বিত্ত মন্ত্ৰালয়

ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠানসমূহৰ জৰুৰীকালীন সকাহ কাৰ্যক্ৰম পৰিচলনা কৰিব পৰাকৈ ভাৰত চৰকাৰ আৰু বিশ্ব বেংকৰ মাজত স্বক্ষৰিত হ’ল ৭৫০ নিযুত মাৰ্কিন ডলাৰ পৰিমাণৰ চুক্তি

Posted On: 06 JUL 2020 4:19PM by PIB Guwahati

ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা অনাহূত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শোচনীয় ভাবে ক্ষতিগ্ৰস্ত হোৱা দেশৰ ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠানসমূহৰ জৰুৰীকালীন সকাহ কাৰ্যক্ৰম পৰিচলনা কৰিব পৰাকৈ ৭৫০ নিযুত মাৰ্কিন ডলাৰ পৰিমাণৰ বিত্তীয় সহযোগিতা সম্পৰ্কীয় এখন চুক্তি আজি বিশ্ব বেংক আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰিত হয়।

বিশ্ব বেংকৰ এমএছএমই ইমাৰ্জেন্সী ৰেছপন্ছ কাৰ্যক্ৰমৰ অংশ হিচাপে আগবঢ়াবলগীয়া এই সহযোগিতা পুঁজিয়ে দেশৰ শেহতীয়া পৰিস্থিতিত সন্মুখীন হবলগীয়া হোৱা ক্ষতিৰ পৰা ১.৫ নিযুত ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগসমূহক সকাহ দিয়াৰ লগতে বহু লক্ষ লক্ষ কৰ্মচাৰীৰ চাকৰি সুৰক্ষিত ৰাখিব। এই পদক্ষেপক ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডক পুনৰুজ্জীৱিত কৰি তোলাৰ বাবে প্ৰয়োজন হোৱা ব্যাপক কাৰ্যক্ৰমৰ প্ৰথমটো প্ৰয়াস বুলি গণ্য কৰা হৈছে।

চুক্তিখনত ভাৰত চৰকাৰৰ হৈ স্বাক্ষৰ দান কৰিছে অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব শ্ৰী সমীৰ কুমাৰ খাৰে আৰু বিশ্ব বেংকক প্ৰতিনিধিত্ব কৰি স্বাক্ষৰ দান কৰিছে বেংকটোৰ ভাৰতস্থ সঞ্চালক শ্ৰী জুনেইড আহমদে।

এই সন্দৰ্ভত মন্তব্য কৰি শ্ৰী খাৰেই কয় যে কভিড-১৯ মহামাৰীয়ে এমএছএমই খণ্ডক বাৰুকৈয়ে মাধমাৰ শোধালে। এনে পৰিস্থিতিত বহুসংখ্যক লোকে জীৱিকা আৰু চাকৰি হেৰুৱাৰ পৰিস্থিতি সৃষ্টি হৈছিল। পিচে, এই প্ৰকল্পই দেশৰ অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠানসমূহক সহযোগিতা আগবঢ়োৱাৰ লগতে বেংকসমূহক বৰ্তী থাকিব পৰা ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠানসমূহক সহযোগিতা আগবঢ়োৱাৰ বাবে চৰকাৰে গ্ৰহণ কৰা লক্ষ্যত উপনীত হব পৰাকৈ সহযোগিতা আগবঢ়াব।

 

****

RM/KMN/KB



(Release ID: 1636991) Visitor Counter : 237