কৃষি মন্ত্ৰালয়

কাকতি ফৰিং নিয়ন্ত্ৰণমুলক কাম-কাজত নতুন গতি প্ৰদান কৰা হৈছে-ৰাজস্থানৰ জয়ছালমেৰ জিলাৰ ৬৫ আৰডি বান্দ্ৰা এলেকাত এখন বেল হেলিকপ্টাৰেৰে প্ৰথমবাৰলৈ ৰাসায়নিক পদাৰ্থ চতিওৱাৰ কাম আৰম্ভ কৰা হৈছে

১১ এপ্ৰিল, ২০২০ৰ পৰা ৰাজস্থান, মধ্যপ্ৰদেশ, পাঞ্জাৱ, গুজৰাট, উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, চত্তীশগড়, হাৰিয়ানা আৰু বিহাৰৰ ২.৫লাখ হেক্টৰত কাকতি ফৰিং নিয়ন্ত্ৰণৰ কাম কৰা হৈছে

Posted On: 05 JUL 2020 2:45PM by PIB Guwahati

কাকতি ফৰিঙে শস্য নষ্ট কৰাৰ পৰা ৰক্ষা কাম অব্যাহত ৰখা হৈছে৷ কালি এই কাম-কাজত নতুন গতি প্ৰদান কৰা হৈছে৷ সেই হিচাপে ৰাজস্থানৰ জয়ছালমেৰ জিলাৰ ৬৫ আৰডি বান্দ্ৰা এলেকাত এখন বেল হেলিকপ্টাৰেৰে প্ৰথমবাৰলৈ ৰাসায়নিক পদাৰ্থ চতিওৱাৰ কাম আৰম্ভ কৰা হৈছে৷

১১ এপ্ৰিল, ২০২০ৰ পৰা ৩ জুলাইলৈ ৰাজস্থান, মধ্যপ্ৰদেশ, পাঞ্জাৱ, গুজৰাট, উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, চত্তীশগড়, হাৰিয়ানা আৰু বিহাৰৰ ১,৩৫,২০৭ হেক্টৰত কৃষিভূমিত কাকতি ফৰিং চক্ৰ বিষয়াৰ দ্বাৰা নিয়ন্ত্ৰণমুলক কাম-কাজ সম্পন্ন কৰা হৈছে৷ ইফালে সংশ্লিষ্ট ৰাজ্যসমূহৰ চৰকাৰসমূহেও ইতিমধ্যে ১,১৩,২১৫.৫ হেক্টৰ এলেকাত এই নিয়ন্ত্ৰণমূলক কাৰ্যসূচী হাতত লোৱা হৈছে৷

৩ আৰু ৪ জুলাইত ৰাজস্থানৰ ৬খন জিলা ক্ৰমে-জয়ছালমেৰ, বাৰ্মেৰ, বিকানেৰ, যোধপুৰ, নগৌৰ আৰু দৌছা আৰু উত্তৰপ্ৰদেশৰ ২খন জিলাত স্থানীয় প্ৰশাসনৰ সহযোগিতাত ২৫টা স্থানত নিশাৰভাগত কাকতি ফৰিং নিয়ন্ত্ৰণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। তদুপৰি, উত্তৰপ্ৰদেশৰ কৃষি বিভাগে ঝান্সি জিলাত ৪টা স্থানত কাকতি ফৰিং নিয়ন্ত্ৰণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। বিভাগীয় কর্মীসকলে সৰু সৰু ভাগত বিভক্ত হৈ কাকতি ফৰিং দমনত নিৰন্তৰ কাম কৰি আহিছে৷

গুজৰাট, উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ছত্তিশগড়, বিহাৰ আৰু হৰিয়ানাৰ পৰা ব্যাপক হাৰত শস্য নষ্টৰ খবৰ পোৱা নাই৷ অৱশ্যে, ৰাজস্থানৰ কয়েকটি জিলাত গৌণ কিছু ফসলেৰ ক্ষয়ক্ষতিৰ খবৰ পোৱা গৈছে৷ পাতলীয়া গোলাপী ৰঙৰ অপৈণত সৰু সৰু কাকতি ফৰিং আৰু হালধীয়া ৰঙৰ পৈণত কাকতি ফৰিং ৰাজস্থানৰ -৭খন জিলা আৰু উত্তৰপ্ৰদেশৰ দুখন জিলাত সক্রিয় হৈ আছে৷

বর্তমান ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ আৰু উত্তৰপ্ৰদেশত কাকতি ফৰিঙৰ ওপৰত ৰাসায়নিক পদাৰ্থ চতিওৱাৰ জন্য ৬০টা দল জড়িত কৰা হৈছে। তদুপৰি, কাকতি ফৰিং নিয়ন্ত্ৰণ অভিযানত ২০০ জনতকৈও অধিক কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীক কামত লগোৱা হৈছে। কাকতি ফৰিং নিয়ন্ত্ৰণ অভিযানত ৰাজস্থানৰ বিভিন্ন জিলাত দ্রোন কামত লগোৱা হৈছে৷ দ্রোনসমূহৰ সহায়ত কাকতি ফৰিঙৰ গতিবিধিৰ ওপৰত নিৰীক্ষণ কৰা হৈছে৷ ভাৰত বিশ্বৰ প্ৰথমখন দেশ, য’ত কাকতি ফৰিং নিয়ন্ত্ৰণত দ্রোন ব্যৱহাৰ কৰা হৈছে৷

 

*****

APS/SG/DB



(Release ID: 1636756) Visitor Counter : 189