প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে টেলিফোনিক বাৰ্তালাপ

Posted On: 02 JUL 2020 3:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ জুলাই ২০২০ তাৰিখে ৰাছিয়াৰ প্ৰধানমন্ত্ৰী ভ্লাডিমিৰ পুটিনৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিনক দ্বিতীয় বিশ্বযুদ্ধৰ জয়ৰ ৭৫তম বৰ্ষজয়ন্তী উপলক্ষে তথা ৰাছিয়াৰ সাংবিধানিক সংশোধনীৰ সফল ভোটদানৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে ২৪ জুন ২০২০ তাৰিখে মস্কোত অনুষ্ঠিত হোৱা মিলিটেৰী পেৰেডৰ ভাৰতীয় বাহিনীৰ অংশগ্ৰহণৰ বিষয়ে উল্লেখ কৰে আৰু ইয়াৰ দ্বাৰা ভাৰত তথা ৰাছিয়াৰ বন্ধুত্ব সুদৃঢ় হোৱা বুলি মন্তব্য কৰে৷

দুয়োগৰাকী নেতাই নিজৰ নিজৰ দেশত ক’ভিড-১৯ৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰাৰ লগতে ক’ভিড-১৯ৰ পিছৰ পৰ্যায়তো ভাৰত-ৰাছিয়াৰ যৌথ মোকাবিলা অব্যাহত থাকিব বুলি সহমত প্ৰকাশ কৰে৷

এই বৰ্ষৰ শেষলৈ অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক দ্বিপাক্ষিক সন্মিলনত দ্বিপাক্ষিক চুক্তিসমূহৰ প্ৰণয়ন অব্যাহত থাকিব বুলি দুয়োগৰাকী নেতাই মন্তব্য কৰে৷ এই দ্বিপাক্ষিক সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিনক ভাৰতলৈ স্বাগতম জনায়৷

এই টেলিফোনিক বাৰ্তালাপৰ বাবে ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু সকলো ক্ষেত্ৰত দুয়োখন দেশৰ মাজত কৌশলগত সহযোগিতা শক্তিশালী হৈ থাকিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷


 

***

VRRK/VJ/MANN



(Release ID: 1636102) Visitor Counter : 218