বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

কোভিড-১৯ৰে মোকাবিলা কৰিবলৈ বিএছআইপিয়ে উত্তৰ প্ৰদেশ চৰকাৰৰ সৈতে হাত মিলাইছে

Posted On: 07 JUL 2020 12:50PM by PIB Guwahati

ভাৰত চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সৈতে লগ হৈ কোভিডৰ প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ বাবে ধাৰাবাহিকভাৱে প্ৰচেষ্টা চলাই আছে। এই ধাৰাবাহিকতাৰ অংশ হিচাপে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (ডি এছ টি)ৰ জৰিয়তে লক্ষ্ণৌস্থিত স্বেচ্ছাসেৱী সংগঠন বীৰবল সাহনী পুৰাবিজ্ঞান সংস্থান (বি এছ আই পি)য়ে উত্তৰ প্ৰদেশত কোভিড-১৯ৰ বিৰুদ্ধে যুঁজত ৰাজ্য চৰকাৰৰ সৈতে হাত মিলাইছে। পাঁচটা কেন্দ্ৰীয় চৰকাৰী গৱেষণা প্ৰতিষ্ঠানৰ মাজৰ এটা হিচাপে বি এছ আই পিয়ে কোভিডৰ প্ৰয়োগশালাৰ অনুসন্ধানৰ বাবে প্ৰয়োগশালাৰ পৰীক্ষা আৰম্ভ কৰাৰ প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণ কৰিছে।

 

যথেষ্ট সময় আগৰে পৰা থকা পুৰণি ডি এন এ বি এছ এল-২এ প্ৰয়োগশালাৰ বাবে সংস্থানে ইয়াত কোভিড পৰীক্ষাৰ বাবে নিজক তাৎক্ষণিকভাৱে সাজু কৰি লয়।

 

বি এছ আই পিক ২ মে' ২০২০ত চন্দৌলি জিলাৰ পৰা পৰীক্ষাৰ বাবে কোভিডৰ সন্দেহজনক নমুনাৰ প্ৰথমটো খেপৰ অনুসন্ধানৰ বাবে লাভ কৰিছিল, তেতিয়াৰে পৰা প্ৰয়োগশালাত কোভিড নমুনাৰ অনুসন্ধানৰ কাম ২৪ ঘণ্টা চলি আছে। এই প্ৰয়োগশালাত নোডেল বিষয়াৰ দ্বাৰা থিৰাং কৰা নিৰ্দেশ অনুসৰি বিভিন্ন জিলাৰ পৰা নিতৌ প্ৰায় ৪০০ নমুনাৰ পৰীক্ষা কৰি থকা হৈছে।

 

এই প্ৰয়োগশালাত বৰ্তমানলৈকে ১২,০০০তকৈও অধিক নমুনাৰ পৰীক্ষা কৰা হৈছে, যাৰ মাজৰ পৰা প্ৰায় ৪০০+ নমুনা কোভিড পজিটিভ পোৱা গৈছে। সীমিত সঁজুলি আৰু কৰ্মশক্তি সত্ত্বেও বি এছ আই পিৰ তৰফৰ পৰা কৰি থকা এই প্ৰচেষ্টা প্ৰসংশনীয়।

 

সংস্থানৰ নিৰ্দেশক ড৹ বন্দনা প্ৰসাদৰ নেতৃত্বত, বি এছ আই পিয়ে কাৰ্য প্ৰনালী আৰু অধিক উন্নত কৰিবৰ বাবে সমৰ্পিত বৈজ্ঞানিকসকলৰ এটা টীম গঠন কৰিছে। বৈজ্ঞানিকৰ এই টীমত ড৹ অনুপম শৰ্মা, পৱন গোৱিল, কমলেশ কুমাৰ, শৈলেশ অগ্ৰৱাল, ৱিৱেশ বীৰ কাপুৰ, সন্তোষ পাণ্ডে আৰু নীৰজ ৰায় অন্তৰ্ভুক্ত আছে। ড৹ নীৰজ ৰায় কোভিড পৰীক্ষা প্ৰয়োগশালাৰ প্ৰভাৰী। জি এম চি, কনৌজৰ ড৹ অনুজ কুমাৰ ত্যাগী আৰু ড৹ সত্য প্ৰকাশ (মাইক্ৰ' বায়লজিষ্ট), ড৹ বৰুণ শৰ্মা, ড৹ ইন্দু শৰ্মা, নাগাৰ্জুন পি প্ৰশান্ত, হৰ্ষ আৰু ঋচাই পৰীক্ষাৰ পৰিণামবিলাকৰ বিশ্লেষণ আৰু ব্যাখ্যা কৰাত ড৹ নীৰজ ৰায়ক সম্পূৰ্ণ সহযোগিতা প্ৰদান কৰি আছে।

 

বি এছ আই পিৰ টীমে এনেদৰে কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত মহত্বপূৰ্ণ যোগদান দি আছে। গৱেষণা প্ৰতিষ্ঠানৰ লক্ষ্ণৌ ক্লাষ্টাৰক কোভিড-১৯ পৰীক্ষাৰ বিষয়ত অখিল ভাৰতীয় স্তৰত দ্বিতীয় স্থানত ৰখা হৈছে।

 

ডি এছ টিৰ সচিব আশুতোষ শৰ্মাই কৈছে, ''বি এছ আই পিত কোৰোনা ভাইৰাছৰ আৰ টি-পি চি আৰ পৰীক্ষা বিভিন্ন বাধা সত্ত্বেও অসাধাৰণ গতি আৰু দক্ষতাৰে কৰিব পৰাটো, উপলব্ধ সংসাধনৰ পুনৰ ব্যৱহাৰ কৰাৰ এটা সুন্দৰ উদাহৰণ। আৰোপিত উদ্দেশ্য সাধনৰ বাবে সংস্থানৰ এই সংকল্পবদ্ধতা, দৃঢ়তা আৰু ধৈৰ্য প্ৰসংশনীয়।''

*******

 

নমুনাৰ অস্থায়ী সংগ্ৰহৰ স্থান, কৰিডৰ আৰু পৰীক্ষা প্ৰয়োগশালাৰ ফটো

******

 

NB/KGS/(DST)



(Release ID: 1637106) Visitor Counter : 142