বিত্ত মন্ত্ৰালয়

চভৰেন গ’ল্ড ব’ণ্ড যোজনা ২০২০-২১ (শৃংখল IV)- মূল্য নিৰ্ধাৰণ

Posted On: 04 JUL 2020 12:32PM by PIB Guwahati

ভাৰত চৰকাৰৰ ১৩ এপ্ৰিল, ২০২০ ৰ অধিসূচনা (নং: F.No.4(4)-B/(W&M)/2020) মৰ্মে, ১৪ জুলাই, ২০২০ নিষ্পত্তিৰ তাৰিখৰ সৈতে ৬-১০ জুলাই, ২০২০ সময়ছোৱাৰ কাৰণে চভৰেন গ’ল্ড ব’ণ্ড ২০২০-২১ (শৃংখল IV) মুকলি থাকিব। উল্লেখিত চাবচক্ৰিপশ্যনৰ সময়ছোৱাত এই ব’ণ্ডৰ নিৰ্ধাৰিত মূল্য হ’ব প্ৰতি গ্ৰামত ৪,৮৫২ টকা (চাৰি হাজাৰ আঠশ বাৱন্ন টকা মাত্ৰ), ০৩ জুলাই, ২০২০ ত আৰবিআয়ে প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তিটো এই মূল্যৰ কথা উল্লেখ কৰা হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে আলোচনা মৰ্মে ভাৰত চৰকাৰে অনলাইনৰ জৰিয়তে আবেদন আৰু ডিজিটেল মাধ্যমৰেই ধনৰাশি পৰিশোধ কৰা বিনিয়োগকাৰীসকলক নিৰ্ধাৰিত মূল্যৰপৰা প্ৰতি গ্ৰামত ৫০ টকা (পঞ্চাশ টকা মাত্ৰ)কৈ ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এনে বিনিয়োগকাৰীসকলৰ কাৰণে গ’ল্ড ব’ণ্ডৰ নিৰ্ধাৰিত মূল্য হ’ব প্ৰতি গ্ৰাম সোণত ৪,৮০২ টকা (চাৰি হাজাৰ আঠশ দুটকা মাত্ৰ)।

***

RM/KMN/SB



(Release ID: 1636353) Visitor Counter : 178