বিত্ত মন্ত্ৰালয়

বিত্তমন্ত্ৰীয়ে অৰ্থনীতিৰ ব্যয়ক উদগণি যোগাবলৈ ২৩টা চিপিএছইৰ বিষয়ববীয়াৰ সৈতে পৰ্যালোচনা বৈঠকৰ আয়োজন কৰে

Posted On: 07 JUL 2020 7:12PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি এক ভিডিঅ' কনফাৰেন্সৰ মাধ্যমেৰে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, শক্তি, কয়লা, খনি আৰু আৱণিক শক্তি মন্ত্ৰালয়ৰ সচিব তথা এই মন্ত্ৰালয়সমূহক প্ৰতিনিধিত্ব কৰা ২৩টা চিপিএছইৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক(চিএমডি)ৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। অৰ্থনৈতিক বিকাশক গতি প্ৰদান কৰিবলৈ বিত্তমন্ত্ৰীয়ে বিভিন্ন অংশীদাৰসকলৰ সৈতে চলাই থকা এলানি বৈঠকৰ অংশস্বৰূপে এই পৰ্যালোচনা বৈঠকৰ আয়োজন কৰা হয়।

২০১৯-২০ বিত্তীয় বৰ্ষত ২৩টা চিপিএছইৰ বাবে ১,৬৪,৮২২ কোটিৰ পুঁজি ব্যয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল আৰু ১০১ শতাংশ সাফল্যৰে ১,৬৬,০২৯ কোটি পুঁজি ব্যয় কৰা হয়। ২০১৯-২০ বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰিমাসিকত পুঁজি ব্যয়ৰ সাফল্য আছিল ২৬,৩২০কোটি(১৬%) আৰু ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰিমাসিকত পুঁজি ব্যয়ৰ সাফল্য আছিল ২০,২০২ কোটি(১২%)। ২০২০-২১ৰ বাবে পুঁজি ব্যয়ৰ লক্ষ্য হল ১,৬৫,৫১০কোটি।

চিপিএছইৰ পাৰদৰ্শিতাৰ বুজ লৈ বিত্তমন্ত্ৰী সীতাৰমণে কয় যে ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ গতিক তৰান্বিত কৰাৰ ক্ষেত্ৰত চিপিএছইৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। চিপিএছই-এ যাতে লক্ষ্যত উপনীত হব পাৰে আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত যাতে সঠিকভাৱে মূলধন ব্যয় কৰিব পাৰে, তাৰ বাবে বিত্তমন্ত্ৰীগৰাকীয়ে চিপিএছইক উৎসাহিত কৰে। তেওঁ কয় যে চিপিএছইৰ উন্নত প্ৰদৰ্শনে দেশৰ অৰ্থনীতিক মহামাৰীৰ প্ৰভাৱৰ পৰা পুনৰ উদ্ধাৰ কৰাত সহায় কৰিব।

বিত্তমন্ত্ৰীয়ে সঠিক পুঁজি ব্যয় নিশ্চিত কৰিবলৈ চিপিএছইৰ প্ৰদৰ্শন পৰ্যবেক্ষণ কৰিবলৈ সচিবসকলক আহ্বান জনায়।

*****

RM/KMN/MS



(Release ID: 1637351) Visitor Counter : 101