প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৪ জুলাই, ২০২০ ত ধৰ্ম চক্ৰ দিৱস/আষাঢ় পূৰ্ণিমাৰ কাৰ্যসূচীত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 03 JUL 2020 5:09PM by PIB Guwahati

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ কনফেডাৰেশ্যনে (আইবিচি) ৪ জুলাই, ২০২০ ত আষাঢ়ৰ পূৰ্ণিমাটো ধৰ্ম চক্ৰ দিৱস হিচাপে পালন কৰিব। এই দিনটোৰ তাৎপৰ্য এয়ে যে এই দিনটোতেই বুদ্ধই এতিয়াৰ উত্তৰ প্ৰদেশৰ বাৰানসীৰ সমীপৱৰ্তী সাৰনাথ আৰু তেতিয়াৰ ৰুপীপাটনৰ ডীৰ পাৰ্কত তেওঁৰ প্ৰথম পাঁচগৰাকী তপস্বী শিষ্যক প্ৰথমবাৰলৈ ধৰ্মোপদেশ প্ৰদান কৰিছিল। এই দিৱসটো সমগ্ৰ বিশ্বৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে ধৰ্ম চক্ৰ প্ৰৱৰ্তন বা ধৰ্মৰ চক্ৰৰ আবৰ্তনৰ দিন হিচাপে উদযাপন কৰে। এই দিনটো বৌদ্ধ আৰু হিন্দু উভয় ধৰ্মৰ লোকসকলে তেওঁলোকৰ গুৰুলৈ প্ৰণিপাত জনোৱাৰ অৰ্থে গুৰু পূৰ্ণিমা হিচাপেও যথা-ৰীতি অনুসৰি পালন কৰে।

বুদ্ধৰ জ্ঞানদান, তেওঁৰ ধৰ্মৰ চক্ৰৰ বিবৰ্তন আৰু মহাপৰিনিৰ্বাণৰ ভূমি হিচাপে ভাৰতৰ ঐতিহাসিক উত্তৰাধিকাৰৰ পৰিপ্ৰেক্ষিতত, ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোবিন্দই ৰাষ্ট্ৰপতি ভৱনৰপৰা এই ধৰ্ম চক্ৰ দিৱসৰ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে এই দিৱসৰ সৈতে সংগতি ৰাখি ভগৱান বুদ্ধৰ শান্তি আৰু ন্যায়ৰ মাগদৰ্শন আৰু সংবেদনশীল প্ৰাণীৰ দুৰ্ভোগ অতিক্ৰম কৰিবলৈ তেওঁ দেখুৱাই থৈ যোৱা আঠটা অষ্টাঙ্গিক মাৰ্গ সন্দৰ্ভত ভিডিঅযোগে ভাষণ প্ৰদান কৰিব। এই উদ্বোধনী অনুষ্ঠানটিত সাংস্কৃতিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ পেটেল আৰু সংখ্যালঘু পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱেও ভাষণ প্ৰদান কৰিব। মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ এটি বিশেষ ভাষণো ইয়াত পাঠ কৰা হব আৰু কেইবাশতিকাধৰি মংগোলিয়াত সংৰক্ষিত অৱস্থাত থকা ভাৰতীয় মূলৰ এখনি মূল্যৱান বৌদ্ধধৰ্মীয় পুথি ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰা হব।

এই দিনটোৰ আন আন কাৰ্যসূচীসমূহৰ ভিতৰত সাৰনাথ আৰু বুদ্ধ গয়াৰপৰা বিশ্বৰ ভিন্ন প্ৰান্তৰ শীৰ্ষ বৌদ্ধ ধৰ্মীয় নেতা, গুৰু আৰু পণ্ডিতসকলৰ বাৰ্তা প্ৰচাৰ কৰা হব।

ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত, এই বৰ্ষৰে ৭ মেত অতিশয় সফলপূৰ্ণ ভাৰ্চুৱেল বৈশাখ (বুদ্ধ পূৰ্ণিমা)ৰ দৰে এই সমগ্ৰ কাৰ্যসূচীও ভাৰ্চুৱেল ধৰণৰেই উদযাপন কৰা হব। ৪ জুলাইত অনুষ্ঠিত হবলগীয়া এই কাৰ্যসূচী লাইভ ৱেবকাষ্টৰ জৰিয়তে বিশ্বজুৰি থকা প্ৰায় ৩০ লাখ ভক্তই প্ৰত্যক্ষ কৰিব বুলি আশা কৰা হৈছে।

*****

VRRK/AK/SB



(Release ID: 1636275) Visitor Counter : 147