গৃহ মন্ত্ৰালয়

দেশৰ গুৰুত্বপূৰ্ণ বান-অধ্যুষিত অৱবাবাহিকাসমূহত মৌচুমী প্ৰবাহ আৰু বান পৰিস্থিতি চম্ভালিবলৈ কৰা প্ৰস্তুতি সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বৈঠকত সমীক্ষা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

বান প্ৰশমণ, জীৱন আৰু সা-সম্পত্তিৰ ক্ষয়-ক্ষতি সীমিত কৰিব পৰা সু-পৰিকল্পিত আঁচনি যুগুতাবলৈ বিষয়া-বৰ্গক নিৰ্দেশ গৃহ মন্ত্ৰীৰ

বিহাৰ, উত্তৰ প্ৰদেশ আৰু উত্তৰ পূৰ্বাঞ্চলৰ দৰে বানপীড়িত ৰাজ্যসমূহৰ বাবে বান সমস্যাৰ স্থায়ী সমাধান বিচৰাৰ আহ্বান

प्रविष्टि तिथि: 03 JUL 2020 8:02PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি এক উচ্চ পৰ্যায়ৰ আলোচনা সভাত দেশৰ গুৰুত্বপূৰ্ণ বান-অধ্যুষিত অৱবাবাহিকাসমূহত মৌচুমী-প্ৰবাহ আৰু বান পৰিস্থিতি চম্ভালিবলৈ কৰা প্ৰস্তুতি সন্দৰ্ভত বিস্তৃত সমীক্ষা কৰে।

আলোচনা কালত, মন্ত্ৰীগৰাকীয়ে, বানৰ প্ৰকোপ সীমিত কৰিব পৰা, নাগৰিকসকলৰ জীৱন আৰু সা-সম্পত্তিৰ ক্ষয়-ক্ষতি কম কৰিব পৰা সু-পৰিকল্পিত আঁচনি যুগুতাই উলিয়াবলৈ বিষয়া-বৰ্গক নিৰ্দেশ দিয়ে।https://static.pib.gov.in/WriteReadData/userfiles/image/image00140PA.jpg

 

দেশৰ বন্যাক্ৰান্ত অঞ্চলসমূহত বানৰ আগলি বতৰা দিব পৰা আৰু নৈসমূহৰ জলস্তৰৰ উথ্থান সম্পৰ্কীয় তথ্য সৰবাৰাহ কৰাৰ ক্ষেত্ৰত এক সমন্বিত স্থায়ী ব্যৱস্থা গঢ়ি তোলাৰ বাবে পদক্ষেপ গ্ৰহণত বিশেষ গুৰুত্ব প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।

ইফালে, বিহাৰ, উত্তৰ প্ৰদেশ আৰু উত্তৰ পূৰ্বাঞ্চলৰ দৰে বানপীড়িত ৰাজ্যসমূহৰ বাবে বান সমস্যাৰ স্থায়ী সমাধান বিচৰাৰ আহ্বান জনায় মন্ত্ৰী শ্বাহে।

তেওঁ দেশৰ বান প্ৰতিৰোধ কৰিব পৰাকৈ সময় থাকোতেই জলাধাৰসমূহৰ পৰা পানী এৰি দিয়াৰ বাবে গুৰুত্বপূৰ্ণ বান্ধসমূহৰ প্ৰকৃত জল-ধাৰণ ক্ষমতাৰ পুনৰীক্ষণ কৰাৰ লগতে এই সম্পৰ্কীয় তথ্যাৱলীৰ সমীক্ষা কৰিবলৈ জল শক্তি মন্ত্ৰালয় আৰু কেন্দ্ৰীয় জল আয়োগক নিৰ্দেশ দিয়ে।

ইফালে, জল সম্পদ বিভাগৰ সচিবগৰাকীয়ে দেশৰ ভিন্ন প্ৰান্তত সৃষ্টি হোৱা বান পৰিস্থিতি সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰে। তেওঁ দেশৰ গুৰুত্বপূৰ্ণ বান্ধ, জলাধাৰসমূহৰ লগতে নেপালত চলি থকা প্ৰকল্পসমূহৰো শেহতীয়া তথ্য আগবঢ়ায়।

গংগা আৰু ব্ৰহ্মপুত্ৰ আৱবাহিকাৰ অসম, বিহাৰ, উত্তৰ প্ৰদেশ, আৰু পশ্চিম বংগৰ মুঠ ৪০ নিযুত হেক্টৰ ভূমি শেহতীয়া বানত প্লাৱিত হৈছে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image0026CNL.jpg

 

আলোচনা সভাত গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ৰ লগতে সংশ্লিষ্ট মন্ত্ৰালয় আৰু সংস্থাসমূহৰ জ্যেষ্ঠ বিষয়া-বৰ্গই অংশগ্ৰহণ কৰে।

*****

NW/RK/PK/DDD/AD/KB


(रिलीज़ आईडी: 1636520) आगंतुक पटल : 186
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Tamil