নৱেম্বৰ, ২০২০ লৈকে পাঁচ মাহৰ কাৰণে বিনামূলীয়া দাইল বিতৰণ

Posted On: 08 JUL 2020 4:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কভিড-১৯ৰ পৰিপ্ৰেক্ষিতত হোৱা অৰ্থনৈতিক সংকটৰপৰা জনসাধাৰণক সকাহ দিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (পিএমজিকেএৱাই)ৰ পৰৱৰ্তী সম্প্ৰসাৰণ অৰ্থাৎ পৰৱৰ্তী পাঁচ মাহ যথা জুলাইৰপৰা নৱেম্বৰ, ২০২০ লৈ বৃদ্ধি কৰাত অনুমোদন জনায়।

এই আঁচনিখনৰ অধীনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ (এনএফএছএ)ৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো হিতাধিকাৰী পৰিয়াললৈ প্ৰতি মাহে @১ কিগ্ৰাকৈ ৯.৭ লাখ মেট্ৰিকটন চাফা দাইল বিতৰণ কৰা হব। জুলাইৰপৰা নৱেম্বৰ, ২০২০ অৰ্থাৎ পাঁচ মাহৰ কাৰণে বিনামূলীয়াকৈ এয়া প্ৰদানৰ বাবদ মুঠ ৬,৮৪৯.২৪ কোটি টকা ধ্যাৰ্য কৰা হৈছে।

এই আঁচনিখনে প্ৰায় ১৯.৪ কোটি গৃহস্থীক সামৰি লৈছে। সম্প্ৰসাৰিত পিএমজিকেএৱাইৰ সকলো ব্যয় কেন্দ্ৰীয় চৰকাৰখনে বহন কৰিব। সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী পাঁচ মাহৰ ভিতৰত দৰিদ্ৰ পৰিয়ালসমূহকে প্ৰমুখ্য কৰি কাকোকে অনাহাৰে নৰখাৰ যি প্ৰতিশ্ৰুতি ভাৰত চৰকাৰে প্ৰদান কৰিছিল তাৰ অংশস্বৰূপেই এই যোজনাৰ সম্প্ৰসাৰণ ঘটোৱা হৈছে। দাইলৰ বিনামূলীয়া বিতৰণে এই পাঁচ মাহ সময়ত ওপৰত-উল্লেখিত লোকসকলে দেহত যথোপযুক্ত প্ৰটিন লাভ কৰিবলৈ সক্ষম হব।

এই পেকেজৰ বাবে বিতৰণ কৰিবলগীয়া দাইল ২০১৫-২০১৬ ত স্থাপন কৰা ভাণ্ডাৰত মজুত থকা বলিষ্ঠ উপলব্ধতাৰপৰাই আহৰণ কৰা হব। পিএমজিকেএৱাইৰ এই সম্প্ৰসাৰিত সময়ত বিতৰণৰ অৰ্থে ভাৰত চৰকাৰৰ পৰ্যাপ্ত পৰিমাণে বুটো জমা আছে।

পিএমজিকেএৱাইৰ প্ৰথম পৰ্যায় (এপ্ৰিলৰপৰা জুন, ২০২০ লৈ)ত, ইতিমধ্যে ৪.৬৩ লাখ মেট্ৰিকটন দাইল বিতৰণ কৰা হৈছে, যাৰ জৰিয়তে সমগ্ৰ দেশৰ ১৮.২ কোটি পৰিয়াল উপকৃত হয়।

পৃষ্ঠপটঃ

ৰোনা ভাইৰাছ আৰু লক ডাউনৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ বাবে অৱহেলিত আৰু দুখীয়া লোকসকলে মুখামখি হোৱা জটিলতাৰপৰা উপসম দিয়াৰ অৰ্থে প্ৰধানমন্ত্ৰীয়ে ৩০.৬.২০২০ ত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজ নৱেম্বৰ, ২০২০ৰ শেষলৈকে সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছিল।

************

VRRK/SH/SB



(Release ID: 1637353) Visitor Counter : 180