স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

‘মহামাৰীয়ে আমাক স্তব্ধ কৰিবলৈ আমি এৰি দিব নোৱাৰো’; ক’ভিড-১৯ৰ প্ৰেক্ষাপটত স্বাস্থ্য সহযোগিতা সন্দৰ্ভত ছুইডেনৰ স্বাস্থ্যমন্ত্ৰীৰে ড০ হৰ্ষ বৰ্দ্ধনৰ দ্বিপাক্ষিক আলোচনা

Posted On: 07 JUL 2020 5:12PM by PIB Guwahati

ছুইডেনৰ স্বাস্থ্য আৰু সামাজিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰীমতী লেনা হেল্লেংগ্ৰেন-য়ে আজি ডিজিটেল মাধ্যমেৰে স্বাস্থ্য আৰু ঔষধ সম্পৰ্কীয় ক্ষেত্ৰত ভাৰতৰে দ্বিপাক্ষিক সহযোগিতা  সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনৰ সৈতে আলোচনাত মিলিত হয়।

দুয়োগৰাকী স্বাস্থ্যমন্ত্ৰীয়ে দেশ দুখনত কভিড-১৯ৰ প্ৰকোপ নিয়ন্ত্ৰণ কৰাৰ লগতে ৰোগবিধ প্ৰতিৰোধ কৰাৰ বাবে ভৱিষ্যতে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সন্দৰ্ভত বিস্তৃত আলোচনা কৰে। আলোচনা কালত শ্ৰীমতী হেল্লেংগ্ৰেন-য়ে বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যবাহী পৰিষদৰ অধ্যক্ষ নিৰ্বাচিত হোৱা বাবে ড০ হৰ্ষ বৰ্দ্ধনক অভিনন্দনো জ্ঞাপন কৰে। তেওঁ কভিড আক্ৰান্তৰ নমুনা পৰীক্ষণৰ হাৰ দিনে দিনে বৃদ্ধি কৰাৰ লগতে এই পৰীক্ষণৰ ভিত্তিত অধিকৰ পৰা অধিকতৰ সংখ্যক লোকৰ অনতিবিলম্ব চিকিত্সাৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা তত্পৰতাৰো ভূয়সী প্ৰশংসা কৰে।

ইফালে, ভাৰত-ছুইডেনৰ মাজৰ দশকজোৰা দ্বিপাক্ষিক সম্পৰ্কৰ কথা সুঁৱৰি ড০ বৰ্দ্ধনে বিগত সময়চোৱাত যুটীয়া কৰ্ম-গোটৰ ১০খনকৈ দ্বিপাক্ষিক সভা অনুষ্ঠিত হোৱা কথাই এই সম্পৰ্কৰ সাৰ্থকতাকে প্ৰতিপন্ন কৰিছে বুলি অনুভৱ প্ৰকাশ কৰে। প্ৰসংগক্ৰমে, তেওঁ ৫৫০নিযুত নাগৰিকক চিকিত্সা বীমাৰ নিশ্চয়তা প্ৰদানৰে ৰূপায়িত আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে লাভ কৰা সাফল্য, ২০২৫ চনৰ ভিতৰত যক্ষ্মা নিৰ্মূলৰ বাবে ভাৰতে নিৰ্দ্ধাৰণ কৰা লক্ষ্য তথা স্বাস্থ্যসেৱাৰ সৈতে তথ্য-প্ৰযুক্তিৰ সমন্বয় সাধনৰ জৰিয়তে দেশৰ স্বাস্থ্যসেৱাৰ উত্তৰণৰ বাবে ভাৰতে গ্ৰহণ কৰা পৰিকল্পনা সন্দৰ্ভতো আভাস দাঙি ধৰে।

আলোচনাৰ অন্তত স্বাস্থ্যমন্ত্ৰী ড০ বৰ্দ্ধনে শ্ৰীমতী হেল্লেনগ্ৰেন আৰু সামগ্ৰিকভাবে ছুইডেনবাসীৰ সু-স্বাস্থ্য কামনা কৰে।

****

MV/SG/KB



(Release ID: 1637350) Visitor Counter : 121