গৃহ মন্ত্ৰালয়

২৫০খন আইচিইউ বিছনাসহ ১,০০০খন বিছনাযুক্ত চৰ্দাৰ বল্লভভাই পেটেল ক’ভিড-১৯ হাস্পতাল পৰিদৰ্শন কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই সংকটকালত দিল্লীবাসীক সহায় কৰিবলৈ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ আৰু এই ক’ভিড হাস্পতালে সেই সংকল্পকে পুনৰবাৰ প্ৰতিফলিত কৰিছে

ক’ভিড-১৯ক পৰাজয় কৰাৰ মনোবল আৰু আৰোগ্য হোৱাৰ লগতে যথাসম্ভৱ জনসাধাৰণৰ প্ৰাণ ৰক্ষা কৰাটোৰ প্ৰতি লক্ষ্য ৰাখি এই হাস্পতালখন মাত্ৰ ১২ দিনত সম্পূৰ্ণ কৰা হৈছে

Posted On: 05 JUL 2020 7:33PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে আজি দিল্লী কেণ্টনমেণ্টত ২৫০খন আইচিইউ বিছনাসহ ১,০০০খন বিছনাযুক্ত চৰ্দাৰ বল্লভভাই পেটেল ক’ভিড-১৯ হাস্পতাল পৰিদৰ্শন কৰে৷ এইটোৱে জলতাৰ কল্যানৰ ক্ষেত্ৰত মোদী চৰকাৰৰ প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে৷ ক’ভিড-১৯ক পৰাজয় কৰাৰ মনোবল আৰু আৰোগ্য হোৱাৰ লগতে যথাসম্ভৱ জনসাধাৰণৰ প্ৰাণ ৰক্ষা কৰাটোৰ প্ৰতি লক্ষ্য ৰাখি এই হাস্পতালখন ডিআৰডিঅ’, গৃহ পৰিক্ৰমা মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়, সেনা বাহিনী আৰু টাটা ছনছে মাত্ৰ ১২ দিনতে নিৰ্মাণ সম্পূৰ্ণ কৰিছে৷

এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই সংকটকালত দিল্লীবাসীক সহায় কৰিবলৈ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ আৰু এই ক’ভিড হাস্পতালে সেই সংকল্পকে পুনৰবাৰ প্ৰতিফলিত কৰিছে৷ তেওঁ কয়, মই ডিআৰডিঅ’, টাটাছ আৰু আমাৰ সেনা বাহিনীৰ চিকিসা কৰ্মীসকলক ধন্যবাদ জনাইছো, যিসকলে এই জৰুৰী অৱস্থা নিয়ন্ত্ৰণ কৰাৰ বাবে সহায় কৰিছে৷

 

পৰিদৰ্শনকালত কেন্দ্ৰীয় গৃহমন্ত্ৰী ড০ হৰ্ষ বৰ্ধন, গৃহৰাজ্য মন্ত্ৰী শ্ৰী জি. কিষাণ ৰেড্ডি, দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰী অৰৱিন্দ কেজৰিৱাল আৰু ডিআৰডিঅ’ৰ অধ্যক্ষ শ্ৰী জি. সতীশ ৰেড্ডিও উপস্থিত থাকে৷

 

দেশৰ ৰাজধানী দিল্লীত বর্তমান ক’ভিড-১৯ৰ সংক্ৰমণ দ্রুতহাৰত বৃদ্ধি পাইছে৷ এই জৰুৰী পৰিস্থিতিত ক’ভিড-১৯ৰ সংক্ৰমিতসকলৰ বাবে হাস্পতালত বিছনাৰ সংখ্যা বৃদ্ধিৰ বিষয়ত কেন্দ্রীয় গৃহ মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ক আলোচনাৰ পাছত ডিআৰডিঅ’ক এই ১,০০০ খন বিছনাযুক্ত হাস্পতাল নিৰ্মাণৰ দায়িত্ব দিয়া হয়৷

চিকিসালয় নিৰ্মাণ কাৰ্য যুদ্ধকালীন পৰতাৰে কৰা হৈছে৷ নতুন দিল্লীৰ আন্তঃদেশীয় বিমানবন্দৰৰ ১নং টার্মিনালৰ ওচৰত ভাৰতীয় বায়ুসেনাৰ এডোখৰ ভূমি চিহ্নিত কৰা হয়। বায়ু সেনাই অনুমতি প্ৰদান কৰাৰ পাছত ডিআৰডিঅ’ই ২৩ জুনত এই চিকিসালয় নিৰ্মাণৰ কাম আৰম্ভ কৰে৷

সেনা বাহিনীৰ চিকিসা বিভাগৰ চিকিসক নাৰ্ছ তথা স্বাস্থ্যকর্মীসকলে এই চিকিসালয়খন পৰিচালনা কৰিব৷ ডিআৰডিঅ’ই চিকিসালয়ৰ আন্তঃগাঁথনিৰ ব্যৱস্থাপনাৰ দায়িত্বত আছে। চিকিসালয়ত যিসকল সংক্ৰমিত ব্যক্তি ভর্তি হ’ব, তেওঁলোকৰ মনস্তাত্ত্বিক দিশটোও ডিআৰডিঅ’ৰ এটা দলে চোৱা-চিতা কৰিব৷

জিলা প্ৰশাসনে যিসসকল ক’ভিড-১৯ সংক্ৰমিত ব্যক্তিক ইয়ালৈ প্ৰেৰণ কৰিব তেওঁলোক বিনামূলীয়াকৈ চিকিসা কৰা হ’ব। অল ইণ্ডিয়া ইনষ্টিটিউট অফ্ মেডিকেল ছায়েন্সেছলৈ গুৰুতৰভাৱে আক্রান্তসকলক উন্নত চিকিসাৰ বাবে প্ৰেৰণ কৰা হ’ব৷

টাটা ছনছে এই প্ৰকল্পত পূঁজি যোগান ধৰিছে। ভাৰত ইলেক্ট্ৰ’নিক্স্ লিমিটেড, ভাৰত ডায়নামিক্স্ লিমিটেড, এষ্টৰ মাইক্রোৱেভ প্ৰডাক্টছ লিমিটেড, শ্রী ভেংকটেশ্বৰা ইঞ্জিনিয়াৰ্ছ, ব্রাহ্মোছ প্রাইভেট লিমিটেড, ভাৰত ফোর্জ তথা ডিআৰডিঅ’ৰ কর্মীসকলে স্বেচ্ছামুলকভাৱে তেওঁলোকৰ এদিনৰ দৰমহা এই চিকিসালয়ৰ বাবে দান কৰিছে৷

২৫ হাজাৰ বর্গ মিটাৰ এলেকা জুৰি এই চিকিসালয়ত শীতাতপ নিয়ন্ত্রিত চিকিসা ব্যস্থাপনা কৰা হৈছে। চিকিসালয়ৰ রোগীসকল তথা চিকিসকসকলক সম্পূর্ণ পৃথকে থকাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি, ইয়াত চিকিসাৰ অন্যান্য অত্যাধুনিক সা-সুবিধা কৰা হৈছে৷ চিকিসালয়খনত আজিৰে পৰা চিকিসা  সেৱা আৰম্ভ কৰা হৈছে৷ এই হাস্পতালখনে দিল্লীত ১১% ক’ভিড-১৯ ৰোগীৰ বিছনা সংযোগ কৰিলে৷

 

*****

 

NW/RK/PK/DDD/AD/DB



(Release ID: 1636785) Visitor Counter : 202