বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ ৰ পৰীক্ষাৰ অৰ্থে এডভান্স ভাইৰ’ল’জী লেব স্থাপন NBRI ৰ

Posted On: 30 JUN 2020 12:28PM by PIB Guwahati

লক্ষ্ণৌস্থিত ৰাষ্ট্ৰীয় বনস্পতি গৱেষণা প্ৰতিষ্ঠান (NBRI)এ ক’ভিড-১৯ৰ পৰীক্ষাৰ কাৰণে এটা “এডভান্স ভাইৰ’ল’জী লেব” স্থাপন কৰিছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR), বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ নীতি-নিৰ্দেশনাৰ ভিত্তিত এই সুবিধাৰ ব্যৱস্থা কৰা হৈছে।

ই হৈছে ৩ টা পৰ্যায়ৰ বাঅ’ ছেফটি লেভেল (BSL)ৰ সুবিধা। “এটা সুবিধাৰ সৈতে কিমান পৰিমাণৰ পেথ’জেন সংমিশ্ৰিত হৈ আছে তাৰ ওপৰত ভিত্তি কৰি বাঅ’ ছেফটি লেভেল আৰোপ কৰা হয়। আইচিএমআৰৰ নীতি-নিৰ্দেশনা অনুসৰি, ক’ভিড-১৯ৰ কাৰণে BSL2 পৰ্যায়ৰ সুবিধাৰ পৰামৰ্শ প্ৰদান কৰা হয় কিন্তু ই এটা উন্নত সংস্কৰণ।” এনবিআৰআইৰ জ্যেষ্ঠ প্ৰধান বিজ্ঞানী ডাঃ সমীৰ স্বাৱন্তই কয়। এই উন্নত সংস্কৰণৰ এটা “ঋণাত্মক চাপ” আছে, যাৰ অৰ্থ হ’ল ইয়াৰ আছে এটা শোষণ ক্ষমতা যিয়ে যিকোনো এৰ’জেল শোষণ আৰু ফিল্টাৰৰ জৰিয়তে ইয়াক বাহিৰলৈ উলিয়াই দিব পাৰে। ই ভাইৰাছ বা বেক্টেৰিয়াক ফিল্টাৰ কৰিব পাৰে কাৰণেই ক’ভিড-১৯ৰ সুৰক্ষিত পৰীক্ষাৰ অৰ্থে ইয়াক এটা সুবিধা হিচাপে গণ্য কৰা হৈছে। ই কালচাৰিং সুবিধাসমূহত সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰে।

http://pibphoto.nic.in/documents/rlink/2020/jun/i202063001.gif

এডভান্স ভাইৰজী লেবৰ উদ্বোধন

এনবিআৰআইৰ সঞ্চালক অধ্যাপক এছ কে বাৰিকে কয় যে এই সুবিধাই উত্তৰ প্ৰদেশ (ইউপি)ৰ পৰীক্ষণৰ সামৰ্থ্য বৃদ্ধি কৰিব। বৰ্তমানে, ইউপিয়ে প্ৰতিদিনে প্ৰায় ২০,০০০ নমুনা পৰীক্ষা কৰি আছে।

“প্ৰট’কল অনুসৰণ কৰি, আমি প্ৰথম সপ্তাহটোত এদিনত ১০০ টাকৈ নমুনা পৰীক্ষা আৰম্ভ কৰিম আৰু পৰৱৰ্তী সময়ত আমি ইয়াক এদিনত ৫০০ টা নমুনালৈ বৃদ্ধি কৰিম” ডাঃ স্বাৱন্তই কয়।

“উত্তৰ প্ৰদেশ চৰকাৰৰ শীৰ্ষ কৰ্তৃপক্ষ আৰু বিজ্ঞান আৰু উদ্যোগিক গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান (DG-CSIR) ৰ অনুৰোধ ৰক্ষা কৰি, এনবিআৰআই এ ক’ৰোনা ভাইৰাছ মহামাৰীৰ জটিল সময়ছোৱাত উত্তৰ প্ৰদেশৰ জনসাধাৰণক সেৱা কৰাৰ অংশ হিচাপে তথা পৰীক্ষণৰ সুবিধা বৃদ্ধি কৰাৰ নিমিত্তে এই ব্যৱস্থা গ্ৰহণ কৰিছিল” অধ্যাপক বাৰিকে কয়। অধ্যাপক বাৰিকে লগতে অৱগত কৰে যে লক্ষ্ণৌৰ চেন্ট্ৰেল ইনষ্টিটিউট অৱ মেডিচিনেল এণ্ড এৰ’মেটিক প্লান্ট (CIMAP)ৰ বিজ্ঞানী আৰু গৱেষকসকলৰ এটা দলেও ক’ভিড-১৯ৰ নমুনা পৰীক্ষাৰ কাৰণে এনবিআৰআইৰ দলৰ সৈতে চামিল হ’ব।

*****

NB/KGS/(India Science Wire)/SB



(Release ID: 1635630) Visitor Counter : 174